নৱেম্বৰৰ তিনিটা দিনৰ বাবে অসমৰ মাজুলী নদীদ্বীপৰ গড়মূৰ বজাৰখন ৰংচঙীয়া লাইট আৰু মাটিৰ চাকিৰ পোহৰেৰে উজলি উঠে। শীতকালৰ আগমন ঘটাৰ ঠিক আগৰ দিনকেইটাত সন্ধ্যা নামিলেই গড়মূৰৰ বিভিন্ন স্থানত মাইকৰ পৰা খোল-তালৰ শব্দ ভাঁহি আহে।
এয়াই ৰাস মহোৎসৱ আৰম্ভণি।
এই উৎসৱ আৰম্ভ হয় অসমীয়াৰ কাতি-আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখনৰ পৰা। ইংৰাজী কেলেণ্ডাৰৰ অক্টোবৰ-নৱেম্বৰ মাহত উদযাপিত এই তিনিদিনীয়া উৎসৱত ভাগ ল’বলৈ প্ৰতিবছৰে দ্বীপটোলৈ ভক্ত আৰু পৰ্য্যটকৰ সোঁত বয়।
“ৰাস নাথাকিলে আমি সাংঘাতিক কিবা এটা হেৰুওৱা যেন অনুভৱ কৰিম। এয়া (ৰাস মহোৎসৱ) আমাৰ সংস্কৃতি,” বৰুণ চিতাদাৰ চুক গাঁৱৰ ৰাস আয়োজক সমিতিৰ সম্পাদক ৰাজা পায়েঙে কয়। “মানুহে বৰ আগ্ৰহেৰে গোটেই বছৰটো এই উৎসৱলৈ বাট চায়,” তেওঁ লগতে কয়।
শ শ লোকে ভালৰো ভালযোৰ কাপোৰ এসাজ পিন্ধি সাজি-কাচি গড়মূৰ সত্ৰৰ সমীপত গোট খাইছে - এই সত্ৰখন অসমৰ আন আন সত্ৰৰ দৰে নৱবৈষ্ণৱ ধৰ্মৰ উপাসনাস্থলী।





































