‘কাম নাথাকিলে (পথাৰত) মই হাবিলৈ গৈ কৰ্মাতা ফল আৰু অইন বনজ সামগ্ৰী সংগ্ৰহ কৰিবলৈ যাওঁ,’ গাংগেয়ে কয়। তাই লাউড নামৰ এবিধ পৱিত্ৰ উদ্ভিদৰ কথা কৈছে, সেই জোপোহা তৃণ তাইৰ চুবৰী বালেংগা পাৰাত বিয়পি আছে। মটীয়া বৰণৰ বিশালকায় শিলবোৰ সমভূমি অঞ্চলটোত বিস্তৃত হৈ আছে। কিছুমানৰ আকৃতি ঘৰটোৰ সমান, কিছুমানৰ আকৌ চাৰিচকীয়া গাড়ীৰ সমান। তাৰে মাজে মাজে ডাঙৰ ডাঙৰ গছবোৰে আকাশ চুইছে।
বস্তৰ অঞ্চলৰ অমৰাৱতী অৰণ্যৰ দাঁতিত এই বালেংগা পাৰা চুবুৰীটো আছে। দক্ষিণ ছত্তীশগড়ৰ ৰজ্ঞানগাওঁ চহৰৰ পৰা বাছত আঠ ঘণ্টা সময় ভ্ৰমণৰ পাছত দুই কিলোমিটাৰ বাট খোজ কাঢ়িলে চুবুৰীটো ঢুকি পাব পাৰি। চুবুৰীটোত মূল ৰাস্তাটো আলকাতৰা দিয়া আৰু বাকীখিনি বোকা-মাটি আৰু গৰু-ছাগলীৰ গোবৰেৰ ভৰা। বালেংগা পাৰাৰ প্ৰায় ৬০ টামান ঘৰত মুঠ ৩৩৬ গৰাকী বাসিন্দা (২০১১ৰ লোকপিয়ল মতে) থাকে। ঘৰবোৰ পুৰণি আৰু ধূসৰ। মাটি লেপি দিয়া বেৰ আৰু কিছুমান ঘৰ ইটা গঁথা। তাৰে কিছুমান বালি-চিমেণ্টেৰে সজা আৰু এচবেষ্টচৰ চালিও আছে। কিছুমান ঘৰত সেউজীয়া-গুলপীয়া ৰং দিয়া আছে।
৩৩ বৰ্ষীয় গাংগে সোধী গণ্ড আদিবাসী সম্প্ৰদায়ৰ মহিলা। তেওঁ হালবি আৰু গণ্ডি ভাষাৰ লগতে অলপ-চলপ হিন্দীও কয়। লাজ লাজকৈ তেওঁ আমাক তেওঁৰ বিষয়ে লিখিবলৈ সন্মতি দিলে।
গাংগেয়ে তেওঁৰ পৰিয়ালৰ লালন-পালনত দিন কটায়। দেউতাকৰ সৈতে পথাৰৰ কামত লাগি দিয়ে আৰু মহুৱা ফুলৰ পৰা মদ প্ৰস্তুত কৰি সাপ্তাহিক বজাৰত বিক্ৰী কৰে।
তেওঁৰ দিনটো পুৱা ৫ মান বজাত আৰম্ভ হয়। ‘দিনটোৰ আহাৰৰ কাৰণে ধান জাৰি লওঁ। বাচন ধোওঁ আৰু ওচৰৰে দমকলৰ পৰা পানী আৰু খৰি আনো। ৰাতিপুৱাৰ আহাৰ ৰান্ধো আৰু ১০ মান বজাত পথাৰৰ কামলৈ বুলি ওলাই যাওঁ।’ পিছবেলা দুপৰীয়াৰ আহাৰ খাবলৈ কিছু সময়ৰ বাবে তেওঁ ঘৰলৈ আহে আৰু আকৌ পথাৰলৈ যায়। সন্ধিয়া চাৰি বজাত তেওঁ কাম সামৰে। ‘কামৰ পৰা আহি গা ধুই, আৰু অলপ পানী-খৰি গোটাই, কেতিয়াবা গৰুৰ গোবৰৰ মজিয়াখন মচি ৰাতিৰ আহাৰ ৰান্ধো (আমিষ আৰু নিৰামিষ দুয়োটাই)।’ ‘বিশেষ পৰ্ব থাকিলে আমি পুৰি আৰু পায়সো ৰান্ধো।’
গাংগেয়ে তেওঁৰ মাক কুমেণ্টি আৰু পিতৃ মংগলৰাম, তাইৰ ভাই শিৱৰাজ, উমেশ, চাহদানি আৰু ৰত্নি আৰু তাইৰ তিনি জীয়ৰী জিতেশ্বৰী (১৫), জ্যোতি (১৩) আৰু প্ৰতিমা (১১)ৰ লগত ৰাস্তাৰ দাঁতিৰ ঘৰটোত থাকে। পানীৰ পাম্পৰ কাষতে তেওঁৰ ঘৰটো। সেই পাম্পটোৱে গাওঁখনৰ পানীৰ একমাত্ৰ উৎস। তেওঁৰ ইটাৰে গাঁথনি দিয়া ঘৰটোৰ চালিখন সেউজীয়া ৰঙৰ পোৰমাটি লগোৱা। ঘৰটোৰ দুৱাৰমুখৰ মজিয়াখনত কাঁচৰ ৰং-বিৰঙি খাৰু খটোৱা আছে।






