মোৰ উচ্চতৰ মাধ্যমিকৰ (ছেকেণ্ডাৰী স্কুল চাৰ্টিফিকেট চমুকৈ এছ.এছ.চি.]ৰ ফলাফল ঘোষণা কৰাৰ দিনা মোৰ অৱস্থাটো বেটছমেন এজনে মাৰি পঠিওৱা ক্ৰিকেট বল এটাৰ দৰে হৈছিল। জানেই নহয়, কেনেকৈ সকলোৰে দৃষ্টি কেৱল সেই বলটোত থাকে? এইবাৰ চাৰি [ৰাণ] হ’ব নে ছয়? সকলোৱে চাই থাকে। যদি মই ব্যৰ্থ হওঁ তেন্তে কি হ’ব? দেউতাই চাগে মোক লগে লগে বিয়া দি দিলেহেঁতেন।
ফলাফল ঘোষণা কৰোঁতেহে মই স্বস্তিৰ নিশ্বাস এৰিছিলো, মই ৭৯.০৬ শতাংশ নম্বৰ লাভ কৰিছো আৰু এটা মাত্ৰ পইণ্টৰ কাৰণে মোৰ স্কুলৰ তৃতীয় সৰ্বোচ্চ ৰেংকটো নাপালোঁ। মোৰ এই কৃতিত্বত মই অভিভূত: হৈ পৰিছিলো, আমাৰ নাথজোগী যাযাবৰী সম্প্ৰদায়ত কোনো ছোৱালীয়ে দশম শ্ৰেণী উত্তীৰ্ণ হৈ পোৱা নাই।
মই নৱ খ [জলগাঁও জামোদ তহচিল, বুলদানা জিলা]ত বাস কৰোঁ। সেই সৰু গাওঁখনত কেৱল মোৰ সম্প্ৰদায়ৰ মানুহহে আছে। ইয়াত বেছিভাগ মানুহেই ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিবলৈ পুণে, মুম্বাই আৰু নাগপুৰলৈ যায়। বাকীসকলে মোৰ মা-দেউতাৰ দৰে আমাৰ গাঁৱৰ আশে-পাশে দিন হাজিৰাৰ কাম কৰে।
মোৰ মা-দেউতা – ভৌলাল চাহেবৰাও সোলাংকে (৪৫) আৰু দ্ৰৌপদা সোলাংকে (৩৬) – আনৰ ঘেঁহু, জোঁৱাৰ, কুঁহিয়াৰ, সৰিয়হ আৰু কপাহৰ খেতিপথাৰত কাম কৰে। দিনটোত প্ৰায় আঠ ঘণ্টা কাম কৰি তেওঁলোকে ২০০ টকাকৈ উপাৰ্জন কৰে। তেওঁলোকে খুব কমেইহে দীঘলীয়া সময়ৰ কাৰণে কাম কৰে। কাম এমাহত ১০-১২ দিনতকৈ বেছি নহয়, কাৰণ কাম বিচৰা মানুহ বহুত, কিন্তু কাম কম।
মোৰ দেউতাই পঞ্চম মানলৈ পঢ়িছিল। তাৰ পিছত কামত ধৰাই পঢ়া বাদ দিছিল। মোৰ দুগৰাকীকৈ ডাঙৰ বাইদেউ আছে। ২৪ বছৰীয়া ৰুকমাই কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল আৰু ২২ বছৰীয়া নীনাই ৫ম শ্ৰেণীলৈকে পঢ়িছিল। মোৰ দুয়োগৰাকী বাইদেউ এতিয়া বিবাহিত। তেওঁলোকে স্কুল এৰি যোৱাৰ পিছৰে পৰা দিন হাজিৰা কৰি আহিছে। মোৰ ডাঙৰ ভাইটি ২০ বছৰীয়া দেৱলালো এজন শ্ৰমিক। তেওঁ নৱম শ্ৰেণীত স্কুল এৰিছিল। মোৰ দহ বছৰ বয়সত দেউতাই মোক কৈছিল, "তই এতিয়া কাম আৰম্ভ কৰিব পাৰ, আৰু পঢ়ি থকাৰ প্ৰয়োজন নাই।" তেঁৱেই একমাত্ৰ নহয়। মই সদায় বিদ্যালয়লৈ যাওঁতে এগৰাকী বয়সস্থ মহিলাক লগ পাওঁ। তেওঁ মোক এইদৰেও গালি পাৰিছিল: "তোৰ বায়েৰহঁত স্কুললৈ যোৱা নাছিল, তোৰ কি দৰকাৰ? তই কি ভাবিছ, তই পঢ়া-শুনা কৰিলেই চাকৰি পাবি?









