ৰজীন্দৰে এটি কলি দুটি পাত বিচাৰি হায়ৰাণ হৈছে। তেওঁ পাহাৰীয়া এঢলীয়া মাটিত জোপোহা চাহগছবোৰত ইডালৰ পিছত সিডাল একাদিক্ৰমে হাত বুলাই গৈছে। তেওঁৰ পত্নী সুমনা দেৱীয়ে টুকৰিটো লৈ কাষতে সাজু হৈ আছে। হিমালয়ৰ ধৌলুধৰ পৰিসৰৰ এই পাহাৰীয়া এলাকাৰ বিশাল চাহ বাগিচাৰ ওখ ওখ গছবোৰৰ মাজত মানুহবোৰক তেনেই বাওনা যেন লাগিছে।
চাহপাত তোলাৰ সময় হৈছে আৰু ৰজীন্দৰ সিঙৰ পাত বিচাৰি নোপোৱা হৈছে। কাংৰা জিলাৰ তান্দা গাঁৱত তেওঁ প্ৰতিদিনে বাগিচাখনলৈ আহে, আৰু তেওঁৰ লগত হয় সুমনা বা তেওঁলোকৰ ২০ বছৰীয়া পুত্ৰ আৰ্য্য আহে। এপ্ৰিল আৰু মে’ মাহত চাহপাত তোলাৰ বতৰ, যাক ফাৰ্ষ্ট ফ্লাছ বুলি কোৱা হয়। কিন্তু তুলিবলৈ পাতেই নাই।
“গৰম কেনে পৰিছে গম পাইছেই নহয়, বৰষুণৰ কোনো ঠিকনা নাই ক’ত আছে!” হিমাচল প্ৰদেশৰ পালমপুৰ টেহচিলৰ শুকাই যাবলৈ ধৰা নিজৰ চাহ বাগিচাৰ চাহগছবোৰৰ কথা চিন্তা কৰি তেওঁ কয়।
যোৱা দুটা বছৰৰ অনাবৃষ্টিৰ পৰিপ্ৰেক্ষিতত ৰজীন্দৰৰ কিংকৰ্তব্যবিমূঢ় অৱস্থা অমূলক নহয়। ২০১৬ৰ এফ.এ.অ’.ৰ আন্তঃচৰকাৰী প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, “অনিয়মীয়া বৃষ্টিপাত চাহ বাগিচাৰ ক্ষতিৰ বাবে দায়ী।” এই প্ৰতিবেদনত ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত বৰষুণৰ বিশেষ প্ৰয়োজন হোৱা চাহৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হৈছে। সেই সময়ৰ বৃষ্টিপাতৰ পিছতে দাম এক কিলোগ্ৰামত ৮০০ টকা হয়গৈ আৰু কেতিয়াবা ১,২০০ টকা পৰ্য্যন্ত উঠে।
২০২২ চনটো ৰজীন্দৰৰ বাবে বিশেষ বছৰ হ’ব লাগিছিল, তেওঁ আৰু দুই হেক্টৰ মাটি লীজত লৈছিল। তেওঁ কয়, “মই ভাবিছিলো মোৰ আয় বাঢ়িব।” এতিয়া মুঠ মাটিকালি তিনি হেক্টৰ হোৱাৰ বাবে তেওঁ ঋতুৰ শেষত ৪০০০ কিলোগ্ৰাম পৰ্যন্ত চাহ চপোৱাৰ বাবে উৎসুক হৈ পৰিছিল। তেওঁ লীজত ২০,০০০ টকা আৰু কয় যে চাহৰ বাগিচাত মজদুৰৰ শ্ৰমৰ নামত ব্যয়ৰ ৭০ শতাংশ যায়। “বাগিচা এখন চোৱাচিতা কৰিবলৈ বহুত শ্ৰম আৰু [ইনপুট] খৰচ কৰিবলগীয়া হয়,” তেওঁ আঙুলিয়াই দিয়ে। তাৰ পিছত আকৌ পাতবোৰ প্ৰচেছিং কৰোঁতে আৰু পইচা যায়।


















