বন্ধৰ সময় হোৱাৰ আগতেই প্ৰথম মহলাত থকা কোঠাটোত তলা লগোৱা আছে, নিজান পৰিছে। কাষৰ পুৰণি টিন আৰু কাঠৰ জুপুৰিটোতো কোনো নাছিল। মাথো এটা চকীৰ দ’ম, টেবুল, লোহাৰ বেঞ্চ এখন, ফলিক এছিডৰ বড়ি আৰু আইৰনৰ চিৰাপ আৰু পেলনীয়া কাগজৰ নুৰা পৰি আছিল। মামৰে ধৰা এখন পুৰণি নামফলকো পৰি আছিল। অৱশ্যে বন্ধ কোঠাটোৰ সৈতে ঘৰটোৰ প্ৰৱেশদ্বাৰত নতুন ফলক লাগি আছিল। তাত লিখা আছিল “প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চাবৰী মহল্লা, ডাল এছজিআৰ (শ্ৰীনগৰ)।
ইয়াৰ পৰা মাত্ৰ ১০ মিনিট নাৱেৰে গ’লেই নাজিৰ আহমেদ ভাটৰ ক্লিনিকখন পাব। ক্লিনিকখন সাধাৰণতে খোলাই থাকে আৰু ভিৰ লাগি থাকে। শীতৰ এটা সেমেকা আবেলিত তেওঁ কাঠৰ খুঁটা আৰু কাঠেৰে নিৰ্মিত দোকানখনত শেষৰজন ৰোগীক চাই আছিল (সন্ধ্যা তেওঁ পুনৰ ৰোগী চাবলৈ আহিব)। কোঠাটোৰ লগতে বেজী দিয়া চোৱা-চিতা কৰিবলৈ ঠেক, সৰু ঠাইৰ ব্যৱস্থা এটাও আছে। বাহিৰত থকা ব’ৰ্ডখনত লিখা আছিল ‘ভাট মেডিকেট কেমিষ্ট আৰু ড্ৰাগিষ্ট’।
৬০ বছৰীয়া হাফিজা দাৰ বেঞ্চ এখনত বহি অপেক্ষা কৰি আছিল। তেওঁ নাজিৰ ডাক্তৰক নাৱেৰে মাত্ৰ দহ মিনিট দুৰৈত থকা তেওঁৰ মহল্লালৈ নিব আহিছে। “মোৰ শাহুয়ে ডায়েবেটিছৰ বেজী ল’ব লগা আছে আৰু নাজিৰ চাহাবেই ইয়াৰ তদাৰক কৰি আছে। তেওঁৰ বয়স বেছখিনি হৈছে বাবে ইয়ালে আহিব নোৱাৰে”। নাজিৰক আশীৰ্বাদ দি তেওঁ কলে। “আমাৰ তাত (এনটিপিচিত) ডাক্তৰ পাবলে নাই।” হাফিজা দাৰ এগৰাকী গৃহিণী আৰু খেতিয়ক। তেওঁৰ গিৰিয়েক এজন খেতিয়ক আৰু ডাল হ্ৰদত চিকাৰা চলায়। “তেওঁলোকে অকল শিশুক পলিঅ’ ড্ৰপহে দিয়ে আৰু আবেলি ৪ বজাৰ পিছত তাত কাকো পোৱা নাযায়।”
হ্ৰদটোৰ দ্বীপত থকা মানুহবোৰে যোৱা দুটা বছৰে অৰ্থাৎ ২০১৯ চনৰ আগষ্টৰ পৰা একেলেঠাৰিয়ে কাশ্মীৰত হোৱা সান্ধ্য আইন আৰু লকডাউনৰ পৰাই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত (NTPHC) ডাক্তৰ দেখা নাই। ৪০ বছৰীয়া মহমদ ৰফিক মাল্লাই ক’লে, “কিছুবছৰ আগেয়ে তাত এজন ভাল ডাক্তৰ আছিল। তেওঁৰ চিকিৎসাও ভাল আছিল, কিন্তু তেওঁক বদলি কৰি নিলে আৰু ২০১৯ৰ পৰা আমি নতুন ডাক্তৰ দেখা নাই”। মাল্লাৰ ঘৰ ওচৰতে আৰু তেওঁ এজন ফটোগ্ৰাফাৰ। তালৈ অহা পৰ্যটকৰ তেওঁ ফটো তোলে। স্বাস্থ্যকেন্দ্ৰৰ “কৰ্মচাৰীবোৰ নিয়মিতভাৱে নাহে আৰু পৰ্যাপ্ত সময়ো স্বাস্থ্যকেন্দ্ৰত নাথাকে,” মাল্লাই কলে।
“শ্ৰীনগৰৰ মুখ্য চিকিৎসা বিষয়াৰ সহকাৰী সঞ্চালক পৰিকল্পনা কাৰ্য্যালয়ৰ নিয়ম মতে কাশ্মীৰৰ প্ৰাথমিক উপ স্বাস্থ্যকেন্দ্ৰবোৰক উন্নীত কৰি সকলো নতুন ধৰণৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (NTPHC)ত অন্ততঃ এজন এমবিবিএছ ডাক্তৰ (চিকিৎসা বিষয়া হিচাপে), এজন ফাৰ্মেচিষ্ট, এগৰাকী মহিলা (বিভিন্ন কাম কৰা স্বাস্থ্যকৰ্মী), এগৰাকী নাৰ্চ থাকিব লাগে আৰু সেইসকলক স্বাস্থ্যসেৱা সঞ্চালকালয়ে নিয়োগ কৰিব লাগে।










