বিজয় মৰোত্তৰে তেওঁৰ দেউতাকৰ সৈতে হোৱা শেষ বাৰ্তালাপৰ ব্যতিৰেকে আন একো বিষয়তে অনুশোচনা নকৰে।
সেয়া আছিল গ্ৰীষ্মকালৰ এক আৰ্দ্ৰ সন্ধিয়া, য়াৱতমাল জিলাত থকা তেওঁলোকৰ গাঁওখনলৈ লাহে লাহে দিনৰ পোহৰ ম্লান হৈ গধূলি হৈছিল। ক্ষীণ পোহৰৰ জুপুৰিটোত দেউতাক আৰু তেওঁৰ নিজৰ বাবে দুখন থালত পৰিপাটিকৈ ভাঁজ কৰা ৰুটি, মচুৰ দাইল আৰু ভাতৰ এটা বাটি ৰাখিছিল।
কিন্তু তেওঁৰ দেউতাক ঘনশ্যামে থালখনলৈ এবাৰ চালে আৰু নিজৰ ধৈৰ্য্য হেৰুৱালে। পিঁয়াজবোৰ ক'ত? ২৫ বছৰীয়া বিজয়ৰ মতে তেওঁৰ প্ৰতিক্ৰিয়া অনুমানৰ বাহিৰত আছিল, কিন্তু সেই সময়ত তেওঁৰ ব্যৱহাৰ আচৰিত হ’বলগীয়া নাছিল। মহাৰাষ্ট্ৰৰ আকপুৰী গাঁৱত তেওঁলোকৰ এটা কোঠাৰ পঁজাটোৰ বাহিৰত মুকলি ঠাইত প্লাষ্টিকৰ চকী এখনত বহি তেওঁ কয়, "তেওঁ কিছু সময়ৰ বাবে উন্মাদ হৈ পৰিছিল।" "সৰু সৰু কথাবোৰে তেওঁক বিচলিত কৰি তুলিছিল।"
বিজয়ে দেউতাকৰ বাবে পিয়াঁজ আনিবলৈ পাকঘৰলৈ উঠি গৈছিল । কিন্তু ৰাতিৰ আহাৰৰ পিছত দুয়োৰে মাজত এক অপ্ৰীতিকৰ তৰ্ক আৰম্ভ হৈছিল। বিজয় সেই ৰাতিৰ তিতা-কেঁহা সোৱাদ লৈ শুবলৈ গৈছিল। পিছদিনা তেওঁ দেউতাকৰ সৈতে মিলা-মিছা কৰিব পাৰিব বুলি আশা কৰিছিল।
কিন্তু ঘনশ্যামে বাবে সেই নিশাৰ পিছদিনা বেলিৰ পোহৰ দেখিবলৈকে নাপালে ৷
৫৯ বছৰীয়া কৃষকজনে সেই নিশা কীটনাশক দ্ৰব্য সেৱন কৰিছিল। বিজয়ে সাৰ পোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল। এয়া আছিল ২০২২ চনৰ এপ্ৰিল মাহৰ কথা ।
দেউতাকৰ মৃত্যুৰ ন মাহ পিছত তেওঁ আমাৰ সৈতে কথা পাতিছিল, বিজয়ে এতিয়াও সেই দুৰ্ভাগ্যজনক সময়খিনিলৈ উলটি গৈ তেওঁলোকৰ মাজত হোৱা সেই অপ্ৰীতিকৰ কথোপকথনটো নোহোৱা কৰিব পাৰিব বুলি আশা কৰে। তেওঁ ঘনশ্যামক তেওঁৰ মৃত্যুৰ ঠিক আগৰ কেইবছৰমান আগেয়ে যি উদ্বেগগ্ৰস্ত ব্যক্তি হৈ পৰিছিল, সেই স্মৃতিৰ পৰিৱৰ্তে এজন মৰমীয়াল পিতৃৰ প্ৰতিচ্ছবি হিচাপে সোঁৱৰণ কৰিবলৈ চেষ্টা কৰে । তেওঁৰ মাক অৰ্থাৎ ঘনশ্যামৰ পত্নীৰ দুবছৰ আগতে মৃত্যু হৈছিল।
তেওঁৰ দেউতাকৰ উদ্বিগ্নতাৰ কাৰণ আছিল পৰিয়ালটোৰ পাঁচ একৰ খেতিপথাৰখন, য'ত তেওঁলোকে পৰম্পৰাগতভাৱে কপাহ আৰু ৰহৰ খেতি কৰিছিল। বিজয়ে কয়, "যোৱা ৮ ৰ পৰা ১০ বছৰ অতিশয় বেয়া আছিল।" "বতৰ ক্ৰমান্বয়ে অপ্ৰত্যাশিত হৈ আহিছে। এতিয়া পলমকৈ বাৰিষা হয় আৰু গ্ৰীষ্ম কাল দীঘলীয়া হয়। আমি প্ৰতিবাৰ বীজ ৰোপণ কৰাৰ সময়ত এইবোৰ নষ্ট কৰাৰ দৰে হয়।"
সেই অনিশ্চয়তাই ৩০ বছৰ ধৰি কৃষি কাৰ্য কৰা ঘনশ্যাম নামৰ কৃষকজনৰ নিজৰ সামৰ্থৰ প্ৰতি সন্দেহ বৃদ্ধি কৰি তুলিছিল। বিজয়ে কয়, "খেতি কৰাটো সময়ৰ কথা। "কিন্তু বতৰৰ প্ৰকাৰ পৰিৱৰ্তন হৈ থাকিলে আপুনি আৰু ইয়াক ঠিক কৰিব নোৱাৰে। যেতিয়াই তেওঁ শস্যৰ বীজ ৰোপণ কৰিছিল, তেতিয়াই খৰাং পৰিছিল আৰু ইয়াক তেওঁ নিজৰ ব্যৰ্থতা হিচাপে গ্ৰহণ কৰিছিল। যেতিয়া বীজ সিঁচাৰ পিছত পিছত বৰষুণ নহয়, আপুনি পৰৱৰ্তী পৰ্যায়লৈ যাব নে নাযায়, সেয়া সিদ্ধান্ত ল'ব লাগিব," তেওঁ লগতে কয়।
পৰৱৰ্তী পৰ্যায়ৰ ৰোপণে প্ৰাথমিক উৎপাদন ব্যয় দুগুণ কৰে, তথাপিওমানুহে আশা কৰে যে শস্য চপাই দুগুণ উপাৰ্জন কৰিব। অধিকাংশ সময়তেএনে নহয়। বিজয়ে কয়, "এটা বেয়া ঋতুত আমি ৫০,০০০ ৰ পৰা ৭৫,০০০ টকা লোকচান কৰোঁ।" ২০১৭-১৮ বৰ্ষৰ অইচিডিৰ অৰ্থনৈতিক সৰ্বেক্ষণ অনুসৰি জলবায়ু পৰিৱৰ্তনৰ ফলত উষ্ণতা আৰু বৰষুণৰ তাৰতম্য ঘটিছে, জলসিঞ্চিত এলেকাৰ বাবে কৃষিৰ উপাৰ্জন ১৫-১৮ শতাংশ হ্ৰাস হৈছে। সৰ্বেক্ষণটোত কোৱা হৈছে যে জলসিঞ্চন নোহোৱা এলেকাবোৰত লোকচান ২৫ শতাংশতকৈও অধিক হ'ব পাৰে।
ঘনশ্যামে বিদৰ্ভ অঞ্চলৰ বেছিভাগ ক্ষুদ্ৰ কৃষকৰ দৰে ব্যয়বহুল জলসিঞ্চন পদ্ধতিৰ ব্যয় বহন কৰিব পৰা নাছিল আৰু সম্পূৰ্ণৰূপে বাৰিষাৰ ওপৰত নিৰ্ভৰ কৰিছিল। বিজয়ে কয়, "এতিয়া আৰু বৰষুণ নহয়।" "হয় খৰাং নতুবা বানপানী হয়। জলবায়ুৰ অনিশ্চয়তাই আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সামৰ্থ্যক প্ৰভাৱিত কৰে। এই পৰিস্থিতিত খেতি কৰাটো অত্যন্ত চাপপূৰ্ণ। ইয়েই বিচলিত কৰি তুলিছে, যাৰ বাবে মোৰ দেউতা কঁপি উঠিছিল," তেওঁ লগতে কয়।
মানসিত চাপত থকাৰ চিৰস্থায়ী অনুভৱ আৰু আৱশ্যম্ভাৱী লোকচানে অঞ্চলটোৰ কৃষকসকলৰ মাজত মানসিক স্বাস্থ্যৰ সংকটৰ সৃষ্টি কৰিছে আৰু ই ইতিমধ্যে অত্যাধিক কৃষি সংকট আৰু উদ্বেগজনক সংখ্যক কৃষকৰ আত্মহত্যাৰ বাবে জনাজাত।
নেচনেল ক্ৰাইম ৰেকৰ্ডচ ব্যুৰ’ ৰ প্ৰতিবেদন অনুসৰি ভাৰতত, ২০২১ চনত প্ৰায় ১১,০০০ কৃষকে প্ৰাণ হেৰুৱাইছিল, আৰু তেওঁলোকৰ ১৩ শতাংশই আছিল মহাৰাষ্ট্ৰৰ। ভাৰতত আত্মহত্যা কৰা লোকৰ সংখ্যাৰ ক্ষেত্ৰত এইখন ৰাজ্যৰ অভিলেখ অটুট আছে।
এই সংকট চৰকাৰী হিচাপতকৈওঅধিক উদ্বেগজনৰ । বিশ্ব স্বাস্থ্য সংস্থাই কোৱাৰ দৰে, "প্ৰতিটো আত্মহত্যাৰ বিপৰীতে, আন ২০ জন লোকে আত্মহত্যাৰ চেষ্টা কৰাৰ প্ৰৱণতা গঢ়ি উঠে।"
ঘনশ্যামৰ ক্ষেত্ৰত, অনিয়মীয়া বতৰৰ বাবে ধাৰাবাহিক লোকচানৰ ফলত পৰিয়ালটোৰ মূৰত ঋণৰ বোজা ভালেখিনি বাঢ়ি গৈছিল। বিজয়ে কয়, "মই জানিছিলো যে মোৰ দেউতাই আমাৰ খেতিপথাৰখন ৰাখিবলৈ ব্যক্তিগত ধনদাতাৰ পৰা ধাৰ লৈছিল।" "সময়ৰ লগে লগে সূতো বাঢ়ি আহিছিল আৰু সেয়া পৰিশোধ কৰাৰ হেঁচা তেওঁৰ ওপৰত পৰিছিল।"
যোৱা ৫ৰ পৰা ৮ বছৰত উপলব্ধ হোৱা বহুকেইটা কৃষি ঋণ ৰেহাই আঁচনিত কেইবাটাও চৰ্ত অন্তৰ্ভুক্ত আছিল। কোনোটোতে ব্যক্তিগত ধনদাতাসকলক সামৰি লোৱা নাছিল। ধনৰ সৈতে সম্পৰ্কিত চাপটোৱে যেন তেওঁলোকৰ ডিঙিৰ চাৰিওফালে সাপৰ দৰে মেৰিয়াই ৰাখিছিল। "মোৰ দেউতাই মোক কেতিয়াও কোৱা নাছিল যে আমাৰ কিমান টকা আছে। মৃত্যুৰ আগতে তেওঁ যোৱা কেইবছৰমানত প্ৰচুৰ সুৰাপান কৰিছিল," বিজয়ে লগতে কয়।
য়াৱতমালস্থিত মনোৰোগ সমাজকৰ্মী ৩৭ বছৰীয়া প্ৰফুল কাপ্ছেৰ মতে অতিপাত সুৰাপান হতাশাৰ লক্ষণ। তেওঁ কয়, "বেছিভাগ আত্মহত্যাৰ এক অন্তৰ্নিহিত মানসিক অৱস্থা থাকে।" "ইয়াক বিচাৰি পোৱা নাযায়, কিয়নো কৃষকসকলে ইয়াৰ বাবে ক'ৰ পৰা সহায় পাব সেয়া নাজানে।"
ঘনশ্যামৰ পৰিয়ালে তেওঁৰ জীৱন শেষ কৰাৰ পূৰ্বে উচ্চ ৰক্তচাপ, উদ্বেগ আৰু চাপৰ সৈতে তেওঁৰ অৱনমিত হোৱা সংগ্ৰাম প্ৰত্যক্ষ কৰিছিল। কি কৰিব লাগে তেওঁলোকৰ কোনো ধাৰণা নাছিল। ঘৰৰ একমাত্ৰ ব্যক্তি কেৱল তেওঁৱেই নাছিল যি উদ্বেগ আৰু চাপৰ সৈতে যুঁজি আছিল। দুবছৰ আগতে অৰ্থাৎ ২০২০ চনৰ মে’ মাহত তেওঁৰ পত্নী কল্পনা, যাৰ পূৰ্বে স্বাস্থ্যৰ অৱস্থা কেতিয়াও বেয়া হোৱা নাছিল, হঠাতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যু বৰণ কৰিছিল।
"তেওঁ খেতিপথাৰ আৰু ঘৰৰ চোৱাচিতা কৰিছিল। আৰু লোকচানৰ বাবে পৰিয়ালটোক খুৱাবলৈ কঠিন হৈ পৰিছিল। আমাৰ অৱনতি হোৱা আৰ্থিক পৰিস্থিতিৰ বাবে তেওঁ চিন্তাক্লিষ্ট হৈছিল," বিজয়ে কয়। "মোৰ মনলৈ আন কোনো কাৰণৰ কথা অহা নাই।"
কল্পনাৰ অনুপস্থিতিয়ে ঘনশ্যামৰ অৱস্থা শোচনীয় কৰি তুলিছিল। বিজয়ে কয়, "মোৰ দেউতা অকলশৰীয়া হৈ পৰিছিল আৰু মাৰ মৃত্যুৰ পিছত তেওঁ যেন এটা খোলাত সোমাই পৰিছিল।" "মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁ কেতিয়াও তেওঁৰ অনুভূতি ভাগ-বতৰা কৰা নাছিল। মোৰ ধাৰণা তেওঁ যেন কেৱল মোক সুৰক্ষা দিবলৈ চেষ্টা কৰি আছিল।"
কাপছে এইদৰে যুক্তি আগবঢ়ায় যে বতৰৰ চৰম পৰিঘটনা আৰু অভাৱনীয় জলবায়ুৰ দ্বাৰা আক্ৰান্ত গ্ৰামাঞ্চলত প’ষ্ট-ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (পিটিএছডি), ভয় আৰু হতাশাৰ প্ৰাদুৰ্ভাৱ বেছি। তেওঁ কয়, “কৃষকৰ আয়ৰ আন কোনো উৎস নাই। “মানসিক চাপৰ চিকিৎসা নকৰিলে উদ্বেগলৈ ৰূপান্তৰিত হয়, যাৰ ফলত শেষত হতাশাৰ সৃষ্টি হয়। প্ৰাৰম্ভিক পৰ্যায়ত হতাশাৰ চিকিৎসা পৰামৰ্শৰ দ্বাৰা কৰিব পাৰি। কিন্তু পিছৰ পৰ্যায়ত ঔষধৰ প্ৰয়োজন হয়, যেতিয়া আত্মহত্যাৰ চিন্তা সোমাই পৰে,’-তেওঁ লগতে কয়।
কিন্তু ২০১৫-১৬ বৰ্ষৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য সৰ্বেক্ষণ অনুসৰি ভাৰতত মানসিক বিকাৰৰ ক্ষেত্ৰত ৭০ৰ পৰা ৮৬ শতাংশ সংকট-হস্তক্ষেপত পিছ পৰি আছে । আনকি মে’২০১৮-ত কাৰ্যকৰী হোৱা মানসিক স্বাস্থ্যসেৱা আইন, ২০১৭ গৃহীত হোৱাৰ পাছতো, মানসিক বিকাৰৰ সৈতে যুঁজি থকা লোকসকলক প্ৰয়োজনীয় সেৱা প্ৰদান কৰাটো এক প্ৰত্যাহ্বান হৈ আছে।
য়াৱতমাল তালুকৰ ভাদগাঁও গাঁৱৰ ৪২ বছৰীয়া এগৰাকী কৃষক সীমা বাণী, মানসিক স্বাস্থ্যসেৱা আইনবা ইয়াৰ অধীনত উপলব্ধ সেৱাৰ বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত। সীমাৰ স্বামী সুধাকৰে কীটনাশক দ্ৰব্য সেৱন কৰি জুলাই ২০১৫ চনত ৪০ বছৰ বয়সত তেওঁৰ জীৱন সমাপ্ত কৰাৰ পিছৰে পৰা তেওঁ নিজে তেওঁলোকৰ ১৫ একৰ কৃষিভূমি চম্ভালি আছে।
তেওঁ কয়, "মই দীৰ্ঘদিন ধৰি শান্তিৰে শুব পৰা নাই।" "মই অতিশয় উদ্বেগৰ সৈতে জীৱন কটাই আছো। মোৰ বুকুও খুব ধৰফৰায় । খেতিৰ বতৰত মোৰ পেটত গাঁঠি মাৰিবলগীয়া হৈছে।"
২০২২ চনৰ জুনৰ শেষৰ ফালে খৰিফ ঋতু আৰম্ভ হোৱাৰ সময়ত সীমাই কপাহৰ বীজ ৰোপণ কৰিছিল। তেওঁ বীজ, কীটনাশক, সাৰৰ ওপৰত ১ লাখ টকা বিনিয়োগ কৰিছিল আৰু শক্তিশালী লাভ নিশ্চিত কৰিবলৈ ২৪ ঘণ্টাই পৰিশ্ৰম কৰিছিল। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ দুদিনত বৃহৎ ডাৱৰ বিস্ফোৰণ নোহোৱা পৰ্যন্ত তেওঁ লক্ষ্যৰ নিচেই ওচৰত আছিল, কিন্তু বৰষুণে এক লাখতকৈও অধিক লাভ তথা বিগত তিনি মাহৰ তেওঁৰ কঠোৰ পৰিশ্ৰম ধুই নিছিল।
তেওঁ কয়, "মই মাত্ৰ ১০,০০০ টকাৰ শস্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ।" "খেতিৰ পৰা লাভ উপাৰ্জন কৰাৰ কথা বাদ দিয়ক, মই আনকি ভাঙি পৰিবলৈও সংগ্ৰাম কৰি আছোঁ। আপুনি কষ্টেৰে মাহৰ বাবে খেতি পথাৰত খেতি কৰে আৰু মাত্ৰ দুদিনৰ ভিতৰতে এই সকলোবোৰ ধ্বংস হৈ যায়। মই ইয়াক কেনেকৈ চম্ভালিম? ইয়েই মোৰ স্বামীৰ জীৱন লৈছিল।" সুধাকৰৰ মৃত্যুৰ পিছত সীমাই খেতিপথাৰ আৰু ইয়াৰ সৈতে থকা চাপ দুয়োটা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল।
সুধাকৰৰ মৃত্যুৰ আগৰ সময়ৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয়, "খৰাঙৰ বাবে আমি পূৰ্বৰ ঋতুত ইতিমধ্যে ধন হেৰুৱাইছিলোঁ।" "সেয়েহে, ২০১৫ চনৰ জুলাই মাহত যেতিয়া তেওঁ ক্ৰয় কৰা কপাহৰ গুটিবোৰ নষ্ট হৈ পৰিছিল, ই আছিল অন্তিমটো বিধ্বংস । আমি আমাৰ ছোৱালীজনীক প্ৰায় সেইটো সময়তে বিয়াও দিবলগীয়া হৈছিল। তেওঁ চাপ ল'ব নোৱাৰিলে – ই তেওঁক মৃত্যুৰ কাষলৈ ঠেলি নিছিল।"
সীমাই তেওঁৰ স্বামীক সময় যোৱাৰ লগে লগে নিশ্চুপ হৈ পৰা দেখিছিল। তেওঁ কয় যে তেওঁ কথাবোৰ নিজৰ লগতে ৰাখিছিল, কিন্তু তেওঁ আশা কৰা নাছিল যে গিৰিয়েকে সেই চৰম পদক্ষেপ ল'ব। "গাওঁ পৰ্যায়ত আমাৰ বাবে কিছু সাহায্য উপলব্ধ হোৱা উচিত নহয় নেকি?" তেওঁ শুধিছিল।
মানসিক স্বাস্থ্যসেৱা অধিনিয়ম ২০১৭-ৰ অৰ্থ হৈছে যে সীমাৰ পৰিয়ালৰ ওচৰত উন্নত মানদণ্ড তথা পৰিমাণৰ পৰামৰ্শ আৰু চিকিৎসা সেৱা, তেওঁলোকৰ বাবে উপলব্ধ আশ্ৰয় আৰু সমৰ্থিত বাসস্থান আৰু ইয়াৰ সুগম উপলব্ধতা থাকিব লাগিছিল।
সামূহিক পৰ্যায়ত, ১৯৯৬ চনত প্ৰৱৰ্তন কৰা জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীয়ে (ডিএমএইচপি) প্ৰতিখন জিলাক মনোৰোগ বিশেষজ্ঞ, নিদানিক মনোবিজ্ঞানী, মনোৰোগ বিশেষজ্ঞ নাৰ্ছ আৰু মনোৰোগ সমাজ কৰ্মী উপলব্ধ কৰোৱাৰ বাবে নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও, তালুক পৰ্যায়ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত এজন পূৰ্ণকালীন নিদানিক মনোবিজ্ঞানী বা মনোৰোগ সমাজকৰ্মী থকাটো উচিত।
কিন্তু য়াৱতমালত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (পিএইচচি) এমবিবিএছ চিকিৎসক সকলেহে মানসিক স্বাস্থ্যৰ সমস্যা থকা লোকসকলক চিনাক্ত কৰে। য়াৱতমালৰ ডিএমএইচপি সমন্বয়ক ড০ বিনোদ যাদৱে পিএইচচিত যোগ্য কৰ্মচাৰীৰ অভাৱৰ কথা স্বীকাৰ কৰে। তেওঁ কয়, "যেতিয়া কেচটো তেওঁলোকৰ [এমবিবিএছ চিকিৎসক] স্তৰত চম্ভালিব নোৱাৰে, তেতিয়াহে ইয়াক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।"
যদি সীমাই তেওঁৰ গাওঁৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত থকা জিলা সদৰত পৰামৰ্শ সেৱাবোৰৰ বিষয়ে জানিবলৈ আৰু লাভ কৰিবলগীয়া হয়, তেন্তে তেওঁ এঘণ্টা বাছ যাত্ৰা কৰিবলৈ সাজু থাকিব লাগিব, ব্যয়ৰ কথা যেনিবা উল্লেখ কৰাই নাই।
কাপ্ছে কয়, "যদি সহায় লাভ কৰিবলৈ এক ঘণ্টাৰ বাছ যাত্ৰা কৰিবলগীয়া হয়, তেতিয়াই লোকসকলক নিৰুৎসাহিত কৰি তোলে কিয়নো আপুনি তালৈ বাৰে বাৰে যাবলগীয়া হয়।" মানুহক সহায়ৰ প্ৰয়োজন বুলি স্বীকাৰ কৰাৰ ক্ষেত্ৰত ই ইতিমধ্যেই প্ৰাথমিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
যাদৱে কয় যে ডিএমএইচপিৰ অধীনত তেওঁৰ দলে মানসিক স্বাস্থ্যৰ সমস্যাৰ সৈতে যুঁজি থকা লোকসকলক চিনাক্ত কৰিবলৈ য়াৱতমালৰ ১৬ টা তালুকৰ প্ৰতিটোত বছৰি এটা আউটৰিচ্চ শিবিৰৰ আয়োজন কৰে। তেওঁ কয়, "তেওঁলোকক আমাৰ ওচৰলৈ আহিবলৈ কোৱাৰ সলনি, তেওঁলোক য'ত আছে সেই ঠাইলৈ যোৱাটো ভাল। আমাৰ ওচৰত পৰ্যাপ্ত বাহন বা পুঁজি নাই, কিন্তু আমি যিমান পাৰো সিমান সহায় কৰো।"
ৰাজ্যখনৰ ডিএমএইচপিৰ বাবে দুয়োখন চৰকাৰে অনুমোদন জনোৱা পুঁজি তিনি বছৰত মুঠ প্ৰায় ১৫৮ কোটি টকা ধাৰ্য কৰা হৈছে। মহাৰাষ্ট্ৰ চৰকাৰে অৱশ্যে সেই বাজেটৰ মাত্ৰ ৫.৫ শতাংশ ব্যয় কৰিছিল – অৰ্থাৎ প্ৰায় ৮.৫ কোটি টকা।
মহাৰাষ্ট্ৰৰ ডিএমএইচপি-ৰ সংকুচিত বাজেটৰ পৰিপ্ৰেক্ষিতত এনে বহুতো বিজয় আৰু সীমাই এই ধৰণৰ শিবিৰৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অসম্ভৱ কৰি তুলিছে।
বিগত কেইবছৰমানৰ পৰা শিবিৰৰ সংখ্যা হ্ৰাস পাই আহিছে, এক প্ৰচণ্ড মহামাৰী যি একাকীত্ব, আৰ্থিক বিবাদ আৰু মানসিক দুৰ্বলতাৰ সমস্যাবোৰ কঢ়িয়াই আনিছে। আটাইতকৈ উদ্বেগজনক কথাটো হৈছে মানসিক স্বাস্থ্যৰ বাবে সমৰ্থনৰ প্ৰয়োজন হোৱা লোকৰ সংখ্যা স্থিৰগতিত ঊৰ্ধমুখী হোৱাৰ প্ৰৱণতা।
য়াৱতমালস্থিত মনোৰোগ বিশেষজ্ঞ ডাঃ প্ৰশান্ত চক্কৰৱাৰে কয়, "শিবিৰৰ পৰা কেৱল এটা অংশহে লাভান্বিত হয় কিয়নো ৰোগীসকলৰ পুনৰাবৃত্তি সাক্ষাতৰ প্ৰয়োজন হয় আৰু শিবিৰবোৰ বছৰত এবাৰহে অনুষ্ঠিত হয়।" "প্ৰতিটো আত্মহত্যাৰ ঘটনা হ’ল প্ৰণালীৰ বিফলতা। মানুহবোৰ নিশাটোৰ ভিতৰতে তালৈ নাযায়। এইটো কেইবাটাও প্ৰতিকূল ঘটনাৰে গঠিত এটা প্ৰক্ৰিয়া," তেওঁ লগতে কয়।
আৰু কৃষকসকলৰ জীৱনত প্ৰতিকূল ঘটনা বৃদ্ধি পাইছে।
দেউতাক ঘনশ্যামৰ মৃত্যুৰ পাঁচ মাহ পিছত বিজয় মাৰোত্তৰে নিজকে তেওঁৰ খেতিপথাৰত একাঁঠু গভীৰ পানীত থিয় হৈ থকা দেখিছে। ২০২২ চনৰ ছেপ্টেম্বৰত হোৱা অত্যাধিক বৰষুণে তেওঁৰ অধিকাংশ কপাহৰ খেতি ধুই পেলাইছে। এইটো তেওঁৰ জীৱনৰ প্ৰথম খেতিৰ বতৰ, য'ত তেওঁক পথ প্ৰদৰ্শন বা সমৰ্থন কৰিবলৈ পিতৃ-মাতৃ কোনোজনেই নাই। তেওঁ নিজে আগবাঢ়িবলগীয়া হৈছে।
যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে খেতিপথাৰখন পানীৰ তলত ডুব যোৱা দেখিছিল, তেওঁ সেই খেতি উদ্ধাৰ কৰিবলৈ কোনো আগ্ৰহ দেখুওৱা নাছিল। তেওঁ কেৱল তাত থিয় হৈ শান্ত মনে প্ৰত্যক্ষ কৰি ৰৈছিল। তেওঁৰ জিলিকি থকা বগা কপাহ ধ্বংসস্তূপলৈ পৰিণত হোৱাৰ প্ৰক্ৰিয়া হজম কৰিবলৈ তেওঁক অলপ সময়ৰ প্ৰয়োজনহৈছিল।
বিজয়ে কয়, "মই প্ৰায় ১.২৫ লাখ টকা খেতিত বিনিয়োগ কৰিছিলো।" "মই ইয়াৰ অধিকাংশই হেৰুৱাইছিলো। কিন্তু মই ধৈৰ্য্য ধৰিব লাগিব। মই ভাঙি পৰিব নোৱাৰোঁ।"
পাৰ্থ এম.এন.-য়ে ঠাকুৰ ফেমিলি ফাউণ্ডেচনৰ পৰা এক স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতাৰ ওপৰত প্ৰতিবেদন দাখিল কৰে । ঠাকুৰ ফেমিলি ফাউণ্ডেচনে এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত কোনো সম্পাদকীয় নিয়ন্ত্ৰণ প্ৰয়োগ কৰা নাই।
যদি আপোনাৰ আত্মহত্যাৰ প্ৰৱণতা গঢ় লৈ উঠিছে বা বিপদত পৰা কোনো লোকক জানে , তেনেহ'লে অনুগ্ৰহ কৰি ৰাষ্ট্ৰীয় হেল্পলাইন কিৰণক ১৮০০-৫৯৯-০০১৯নম্বৰত (২৪/৭টোল ফ্ৰী) বা আপোনাৰ ওচৰৰ এই হেল্পলাইনবোৰৰ যিকোনো এটাত ফোন কৰক। মানসিক স্বাস্থ্য পেছাদাৰী আৰু সেৱাসমূহৰ বিষয়ে তথ্য লাভ কৰাৰ বাবে , অনুগ্ৰহ কৰি এছপিআইএফ-ৰ মানসিক স্বাস্থ্য ডাইৰেক্টৰী পৰিদৰ্শন কৰক ।
অনুবাদক: মনোৰঞ্জন মজুমদাৰ