কম্বু বজাই বজাই এদিন এই পৃথিৱী এৰি যাব খোজা এইজন এম কাৰুপ্পিয়াহ। ঐতিহাসিকভাৱে কম্বু আছিল এবিধ ৰণশিঙা, যুদ্ধক্ষেত্ৰত যুদ্ধৰ আহ্বান জনাই এই শিঙা বজোৱা হৈছিল। ক’বলৈ গ’লে এয়া আছিল যুদ্ধক্ষেত্ৰত প্ৰাণাহুতি দিয়াৰ ধ্বনি। তাম বা ব্ৰঞ্জেৰে নিৰ্মিত, দেখাত ঠিক হাতীৰ সুঁৰৰ দৰে এইবিধ শিঙা বজাই কাৰুপ্পিয়াহে এই পৃথিৱী এৰিব খোজাৰ কাৰণ পিছে এয়া নহয়।
জীৱনৰ ৪৯ টা বসন্ত গৰকা কাৰুপ্পিয়াহৰ বাবে কম্বু এক মহান শিল্প। কম্বু বজোৱা তেওঁ চতুৰ্থটো প্ৰজন্ম। পেট পুহিবলৈ বাধ্য হৈ মাদুৰাইৰ নিজ গাঁৱত ৰিক্সা চলোৱা কামটোতকৈ তেওঁৰ কম্বু বজোৱা পেছাটোত প্ৰৱল আৱেগ জৰিত হৈ আছে।
তিনিটা দশক আগতে সেই শিল্প ‘শীৰ্ষ’ত আছিল, কাৰুপ্পিয়াহে কয়। ১৯৯১ত প্ৰাক্তন মুখ্যমন্ত্ৰী জে. জয়ললিতাৰ কাৰণে তেওঁ কম্বু বজাইছিল। “কম্বুৰ মাত শুনি আপ্লুত হৈ পৰা জয়ললিতাই তেওঁক আকৌ এবাৰ কম্বু বজাবলৈ অনুৰোধ জনাইছিল!”
কিন্তু তেওঁৰ লগতে থিৰুপাৰানকুন্দ্ৰম ব্লকৰ তেওঁৰ নিজ গাওঁ মেলাকুইলকুড়িৰ আন কম্বু শিল্পীসকলৰ বাবে আজিকালি কাম তেনেই নাইকিয়া। ইতিমধ্যে দুৰ্বল হৈ পৰা ছন্দোবদ্ধ এই শিল্পবিধক পপ সংস্কৃতিৰ আগ্ৰাসনে নিঃশেষ কৰি আনিছে। তাতে আকৌ ২০২০ৰ ক’ভিড লকডাউনে শিল্পবিধক মোক্ষম আঘাত হানিছে। শিল্পীসকল কৰ্মহীন আৰু পা-পইচাহীন হৈ পৰিছে।
মন্দিৰত, ৰাজহুৱা কাৰ্যসূচী বা মৃতকৰ অন্ত্যোষ্টিক্ৰিয়া আদিত কম্বু বজোৱা কাম পালে তেওঁৰ এবাৰত ৭০০-১০০০ টকা উপাৰ্জন হয়। “যোৱাবছৰৰ পৰা লকডাউনৰ কাৰণে আমি আলাগাৰ কইল থিৰুভিঝাত কম্বু বজাব নাপালো। আন বছৰ আমি সেইখিনি সময়ত আঠ দিনৰ কাম পালোহেঁতেন।” কম্বু শিল্পীসকলে সেই বাৰ্ষিক উৎসৱৰ সময়ত (এপ্ৰিলৰ পৰা মে’ মাহ) মাদুৰাই চহৰৰ পৰা ২০ কিলোমিটাৰ দূৰৰ আলাগাৰ কইল মন্দিৰত কম্বু বাদ্য প্ৰদৰ্শন কৰে।
“সকলোৱে কম্বু বজাব নোৱাৰে। তাৰ বাবে খুব কৌশলৰ প্ৰয়োজন হয়,” লোকশিল্পী আৰু শিল্পৰ সমৰ্থনৰ হকে গঠিত চেন্নাইৰ সংস্থা অলটাৰনেটিভ মিডিয়া চেণ্টাৰ (এএমচি)ৰ প্ৰতিস্থাপক আৰ কালীচৰণে কয়। এই বাদ্যযন্ত্ৰবিধ যিকোনো এটা অনুষ্ঠানৰ আৰম্ভণিতে, তাৰপিছত মাজত বজোৱা হয়, কিন্তু নিৰন্তৰ বজোৱা নহয়। শিল্পীসকলে সাধাৰণতে ১৫ মিনিটৰ বাবে কম্বু বজায়, পাঁচ মিনিটৰ বাবে জিৰনি লয় আৰু আকৌ ১৫ মিনিটৰ বাবে বজায়। “সাধাৰণতে, শিল্পীসকলে দীঘলকৈ উশাহ টানি কম্বূত ফুক দিয়ে।” শ্বাস-প্ৰশ্বাসৰ ওপৰত সাংঘাতিক দখল থকা বাবেই ১০০ৰো অধিক বছৰ বয়সীয়া শিল্পীয়েও নিপুণতাৰে কম্বু বজাব পাৰে, কালীচৰণে কয়।
কে পেৰিয়াস্বামী (৬৫) মালাকুইলকুড়িৰ শিল্পীৰ দল কম্বু কালাই কুঝুৰ দলপতি। তেওঁ জীৱনত কম্বু বজোৱাই শিকিছে। তেওঁ বহুতকে শিকাইছে, তাৰে বেছিভাগৰেই বয়স ৩০ৰ পৰা ৬৫ৰ ভিতৰত। “আমি আন একো কাম বিচাৰি পোৱা নাই। আমাৰ হাতত এই ৰেচনখিনিয়েই (চাউল) আছে, তাকো ভাল চাউল নহয়। আমি কেনেকৈ চলিম?” পেৰিয়াস্বামীয়ে প্ৰশ্ন কৰে।
ষ্টীলৰ এটা পাত্ৰ, ব্ৰঞ্জৰ চাউল থোৱা বাচন, তেওঁৰ পত্নীৰ বিয়াৰ সোণ-গহণাকে ধৰি তেওঁৰ ঘৰৰ প্ৰতিটো মূল্য থকা বস্তুৱই এতিয়া বন্ধকত। “এতিয়া আমি প্লাষ্টিকৰ বাচনত পানী আনো,” পেৰিয়াস্বামীয়ে হুমুনিয়াহ কাঢ়ি কয়। কিন্তু তেওঁৰ বেছি চিন্তা শিল্পবিধক লৈহে। চৰকাৰে এই শিল্প আৰু শিল্পীসকলৰ বাবে কিবা কৰিবনে? নে তেওঁৰ লগতেই কম্বুশিল্পও নাইকিয়া হৈ যাব?
মেলাকুইলকুড়িৰ ২০ জনমান কম্বু শিল্পীৰ মাজত ১৫ টামান বাদ্যযন্ত্ৰ আছে। সম্প্ৰদায়টোৱে যোৱা ৪০ বছৰ ধৰি কম্বুবোৰ সংৰক্ষণ কৰি ৰাখিছে। উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা পুৰণি কম্বুবোৰ প্লাষ্টিক টেপেৰে মেৰিয়াই সযতনে ৰখা হয়। টান পৰিলে দুই-এজনে কম্বু বন্ধকত থয়, বিক্ৰীও কৰে। নতুনবোৰ বৰ মহঙা, ২০ৰ পৰা ২৫ হাজাৰ পৰ্যন্ত দাম। তাকো ২৫০ কিলোমিটাৰ দূৰৰ কুম্বাকোণামৰ পৰা অনাব লাগে।
পি মগৰাজন আৰু জি পালাপাণ্ডিয়ে (দুয়োৰে বয়স ৩০ৰ আশে-পাশে) ১০ বছৰমান বয়সৰ পৰাই কম্বু বজোৱা শিকিছিল। দুয়োজনে সেই শিল্পৰ মাজতে ডাঙৰ হৈছে, সেয়ে ভাল পাৰিশ্ৰামিকো পায়। “১০ বছৰ বয়সত মই কম্বু বজাই ৫০ টকা ভাগত পাইছিলো। খুব ফুৰ্ত্তি লাগিছিল। এতিয়া মই ৭০০ টকা পাওঁ,” মগৰাজনে কয়।
পালাপাণ্ডিয়ে পকী মিস্ত্ৰীৰ কাম কৰি দিনে ৭০০ টকা পায়। আয় স্থিৰ আৰু কাম নিশ্চিত। কিন্তু তেওঁৰ কম্বুতহে মন, যিটো তেওঁ ককায়েকৰ পৰা শিকিছিল। “থাথা জীয়াই থাকোতে মই এই শিল্পবিধৰ গুৰুত্ব উপলব্ধি কৰিব পৰা নাছিলো,” তেওঁ কয়। লকডাউনে তেওঁক দুয়োফালৰ পৰা চেপি নিছে। নিৰ্মাণৰ কাম নাইকিয়া হৈছে, আনফালে কম্বু বজোৱাৰো সুযোগ পোৱা নাই। “সহায়ৰ বাবে মই হাত পাতি ৰৈছো,” তেওঁ কয়।
“কালীচৰণ ছাৰে সহায় কৰিলে,” কাৰুপ্পিয়াহে কয়। মে’ৰ লকডাউনৰ সময়ত কালীচৰণে এএমচি যোগে প্ৰতিজন শিল্পীকে ১০ কিলো চাউল দিছিল। চাৰিজনী জীয়াৰী আৰু এজন পুত্ৰৰ সৈতে কাৰুপ্পিয়াহৰ পৰিয়ালটো খুবেই ডাঙৰ। কিন্তু তেওঁলোকে চম্ভালি ল’ব, তেওঁ কয়। “আমি পথাৰৰ পৰা কিছু শাক-পাচলি যোগাৰ কৰিম। বেঙেনা আৰু পিয়াজ আদি। কিন্তু চহৰৰ লোকে কি কৰিব?”
এই প্ৰতিবেদনৰ পাঠখিনি অপৰ্ণা কাৰ্থিকেয়ানে প্ৰতিবেদকৰ সহযোগত লিখিছে।
অনুবাদ: পংকজ দাস