“আমাৰ জীৱনটো জুৱাখেলৰ দৰে। যোৱা দুটা বছৰ কেনেদৰে কটাইছো, কেৱল ইশ্বৰেহে জানে,” ভি থাৰ্মাই কয়। “মোৰ ৪৭ বছৰীয়া লোকশিল্প সাধনাৰ কালছোৱাত এই দুটা বছৰতে এনে দিন দেখিছো য’ত খাবলৈ খুদকণো নোপোৱা হৈছো।”
৬০ বছৰীয়া থাৰ্মা আম্মা তামিলনাডুৰ মাডুৰাই চহৰৰ এগৰাকী লোকশিল্পী। “আমাৰ নিৰ্দিষ্ট উপাৰ্জন নাই,” তেওঁ কয়। “এই ক’ৰনা (বিশ্ব মহামাৰী)ৰ সময়ত উপাৰ্জনৰ যিকণ সুবিধা আছিল সেইখিনিও নাইকিয়া হ’ল।”
বছৰটোৰ প্ৰথম ছটা মাহ মাডুৰাই জিলাৰ ৰূপান্তৰিত লোকশিল্পীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এই সময়ছোৱা গাওঁবোৰত স্থানীয় উৎসৱৰ সময়, মন্দিৰবোৰতো সাংস্কৃতিক অনুষ্ঠান চলে। কিন্তু লকডাউনৰ সময়ত জনসমাগমৰ ওপৰত চৰকাৰী নিষেধাজ্ঞাৰ ফলত ৰূপান্তৰিত মহিলা শিল্পীসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। নাটক আৰু লোকশিল্পত ৰূপান্তৰিত মহিলাৰ ৰাজ্যিক সংস্থাৰ সচিব ৬০ বছৰীয়া থাৰ্মা আম্মা (স্থানীয় লোকে তেওঁক তেনেকৈয়ে মাতে)য়ে ধাৰ্য্য কৰা মতে এনে ৰূপান্তৰিত শিল্পীৰ সংখ্যা প্ৰায় ৫০০।
থাৰ্মা আম্মা মাডুৰাই ৰেলৱে ষ্টেছনৰ কাষৰ এটা ভাড়াঘৰত ভতিজাকৰ সৈতে থাকে। ভতিজাকটোৰ দুটা সন্তান, তেওঁ ফুলৰ দোকান দি জীৱিকা নিৰ্বাহ কৰে। দিনহাজিৰা কৰি মাক-দেউতাকে পোহপাল দিয়া আম্মাই সৰুৰে পৰা মাডুৰাই চহৰত মন্দিৰৰ প্ৰাংগণত হোৱা ধৰ্মীয় অনুষ্ঠান আৰু দাঁতিৰ গাওঁবোৰৰ উৎসৱ-পাৰ্ৱণত ৰূপান্তৰিত মহিলাৰ নৃত্য-গীত চাই চাই ডাঙৰ-দীঘল হৈছে।












