অগ্নিদেৱতাৰ সমস্ত পৰিকল্পনা পণ্ড কৰি ইন্দ্ৰই পুনৰ্বাৰ খাণ্ডবনত মুষলধাৰ বৃষ্টিপাত কৰিছিল। অগ্নিদেৱতাই ক্ৰোধত একোনাই হৈ ইন্দ্ৰক পৰাজিত কৰিব খুজিছিল। তেওঁ এনে এজন ব্যক্তি বিচাৰিছিল, যিজনে এই কাম সম্ভৱ কৰি তুলিব পাৰে।

ইন্দ্ৰপ্ৰস্থত সুভদ্ৰাৰ সৈতে অৰ্জুনৰ বিবাহৰ আয়োজন চলি আছিল। বিবাহোৎসৱ দীৰ্ঘসময়লৈকে বৰ আড়ম্বৰেৰে চলিছিল। আয়োজন আছিল ৰাজকীয়। বিবাহোৎসৱ সম্পন্ন হোৱাৰ পিছত অৰ্জুন আৰু কৃষ্ণই সপত্নীকে খাণ্ডৱ বনত বনভোজৰ বাবে গৈছিল। তেওঁলোক খাণ্ডৱ বনত থকা সময়তে অগ্নিয়ে ব্ৰাক্ষ্মণৰ বেশ ধাৰণ কৰি তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল। তেওঁলোকে কৃষ্ণ আৰু অৰ্জুনৰ পৰা ভাল খাদ্য খোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। তেওঁ অভিযোগৰ সুৰত ক’লে যে যা-যজ্ঞত অত্যধিক পৰিমাণে ঘিউ দিয়া খাদ্য খাই তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু সেয়ে তেওঁ সতেজ আৰু সেউজীয়া খাদ্য খাব বিচাৰিছে। মানে খাণ্ডৱ বনখন।

“বন্য জীৱ-জন্তু আৰু তৰু-তৃণৰে ভৰি থকা খাণ্ডৱ বনতকৈ ভাল কি খাদ্য হ’ব পাৰে?” তেওঁ প্ৰশ্ন কৰে। “এই বনেই মোক মোৰ যৌৱনৰ শৌৰ্য্য-বীৰ্য্য ঘুৰাই আনিব পাৰিব।”

কিন্তু ইন্দ্ৰই তেওঁৰ সকলো অভিপ্ৰায় বিফল কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল। তেওঁক প্ৰয়োজন আছিল সহায়ৰ। ব্ৰাহ্মণ এজনক শুদাহাতে পঠিওৱাৰ পৰিণাম কি হ’ব পাৰে সেয়া কৃষ্ণ আৰু অৰ্জুনে ভালকৈয়ে জানিছিল। তেওঁলোকে ব্ৰাহ্মণগৰাকীক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। অগ্নিয়ে খাণ্ডৱ বন জ্বলাই দিলে। লেলিহান শিখাবোৰ সৰ্বত্ৰে বিয়পি পৰিল। কৃষ্ণ আৰু অৰ্জুনে বনৰ দাঁতিত থিয় দি পলাবলৈ ধৰা জীৱবোৰক হত্যা কৰিবলৈ ধৰিলে আৰু ইন্দ্ৰৰ সৈতে যুদ্ধ কৰি গ’ল। আকাশ-বতাহ অগ্নিশিখাই আৱৰি ধৰিলে…

– মহাভাৰতৰ আদি পৰ্বৰ খাণ্ডৱ বন দাহৰ আলমত লিখা হৈছে।

কবিতাটো অংশু মালবিয়াই কৰা আবৃত্তি শুনিব পাৰে

খাণ্ডৱ বন

খাণ্ডৱ দাহ চলি আছে ধৰ্মৰাজ!

অৰণ্য ধিয়াই উৰি আহিছে ক’লা ধোঁৱা
আমাৰ নাকৰ বিন্ধাৰে গৈ
হাঁওফাঁওৰ অটল গহ্বৰত প্ৰৱেশ কৰিছে
হিংস্ৰ পশুৰ দল...

আন্ধাৰত চমকি উঠিছে
এঙাৰৰ দৰে চকু
ভয়ে আগভেটি ধৰে আমাক
শুকান আঙুৰ যেন আমাৰ হাঁওফাঁও
নিগৰি বৈ আহে উৱলা ৰং

দেশে উশাহ নাপাই ককবকাইছে
যোগীৰাজ!

জ্বলি আছে খাণ্ডৱ বন!

মহাজনৰ লোভৰ যজ্ঞত তৃপ্ত নগৰ
ৰজাৰ বাসনা যজ্ঞত
ব্ৰাহ্মণ বেশধাৰী অগ্নিক লাগে
অক্সিজেন!
যৌৱনক জ্বলাবলৈ তেওঁক লাগে;
সেউজ গছৰ ৰস
লাগে পশুৰ সুগন্ধি
তেওঁক লাগে
নুমাই যোৱা জুই ভেদি ওলাই অহা
মানুহৰ চিঞৰ-বাখৰ...

'তথাস্তু’ কৃষ্ণই ক’লে

কাম হৈ যাব, অৰ্জুনে মোছ পকালে...
আৰু জ্বলি উঠিল খাণ্ডৱ বন...

খাণ্ডৱ বন জ্বলি আছে
যোগেশ্বৰ!

উশাহ বন্ধ হৈ
দৌৰি ফুৰিছে ভীতিগ্ৰস্তু পশুবোৰ
চৰাইবোৰক পাখিত ধৰি
আকৌ পেলাই দিয়া হৈছে জুইত

ভীল, কোল, কিৰাত, নাগ... অৰণ্যৰ মানুহবোৰে
অকণমান অক্সিজেনৰ বাবে হাহাকাৰ কৰি
এতিয়া এৰি গৈছে অৰণ্য

আস! কি যে হ’ব!

উদাস চাৱনিৰে
খাণ্ডৱ বনৰ ইটো মূৰত ৰৈ আছে কৃষ্ণ,

থিয় হৈ আছে অৰ্জুনো
জুইৰ পৰা পলায়ন কৰাসকলক
বধ কৰা হৈছে
আকৌ উভতাই পঠিওৱা হৈছে অগ্নিকুণ্ডলৈ

আমাক অক্সিজেন দিয়া
হে মহাভাৰত বিজয়ীসকল
এইখন আপোনাৰ ভাৰত
এই মহাভাৰতো আপোনাৰ
এই পৃথিৱী, এই ধন
এই ধৰ্ম, এই নীতি
অতীত-বৰ্তমান সকলো আপোনাৰ
আমাক মাত্ৰ এটা অক্সিজেন চিলিণ্ডাৰ লাগে... মধুসুদন
জুই জ্বলাবলৈ নহয়
অক্সিজেনেই যে আমাৰ জীৱন

আপুনিয়েইতো কৈছিল!
জুইত আত্মাক জ্বলাব নোৱাৰি
কিন্তু এই অৰণ্যই আছিল আমাৰ আত্মা
আৰু এয়া চাওক জ্বলি আছে...

খাণ্ডৱ বন জ্বলি আছে
গীতেশ্বৰ!
এখন বিশাল চিতাৰ দৰে
দাউদাউকৈ জ্বলি আছে
জ্বলি আছে...

পাৰিভাষিক শব্দাৱলী

আদি পৰ্ব : মহাভাৰতৰ এটা পৰ্ব য’ত পৰিচয়মূলক কথা আছে, ২০১৪ৰ পৰা ২০১৯ পৃষ্ঠা।

ধৰ্মৰাজা : যুধিষ্ঠিৰক বুজাইছে।

যোগীৰাজ , যজ্ঞেশ্বৰ, মধুসুদন, গীতেশ্বৰ : শ্ৰীকৃষ্ণক বুজাইছে।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Poem and Text : Anshu Malviya

ਅੰਸ਼ੂ ਮਾਲਵੀਆ ਹਿੰਦੀ ਕਵਿਤਰੀ ਹਨ ਜਿਨ੍ਹਾਂ ਦੇ ਤਿੰਨ ਕਾਵਿ-ਸੰਗ੍ਰਹਿ ਪ੍ਰਕਾਸ਼ਤ ਹੋ ਚੁੱਕੇ ਹਨ। ਉਹ ਇਲਾਹਾਬਾਦ ਅਧਾਰਤ ਹਨ ਅਤੇ ਸਮਾਜਿਕ ਅਤੇ ਸੱਭਿਆਚਾਰਕ ਕਾਰਕੁੰਨ ਵੀ ਹਨ, ਜੋ ਸ਼ਹਿਰੀ ਗ਼ਰੀਬਾਂ ਅਤੇ ਇਨਫਾਰਮਲ ਸੈਕਟਰ ਦੇ ਕਰਮਚਾਰੀਆਂ ਅਤੇ ਸੰਯੁਕਤ ਵਿਰਾਸਤ ਦੇ ਨਾਲ਼ ਕੰਮ ਕਰਦੀ ਹਨ।

Other stories by Anshu Malviya
Paintings : Antara Raman

ਅੰਤਰਾ ਰਮਨ ਚਿਤਰਕ ਹਨ ਅਤੇ ਉਹ ਸਮਾਜਿਕ ਪ੍ਰਕਿਰਿਆਵਾਂ ਦੇ ਹਿੱਤਾਂ ਅਤੇ ਮਿਥਿਆਸ ਦੀ ਕਲਪਨਾ ਨਾਲ਼ ਜੁੜੀ ਹੋਈ ਵੈੱਬਸਾਈਟ ਡਿਜਾਈਨਰ ਹਨ। ਉਹ ਸ਼੍ਰਿਸ਼ਟੀ ਇੰਸਟੀਚਿਊਟ ਆਫ਼ ਆਰਟ, ਡਿਜਾਇਨ ਐਂਡ ਟਕਨਾਲੋਜੀ, ਬੰਗਲੁਰੂ ਤੋਂ ਗ੍ਰੈਜੁਏਟ ਹਨ, ਉਹ ਮੰਨਦੀ ਹਨ ਕਿ ਕਹਾਣੀ-ਕਹਿਣ ਅਤੇ ਚਿਤਰਣ ਦੇ ਇਹ ਸੰਸਾਰ ਪ੍ਰਤੀਕਾਤਮਕ ਹਨ।

Other stories by Antara Raman
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari