“নদীত খেতি কৰিবলৈ বহুত ভাল। শস্য চপোৱাৰ পিছত নৰাও নাথাকে আৰু অপতৃণ গজাৰো ভয় নাথাকে।”
ৰায়পুৰ জিলাৰ নাগ্ৰি নগৰৰ সমীপৰ ফাৰ্চিয়া গাঁৱৰ পৰা বৈ অহা মহানদী নৈৰ বুকুত বছৰৰ পিছত বছৰ ধৰি খেতি কৰি অহা ৫০-৬০ গৰাকী খেতিয়কৰ মাজৰে এজন মহাছামুণ্ড জিলাৰ ঘোদাৰি গাঁৱৰ কুন্তী পানে। 'মই যোৱা প্ৰায় এটা দশক ধৰি এনেকৈয়ে খেতি কৰি আহিছো। মই আৰু মোৰ মানুহজন আমি দুয়ো মিলি ভেণ্ডি, বীন আৰু তৰমুজৰ খেতি কৰি আহিছো,’ ৫৭ বছৰীয়া কুন্তীয়ে কয়।
পাতলীয়া বৰষুণৰ সময়তো এজন মানুহে ধুনীয়াকৈ বহিব আৰু শুব পৰা ঘাঁহ-বনেৰে সজা জুপুৰিটোত বহি তেওঁ কথাবোৰ কৈ গৈছিল। এই জুপুৰীটোতেই উজাগৰী নিশা কটাই তেওঁলোকে খেতিডৰাক গৰু আৰু আন জন্তুৰ পৰা সুৰক্ষা দি আহিছে।
মহানদী নৈৰ ওপৰত থকা দলংখনে ৰায়পুৰ জিলাৰ পাৰাগাঁও আৰু মহাছামুণ্ড জিলাৰ ঘোঁদাৰী গাঁও দুখনক সংযোগ কৰিছে। দলংখনৰ তললৈ চালে সেউজীয়া দলিছা এখনহে যেন বৈ গৈছে তেনে অনুভৱ হোৱাতো স্বাভাৱিক। খৰালি কালত বিশেষকৈ ডিচেম্বৰৰ পৰা মে’ৰ শেষৰফালে অহা প্ৰথমজাক বৰষুণ পৰ্যন্ত দুয়োখন গাঁৱৰ কৃষকসকলে বালিময় নৈখনৰ মাটি নিজৰ নিজৰ মাজত ভাগ কৰি লৈ এনেদৰে খেতি কৰি আহিছে।














