“আমি দশৰা নাচত আমাৰ নৃত্য পৰিৱেশন কৰিবলৈ গৈ আছো,” নৃত্যশিল্পী ৰাম মচ্চিয়া বেইগাই কয়। “দশৰা (বিজয়াদশমী)ৰ দিনা এই নৃত্যোৎসৱ আৰম্ভ হয় আৰু ফেব্ৰুৱাৰী-মাৰ্চলৈ তিনিৰ পৰা চাৰিমাহ চলে। দশৰা উপভোগ কৰাৰ পিছত আমি বেইগাসকলৰ গাঁৱলৈ যাও আৰু গোটেই ৰাতি নাচো,” চত্তীশগড় বেইগা সমাজৰ সচিবগৰাকীয়ে উৎসৱৰ সবিশেষ এনেদৰে বৰ্ণনা কৰি কয়।
তিনিকুৰি বয়স গৰকা খেতিৰে জীৱন নিৰ্বাহ কৰা নৃত্যশিল্পীগৰাকীৰ ঘৰ কবীৰধাম জিলাৰ পাণ্ডাৰিয়া খণ্ডৰ আমানিয়া গাঁৱত। দলটোৰ আন সদস্যসকলৰ সৈতে ইতৱাৰজীয়ে ৰায়পুৰত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় জনজাতি নৃত্য উৎসৱত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছে।
বেইগা সম্প্ৰদায়টো চত্তীশগড়ৰ বিশেষভাবে বিপন্ন জনজাতীয় গোট (পি.ভি.টি.জি.)ৰ মাজৰ এটা। তেওঁলোক মধ্যপ্ৰদেশতো বাস কৰে।


