খাণ্ডৱ বন
খাণ্ডৱ দাহ চলি আছে ধৰ্মৰাজ!
অৰণ্য ধিয়াই উৰি আহিছে ক’লা ধোঁৱা
আমাৰ নাকৰ বিন্ধাৰে গৈ
হাঁওফাঁওৰ অটল গহ্বৰত প্ৰৱেশ কৰিছে
হিংস্ৰ পশুৰ দল...
আন্ধাৰত চমকি উঠিছে
এঙাৰৰ দৰে চকু
ভয়ে আগভেটি ধৰে আমাক
শুকান আঙুৰ যেন আমাৰ হাঁওফাঁও
নিগৰি বৈ আহে উৱলা ৰং
দেশে উশাহ নাপাই ককবকাইছে
যোগীৰাজ!
জ্বলি আছে খাণ্ডৱ বন!
মহাজনৰ লোভৰ যজ্ঞত তৃপ্ত নগৰ
ৰজাৰ বাসনা যজ্ঞত
ব্ৰাহ্মণ বেশধাৰী অগ্নিক লাগে
অক্সিজেন!
যৌৱনক জ্বলাবলৈ তেওঁক লাগে;
সেউজ গছৰ ৰস
লাগে পশুৰ সুগন্ধি
তেওঁক লাগে
নুমাই যোৱা জুই ভেদি ওলাই অহা
মানুহৰ চিঞৰ-বাখৰ...
'তথাস্তু’ কৃষ্ণই ক’লে
কাম হৈ যাব, অৰ্জুনে মোছ পকালে...
আৰু জ্বলি উঠিল খাণ্ডৱ বন...
খাণ্ডৱ বন জ্বলি আছে
যোগেশ্বৰ!
উশাহ বন্ধ হৈ
দৌৰি ফুৰিছে ভীতিগ্ৰস্তু পশুবোৰ
চৰাইবোৰক পাখিত ধৰি
আকৌ পেলাই দিয়া হৈছে জুইত
ভীল, কোল, কিৰাত, নাগ... অৰণ্যৰ মানুহবোৰে
অকণমান অক্সিজেনৰ বাবে হাহাকাৰ কৰি
এতিয়া এৰি গৈছে অৰণ্য
আস! কি যে হ’ব!
উদাস চাৱনিৰে
খাণ্ডৱ বনৰ ইটো মূৰত ৰৈ আছে কৃষ্ণ,
থিয় হৈ আছে অৰ্জুনো
জুইৰ পৰা পলায়ন কৰাসকলক
বধ কৰা হৈছে
আকৌ উভতাই পঠিওৱা হৈছে অগ্নিকুণ্ডলৈ
আমাক অক্সিজেন দিয়া
হে মহাভাৰত বিজয়ীসকল
এইখন আপোনাৰ ভাৰত
এই মহাভাৰতো আপোনাৰ
এই পৃথিৱী, এই ধন
এই ধৰ্ম, এই নীতি
অতীত-বৰ্তমান সকলো আপোনাৰ
আমাক মাত্ৰ এটা অক্সিজেন চিলিণ্ডাৰ লাগে... মধুসুদন
জুই জ্বলাবলৈ নহয়
অক্সিজেনেই যে আমাৰ জীৱন
আপুনিয়েইতো কৈছিল!
জুইত আত্মাক জ্বলাব নোৱাৰি
কিন্তু এই অৰণ্যই আছিল আমাৰ আত্মা
আৰু এয়া চাওক জ্বলি আছে...
খাণ্ডৱ বন জ্বলি আছে
গীতেশ্বৰ!
এখন বিশাল চিতাৰ দৰে
দাউদাউকৈ জ্বলি আছে
জ্বলি আছে...



