খৰিকাজাঁই মানেই যেন হাই-উৰুমি, কোৰ্হাল। পুৱাই যেতিয়া আহি পায়, শব্দ হয় থপ্ ! তাৰমানে মাদুৰাইৰ মাট্টুতৱানী বজাৰত মুকুতা যেন খৰিকাজাঁইৰ কলিবোৰ আহি পালে। “বাঝি, বাঝি (আগবাঢ়, আগবাঢ়),” ফুউচ্ - ফুলবোৰ প্লাষ্টিক এখনত ঢালি দিয়াৰ সময়ত দীঘলীয়া শব্দ হয়। বিক্ৰেতাই সেই আলফুলীয়া ফুলৰ কলিবোৰ লোৰ পাল্লা এখনত দ’ম কৰিছে। ক্লাংক ! প্লালখনে শব্দ কৰিছে - তাৰপিছত কিনোতাৰ প্লাষ্টিক বেগত অতিৰিক্ত এক কিলোগ্ৰাম বকছিছ দিছে। কোনোবাই দাম সুধিছে, কোনোবাই আকৌ চিঞৰি চিঞৰি দৰ কৈছে। তিৰ্পালত ভৰিৰে খচ-মচ শব্দ হৈছে, পুৰণি ফুলবোৰৰ ওপৰেৰে কোনোবা পাৰ হৈছে - চপক চপক শব্দ হৈছে। এজেণ্টে ক্ৰেতা-বিক্ৰেতা দুয়োপক্ষৰ ওপৰত চোকা নজৰ ৰাখিছে, খচ-খচ কৰি নোটবুকখনত কিবা লিখিছে, কোনোবাই চিঞৰিছে “মোক পাঁচ কিলো লাগে…”
মহিলাই আটাইতকৈ ভাল ফুলখিনিৰ বাবে ইখনৰ পিছত সিখন দোকান ঘুৰিছে। তেওঁলোকে হাতত এমুঠি ফুল লৈ আঙুলিৰ ফাঁকেৰে পৰিব দি চাইছে কোনখিনিৰ ভাল ফুল। খৰিকাজাঁইবোৰ এনেকৈ সৰি পৰিছে যেন বৰষুণৰ টোপাল। ফুল বিক্ৰেতা এগৰাকীয়ে গোলাপ আৰু নাৰ্জী ফুলৰ বৰ মনযোগেৰে থোপা বনাইছে, মুখত লৈ থকা হেয়াৰপিনটোৰে সেয়া চুলিত বান্ধি লৈছে। তাৰপিছত ফুলৰ পাচিটো দাঙিছে - খৰিকাজাঁই, গোলাপ, নাৰ্জীফুলৰ ভিনৰঙী সমাহাৰৰ পাচিটো মূৰত লৈ ব্যস্ত বজাৰৰ দিশে আগবাঢ়িছে।
ৰাস্তাৰ কাষত ছাতি এটাৰ অকণমান ছাঁত তেওঁ ফুলবোৰ গুঠিছে আৰু গণি গণি বিক্ৰী কৰিছে। খৰিকাজাঁই ফুলৰ কলিবোৰ সেউজীয়া সূতাডালত বাহিৰৰ ফালে মুখ কৰি ৰখা হৈছে। পাহিবোৰত সুগন্ধ লুকাই আছে। যেতিয়া সি ফুলি উঠিব, গাড়ী এখনৰ ভিতৰত, বেণী এডালত, ভগৱানৰ ফটো এখন আঁৰি থোৱা গজাল এটাত - তাৰ সুগন্ধ চৌদিশ বিয়পিব আৰু সকলোৱে জানিব সেয়া মাদুৰাই মল্লি।
পাৰিয়ে তিনি বছৰত মাট্টুতাৱানী বজাৰখন তিনিবাৰ সাক্ষাৎ কৰিছিল। প্ৰথমবাৰ যোৱা হৈছিল ২০২১ৰ ছেপ্টেম্বৰত, গণেশ দেৱতাৰ জন্মোৎসৱ - বিনায়ক চতুৰ্থীত। সেইবাৰ ফুলৰ ব্যৱসায়ৰ ক্ৰেছ ক’ৰ্ছ কৰাৰ দৰে হৈছিল। বজাৰখন বহিছিল মাট্টুতাৱানী বাছ আস্থানৰ পিছফালে, ক’ভিডৰ বাধা-নিষেধৰ বাবে তালৈ বজাৰখন অস্থায়ীভাবে নিয়া হৈছিল। উদ্দেশ্য আছিল সামাজিক দূৰত্ব বৰ্তাই ৰখা। কিন্তু তাত মানুহৰ ভীৰ নলগাকৈ থকা নাছিল।
মোক পাঠদান কৰাৰ আগেয়ে মাদুৰাই ফ্লাৱাৰ মাৰ্কেট এছ’চিয়েছনৰ সচিবজনে তেওঁ নামটো একপ্ৰকাৰ ঘোষণা কৰিলে: “মোৰ নাম পুকৰই ৰামচন্দ্ৰন। আৰু এয়া,” তেওঁ বজাৰখনলৈ আঙুলিয়াই কয়, “মোৰ বিশ্ববিদ্যালয়।”






























