প্ৰতিদিনে ৰাতিপুৱা শ্বেইখ পৰিয়ালৰ সকলোৱেই কামলৈ যায়। মধ্য শ্ৰীনগৰৰ বটমালু এলেকাত থকা এটা বস্তিত বাস কৰা ফাতিমাই ৰাতিপুৱা ৯ বজাত ঘৰ এৰে আৰু আবেলি প্ৰায় ৫ বজালৈকে তেওঁ ২০ কিলোমিটাৰ মান চাইকেল চলাই পেলায় দিয়া প্লাষ্টিকৰ বটল আৰু গট্টা (কাৰ্ড ব’ৰ্ড)সংগ্ৰহ কৰে। তেওঁৰ স্বামী, মহম্মদ কুৰ্বান শ্বেইখে কেতিয়াবা দূৰলৈকে যায়। নগৰৰ সীমাৰ বাহিৰৰ ৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা নগৰ আৰু গাওঁবোৰৰ পৰা ফাতিমাৰ দৰেই, এখন তিনিচকীয়া চাইকেল–ৰিক্সাৰ পিছফালে টেম্প’ৰ দৰে এটা কণ্টেইনাৰ লগাই পেলাই দিয়া বস্তু বিচাৰি ফুৰে। তেওঁলোকৰ ১৭ বছৰৰ পৰা ২১ বছৰ বয়সীয়া ছোৱালী আৰু ল’ৰা দুজনেও শ্ৰীনগৰৰ পৰা জাবৰ সংগ্ৰহ কৰে।
একেলগে পাঁচোজনে শ্ৰীনগৰৰ ঘৰ, হোটেল, কনষ্ট্ৰাকছন ছাইট, শাক-পাচলিৰ বজাৰ আৰু অন্য স্থানবোৰত গোট খোৱা ৪৫০-৫০০ টন জাবৰৰ এক সৰু অংশ চাফা কৰে, এই হিচাপ শ্ৰীনগৰ পৌৰ নিগমে দিয়া।
শ্বেইখ পৰিয়াল আৰু অসংখ্য অন্য জাবৰ-বোটলা লোক, পৌৰ নিগমৰ বৰ্জ্য ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ লগত আনুষ্ঠানিকভাৱে সংযোজিত নহয়। পৌৰ নিগমৰ অধ্যক্ষ আথাৰ আমিৰ খানে কোৱা মতে, তেওঁলোকে প্ৰায় ৪০০০ গৰাকী চাফাই কৰ্মীক নগৰৰ গোটা জাবৰ সংগ্ৰহ আৰু একে স্থানত পেলাবৰ বাবে স্থায়ীভাৱে বা চুক্তিৰ অধীনত নিয়োগ কৰিছে। শ্ৰীনগৰ পৌৰ নিগমৰ মুখ্য চাফাই কৰ্মী নাজিৰ আহমেদে কয় যে “যদিও জাবৰ বোটলা লোকসকল আমাৰ বন্ধুৱেই হয়, তেওঁলোকে পেলনীয়া প্লাষ্টিকবোৰ আঁতৰাই নিয়ে যিবোৰ ১০০ বছৰটো ডিকম্প’জ নহয়। ”
জাবৰ-বোটলা লোকসকল কেৱল “স্ব-নিয়োজিত”ই নহয়, অতি বিপজ্জনক পৰিস্থিতিটো তেওঁলোকে কোনো সুৰক্ষা নোহোৱাকৈয়ে কাম কৰে। তাতে আকৌ ক’ভিড-১৯ অতিমাৰীৰ বাবে তেওঁলোক আৰু বেছি সুৰক্ষাবিহীন হৈ পৰিছে। “মই ভগৱানৰ ওপৰত ভৰসা ৰাখি কাম পুনৰ আৰম্ভ কৰিছিলো [২০২১ৰ জানুৱাৰীত লকডাউন শিথিল হোৱাৰ পিছত]। মই মোৰ পৰিয়ালৰ বাবে চাউলকণ যোগাৰৰ বাবে বিশুদ্ধচিত্তে কাম কৰো আৰু মই জানো যে মই সংক্ৰমিত নহওঁ....” ৪০ বছৰীয়া ফাতিমাই কয়।






















