“ভাদহি হৈছে দলিচাৰ জিলা। ইয়াত আন একো কাম নাই,” চল্লিশ বছৰ বয়সীয়া আখতাৰ আলীয়ে কয়। “মই মোৰ শৈশৱ ইয়াতে কটাইছো, তেনেকৈ মই বোৱা-কটা কাম শিকিছো।” কিন্তু আলীয়ে দলিচাৰ চাহিদা নাইকিয়া হোৱাত চিলাই-কটাইৰ কামত সোমাইছে।
উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ ডিভিজন থকা ভাদহি জিলাখন দেশৰ ভিতৰত দলিচা বোৱাৰ সৰ্ববৃহৎ কেন্দ্ৰ। এই অঞ্চলটোত মিৰ্জাপুৰ, বাৰানসী, গাজিপুৰ, সোনভদ্ৰ, কৌচম্বি, এলাহবাদ, জৌনপুৰ, গাজিপুৰ, চান্দাৱলি অন্তৰ্ভুক্ত। উদ্যোগটোৱে প্ৰায় বিশ লাখ গ্ৰামীণ শিল্পীক সংস্থাপন দিছে, তাৰে এক বুজন অংশ মহিলা।
ভাদহি জিলাৰ দলিচা শিল্প আনতকৈ সুকীয়া, কাৰণটো হৈছে ইয়াত হাতেৰে দলিচা বোৱা হয়। দলিচা থিয়কৈ বোৱা হয়। প্ৰতি বৰ্গইঞ্চিত ৩০ৰ পৰা ৩০০ গাঁঠি মৰা হয়। প্ৰক্ৰিয়া আৰু কেঁচামাল – ঊণ, কপাহী সুতা আৰু মুগা সুতা দুটা শতিকাজুৰি একেই আছে। শিল্পীসকলে নিজৰ এই শিল্পকৌশল ল’ৰা-ছোৱালীক শিকাই যায়।
দলিচা বোৱাৰ এই অনন্য কৌশলৰ কাৰণে ভাদহিৰ দলিচাই ২০১০ত ভৌগোলিক সূচাংকৰ প্ৰমাণপত্ৰ পাইছে। এই জি.আই. টেগে তেওঁলোকৰ উদ্যোগটোৰ গতি ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছিল। কিন্তু দলিচাৰ ব্যৱসায়ত তাৰ কোনো প্ৰভাৱ নপৰিল।
উদাহৰণ স্বৰূপে ১৯৩৫ত স্থাপিত মুবাৰক আলি এণ্ড চনচ-য়ে ভাদহি দলিচা গ্ৰেট বৃটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় ইউনিয়ন আৰু জাপানলৈকে ৰপ্তানি কৰিছিল, কিন্তু অৰ্ডাৰ নোপোৱা হোৱাৰ ফলত ২০১৬ত দোকানখন বন্ধ কৰিবলগীয়া হয়। এই ৰপ্তানি ব্যৱসায়টোৰ প্ৰাক্তন প্ৰতিষ্ঠাতা ৬৭ বছৰ বয়সীয়া খালিদ খানৰ নাতি হৈছে মুবাৰক। “মোৰ ককাদেউতা আৰু দেউতাই এই ব্যৱসায়েই কৰিছিল। আমাৰ ব্যৱসায় আৰম্ভ হৈছিল বৃটিছৰ দিনত, তেতিয়া তাত লগোৱা লেবেলখনত আছিল ‘মেড ইন বৃটিছ ইণ্ডিয়া।’”


