জীয়েকৰ মৰ্মান্তিক মৃত্যুৰ পাঁচটা বছৰত কান্তা ভিসেৰ অন্তৰত জ্বলি থকা ক্ষোভৰ জুইকুৰাই তেওঁক কথা ক’বলৈ অধিক দৃঢ়মনা কৰিছে। কান্তাৰ জীয়েক মোহিনীয়ে ২০১৬ৰ ২০ জানুৱাৰীত আত্মহত্যা কৰে। কান্তাই কয়ে যে “আমাৰ দৰিদ্ৰতাই মোৰ ছোৱালীজনীৰ জীৱন কাঢ়ি নিলে।”
মৃত্যুৰ সময়ত ১৮ বছৰ বয়সৰ মোহিনী দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আছিল। মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ ভিসে ৱাঘ’লি গাঁৱৰ ৪২ বছৰীয়া কান্তাই কয়, “দ্বাদশ শ্ৰেণীৰ পিছত তাইক আৰু পঢ়োৱাটো আমাৰ বাবে সম্ভৱপৰ নাছিল। সেয়েহে আমি তাইৰ বাবে উপযুক্ত দৰাৰ সন্ধান কৰিবলৈ ল’লো।”
বিয়া মানে সাংঘাতিক খৰচ, কান্তা আৰু তেওঁৰ ৪৫ বছৰীয়া স্বামী পাণ্ডুৰংগ চিন্তাত পৰে। “মই আৰু মোৰ স্বামীয়ে খেতি পথাৰত মজদুৰৰ কাম কৰো। আমাৰ এনে লাগিছিল যেন মোহিনীৰ বিয়াৰ বাবে প্ৰয়োজন হোৱা ধন গোটোৱাটো অসম্ভৱ। সেই সময়ত যৌতুকৰ হাৰো প্ৰায় ১ লাখ টকা আছিল।”
ভিসে দম্পত্তিয়ে ইতিমধ্যেই ২.৫ লাখ টকাৰ এটা ঋণ পৰিশোধ কৰি আছিল, যিটো তেওঁলোকে মাহে ৫ শতাংশ সুদৰ হাৰত এক ব্যক্তিগত ঋণদাতাৰ পৰা লৈছিল। সেই ধন তেওঁলোকে ২০১৩ চনত তেওঁলোকৰ ডাঙৰ জীয়াৰী অশ্বিনীৰ বিয়াৰ বাবে লৈছিল। মোহিনীৰ বিয়াৰ বাবে তেওঁলোকৰ ওচৰত মাটি বেচাৰ বাহিৰে আন কোনো উপায় নাছিল, তাৰ পৰা ২ লাখ মান টকা আহিলহেঁতেন।
ভিসে ৱাঘ’লিত থকা তেওঁলোকৰ এক একৰ মাটিত খেতি কৰা নহৈছিল। “তাত পানী যোগানৰ কোনো ব্যৱস্থা নাছিল আৰু আমাৰ এলেকাটোত সদায় খৰাং পৰিছিল,” কান্তাই বিৱৰি কয়। ২০১৬ত আনৰ পথাৰত কাম কৰি তেওঁ দৈনিক ১৫০ টকা মজুৰি পাইছিল। আনফালে পাণ্ডুৰংগই ৩০০ টকা পাইছিল। তেওঁলোকৰ মাজত মাহে মুঠতে ২০০০ৰ পৰা ৪০০০ হাজাৰ টকা উপাৰ্জন হৈছিল।



