নাগপুৰ গ্ৰামীণ (মহাৰাষ্ট্ৰ): গোটেই বিদৰ্ভখন ৪৭ ডিগ্ৰী চেলচিয়াছত জ্বলি আছে যদিও এই ঠাইখন খুবেই ঠাণ্ডা। আমাৰ পৰা অকণমান দূৰত থকা সেই ঠাইখিনিত মাইনাছ ১৩ ডিগ্ৰী চলি আছে। এয়া দেই পুৰি নিয়া তপত বিদৰ্ভত “ভাৰতৰ প্ৰথমখন তুষাৰগৃহ”। বৰফবোৰ নগলাকৈ ৰাখিবলৈ কেৱল বিদ্যুতৰ মাচুলেই হয়গৈ দিনে ৪,০০০ টকা।

নাগপুৰ (গ্ৰামীণ) জিলাৰ বাজাৰগাওঁ গাওঁ পঞ্চায়তত থখা ফান এণ্ড ফুড ভিলেজ ৱাটাৰ এণ্ড এমিউজমেণ্ট পাৰ্কলৈ স্বাগতম। মহাত্মা গান্ধীৰ ছবি এখনে এই বিশাল চৌহদৰ অফিছটোলৈ আপোনাক আদৰণি জনাইছে। নিতৌ ডিস্কো, আইচ স্কেটিং, আইচ শ্লাইডিং আপনি পাবই। লগতে ‘ককটেইলৰ সৈতে ভাল ষ্টক মজুত থকা বাৰ’ এখনো তাত আছে। ৪০ একৰ মাটিত বিয়পি থকা এই পাৰ্কখনত ১৮ বিধ ৱাটাৰ শ্লাইড আৰু খেল আছে। আলোচনাচক্ৰৰ পৰা আৰম্ভ কৰি কিটি পাৰ্টিলৈকে আয়োজন কৰিবপৰা সুবিধা এই পাৰ্কখনত আছে।

পাৰ্কখন য’ত আছে, বাজাৰগাওঁ – ৩ হাজাৰ জনসংখ্যাৰ সেই গাওঁখনেই জলসংকটত ভুগি আছে। “পানী আনিবলৈ এইখন গাঁৱৰ মহিলাই কেবাবাৰো তাঁত বাতি কাঢ়িবলগীয়া হয়, তেনেকৈ প্ৰতিদিনে ১৫ কিলোমিটাৰ পৰ্য্যন্ত তেওঁলোকে খোজ কাঢ়ে,” সৰপঞ্চ যমুনাবাঈ উইকেয়ে কয়। “এই গোটেই গাওঁখনত এটাই মাত্ৰ চৰকাৰী কুঁৱা আছে। কেতিয়াবা আমি চাৰি বা পাঁচদিনৰ মূৰকত পানী পাও। কেতিয়াবা দহ দিনৰ মূৰত এবাৰ।”

খৰাংপীড়িত অঞ্চল হিচাপে ২০০৪তে ঘোষিত অঞ্চলৰ ভিতৰত এই বাজাৰগাওঁখন পৰে। আগতে এনে দুৰৱস্থা কেতিয়াও হোৱা নাছিল। গাওঁখনৰ দুৰৱস্থা ইয়াতেই শেষ হোৱা নাই। গাওঁখনে ছঘণ্টাকৈ এটা সময়ত বিদ্যুতৰ যোগান পাইছিল, মে’ মাহৰ অসহ্যকৰ গৰমত বিদ্যুতৰ কৰ্তন হৈছিল। স্বাস্থ্যকে ধৰি দৈনিক জীৱন ব্যাহত হৈছিল, পৰীক্ষাত বহিবলগীয়া ল’ৰা-ছোৱালীৰ পঢ়া খতি হৈছিল। গ্ৰীষ্মকালৰ উষ্ণতা ৪৭ ডিগ্ৰী চেলচিয়াছ হওঁতে পৰিস্থিত আৰু বিষম হৈ পৰিছিল।

গাঁৱৰ এই কঠোৰ জীৱনৰ ছায়াকণো পিছে ফান এণ্ড ফুড ভিলেজত নাই। বাজাৰগাওঁখনে সপোনতো ভাবিব নোৱাৰে, সিমান পানী এই ব্যক্তিগত মৰুদ্যানখনত আছে। বিদ্যুতৰ যোগান এক ছেকেণ্ডো ব্যাহত হোৱাৰ কথাও গাওঁখনৰ কল্পনাৰ বাহিৰত। “আমি গঢ় হিচাপত মাচুল পৰিশোধ কৰো,” পাৰ্কখনৰ মহাপ্ৰবন্ধক জচজীত সিঙে কয়, “মাহে ৪ লাখ টকা মান বিল আহে।”

The snowdome at the Fun & Food Village Water & Amusement Park in Bazargaon in Nagpur (Rural) district
PHOTO • P. Sainath
PHOTO • P. Sainath

বাওঁফালে: নাগপুৰ (গ্ৰামীণ) জিলাৰ বাজাৰগাঁৱত থকা ফান এণ্ড ফুড ভিলেজ ৱাটাৰ এণ্ড এমিউজমেণ্ট পাৰ্কৰ তুষাৰগৃহ। সোঁফালে: তুষাৰগৃহৰ ভিতৰভাগ

পাৰ্কখনৰ মাহিলী বিদ্যুতৰ মাচুল যমুনাবাঈৰ গাওঁ পঞ্চায়তৰ বছৰটোৰ ৰাজহৰ প্ৰায় সমান। বৈপৰীত্যৰ কথা যে পাৰ্কখনৰ কাৰণে গাওঁখনৰ বিদ্যুতৰ কৰ্তন সামান্য কমিছে। পাৰ্কখনত মানুহৰ সমাগম মে’ মাহত সৰ্বাধিক হয়। তেতিয়াৰে পৰা গাওঁখনৰ অৱস্থাও সামান্য ভাল হৈছে। পাৰ্কখনৰ পৰা গাওঁ পঞ্চায়তখনে বছৰি ৫০ হাজাৰ টকা ৰাজহ পায়। এয়া ফান এণ্ড ফুড ভিলেজখনে প্ৰৱেশদ্বাৰত দৈনিক ৭০০ দৰ্শনাৰ্থীৰ পৰা যিমান ধন সংগ্ৰহ কৰে, তাৰে প্ৰায় আধা অংশৰ সমান। পাৰ্কখনত কাম কৰা ১১০ জন কৰ্মচাৰীৰ এক ডজনমানহে বাজাৰগাঁৱৰ।

জলসংকটত ভুগি থকা বিদৰ্ভত এনে জলোদ্যান আৰু আমোদকেন্দ্ৰৰ সংখ্যা বাঢ়িছে। শ্বেৰগাঁৱ, বুলধানাত ধৰ্মীয় ন্যাস এটাই এখন বৃহৎ “মেডিটেচন চেণ্টাৰ এণ্ড এণ্টাৰটেইনমেণ্ট পাৰ্ক” চলায়। ৩০ একৰ মাটিত বিয়পি থকা ‘কৃত্ৰিম হ্ৰদ’টো এইবাৰ গ্ৰীষ্মকালত শুকাই গৈছিল। কিন্তু তাৰ আগেয়ে অভাৱনীয় হাৰত পানী সেই হ্ৰদটোৰ নামত অপচয় হৈছিল। প্ৰৱেশৰ টিকটৰ পইচাক ইয়াত “অৰিহণা” নাম দিয়া হৈছে। য়াভাটমালত ব্যক্তিগত কোম্পানী এটাই পৰ্য্যটকৰ বাবে ৰাজহুৱা জলাশয় এটা পৰিচালনা কৰে। অমৰাৱতীত এনে দুই কি তিনিটা জলাশয় (এতিয়া তলি ফাট মেলিছে) আছে। নাগপুৰৰ আশে-পাশে এনে ভালেকেইটা আছে।

এই সকলোবোৰ আছে এনে এটা অঞ্চলত, য’ত গাওঁবোৰত মাহত দুবাৰ মাত্ৰ পানী আহে। যিটো অঞ্চলত কৃষিসংকটৰ গ্ৰাসত পৰিছে, য’ত মহাৰাষ্ট্ৰৰ আত্মহত্যা কৰা কৃষকৰ সংখ্যা সৰ্বাধিক। “কেবাদশক ধৰি বিদৰ্ভত খোৱাপানী কিম্বা জলসিঞ্চনৰ ডাঙৰ প্ৰকল্প সম্পূৰ্ণকৈ ৰূপায়ণ কৰা হোৱা নাই,” নাগপুৰৰ সাংবাদিক জয়দীপ হাৰ্ডিকাৰে কয়। তেওঁ এই অঞ্চলটোৰ ওপৰত কেবাবছৰ ধৰি প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে।

A religious trust runs a large Meditation Centre and Entertainment Park in Shegaon, Buldhana.  It tried to maintain a 30-acre artificial lake within its grounds. The water body soon ran dry but not before untold amounts of water were wasted on it
PHOTO • P. Sainath
A religious trust runs a large Meditation Centre and Entertainment Park in Shegaon, Buldhana.  It tried to maintain a 30-acre artificial lake within its grounds. The water body soon ran dry but not before untold amounts of water were wasted on it
PHOTO • P. Sainath

বুলধানাৰ শ্বেৰগাঁৱত ধৰ্মীয় ন্যাস এটাই এখন বৃহৎ মেডিটেচন চেণ্টাৰ এণ্ড এণ্টাৰটেইনমেণ্ট পাৰ্ক পৰিচালনা কৰে। তাৰ ৩০ একৰ মাটিত বিয়পি থকা ‘কৃত্ৰিম হ্ৰদ’টো গ্ৰীষ্মকালত শুকাই যোৱাত অভাৱনীয় হাৰত সেই হ্ৰদটোৰ নামত পানীৰ অপচয় হৈছিল

ফান এণ্ড ফুড ভিলেজে পানী সংৰক্ষণৰ চেষ্টা কৰে বুলি জচজীত সিঙে জোৰ দি কয়। “একেখিনি পানী পুনঃব্যৱহাৰৰ বাবে আমাৰ অত্যাধুনিক পৰিশোধক প্ৰকল্প আছে।” কিন্তু এই গৰমত পানী অতি সোনকালে ভাপ হৈ উৰি যায়। আৰু পানী কেৱল মনোৰঞ্জনৰ বাবেই ব্যৱহাৰ নহয়। ভালেখিনি পানী পাৰ্কখনৰ উদ্যানত, অনাময়ত আৰু গ্ৰাহকৰ নামত ব্যৱহাৰ হয়।

“পানী আৰু পইচা দুয়োটাৰে অত্যধিক অপচয় হয়,” বুলধানাৰ বিনায়ক গাইকোৱাডে কয়। তেওঁ এগৰাকী খেতিয়ক আৰু জিলাখনৰ কিষাণ সভাৰ নেতা। ব্যক্তিগত খণ্ডৰ মুনাফাৰ বাবে ৰাজহুৱা সম্পদৰ এনেকৈয়ে প্ৰায়ে শোষণ হয়, ক্ষোভেৰে গাইকোৱাডে কয়। “তেওঁলোকে তাৰ পৰিৱৰ্তে মানুহৰ মৌলিক প্ৰয়োজনীয় পানীখিনি যোগান ধৰা উচিত।”

ইফালে বাজাৰগাঁৱত সৰপঞ্চ যমুনাবাঈ উইকেও সন্তুষ্ট নহয়। ফান এণ্ড ফুড ভিলেজক লৈও নহয়, ইমান মুনাফা আদায় কৰি তেনেই সামান্য দিয়া আন উদ্যোগবোৰক লৈও। “এইবোৰত আমাৰ কি আছে?” তেওঁ জানিব বিচাৰে। তেওঁৰ গাওঁখনত মানক পৰ্য্যায়ৰ এটা চৰকাৰী জল প্ৰকল্পৰ বাবে পঞ্চায়তে প্ৰকল্পৰ নামত হ’বলগীয়া ব্যয়ৰ ১০ শতাংশ বহন কৰিব লাগে। প্ৰায় ৪.৫ লাখ টকা। “আমি ৪৫ হাজাৰ টকা কেনেকৈ বহন কৰিব পাৰিম? আমাৰ অৱস্থা কি?” সেয়ে সেয়া এজন ঠিকাদাৰক গতাই দিয়া হ’ল। এনেকৈ প্ৰকল্পটো আৰম্ভ হ’ল। কিন্তু দীৰ্ঘম্যাদী হাৰত ব্যয় বাঢ়িব আৰু ইমান দৰিদ্ৰ আৰু ভূমিহীন মানুহেৰে ভৰি থকা গাওঁখনৰ নিয়ন্ত্ৰণ প্ৰকল্পটোৰ ওপৰত কমিব।

পাৰ্কখনৰ কাৰ্য্যালয়ত গান্ধীৰ হাঁহি থকা ফটোখন আমি এৰি আহিলো। গোটেই তুষাৰগৃহটোত সেয়া বিয়পি আছে। সেই মহাত্মাই কোৱা কথাষাৰৰ বিড়ম্বনা চাওক: “সৰল জীৱন যাপন কৰা, যাতে আনেও সৰল জীৱন যাপন কৰিব পাৰে।”

এই ষ্ট’ৰিটো দা হিন্দুত ২০০৫ৰ ২২ জুনত প্ৰকাশ পাইছিল, পি. সাইনাথ তেতিয়া কাকতখনৰ গ্ৰামীণ শিতানৰ সম্পাদক আছিল

অনুবাদ: পংকজ দাস

ਪੀ ਸਾਈਨਾਥ People’s Archive of Rural India ਦੇ ਮੋਢੀ-ਸੰਪਾਦਕ ਹਨ। ਉਹ ਕਈ ਦਹਾਕਿਆਂ ਤੋਂ ਦਿਹਾਤੀ ਭਾਰਤ ਨੂੰ ਪਾਠਕਾਂ ਦੇ ਰੂ-ਬ-ਰੂ ਕਰਵਾ ਰਹੇ ਹਨ। Everybody Loves a Good Drought ਉਨ੍ਹਾਂ ਦੀ ਪ੍ਰਸਿੱਧ ਕਿਤਾਬ ਹੈ। ਅਮਰਤਿਆ ਸੇਨ ਨੇ ਉਨ੍ਹਾਂ ਨੂੰ ਕਾਲ (famine) ਅਤੇ ਭੁੱਖਮਰੀ (hunger) ਬਾਰੇ ਸੰਸਾਰ ਦੇ ਮਹਾਂ ਮਾਹਿਰਾਂ ਵਿਚ ਸ਼ੁਮਾਰ ਕੀਤਾ ਹੈ।

Other stories by P. Sainath
Translator : Pankaj Das

ਪੰਕਜ ਦਾਸ ਪੀਪਲਸ ਆਰਕਾਈਵ ਆਫ਼ ਦਿ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਅਸਾਮੀ ਅਨੁਵਾਦ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਗੁਹਾਟੀ ਦੇ ਰਹਿਣ ਵਾਲ਼ੇ ਹਨ ਅਤੇ ਲੋਕਾਲਾਈਜੇ਼ਸ਼ਨ ਦੇ ਮਾਹਰ ਵੀ ਹਨ ਅਤੇ ਯੂਨੀਸੈਫ਼ ਨਾਲ਼ ਰਲ਼ ਕੇ ਕੰਮ ਕਰ ਰਹੇ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ idiomabridge.blogspot.com.‘ਤੇ ਸ਼ਬਦਾਂ ਨਾਲ਼ ਖੇਡਣਾ ਪਸੰਦ ਹੈ।

Other stories by Pankaj Das