তাই পদপথত শুদা হাতে থিয় হৈ আছে। যেন শোকৰ এক প্ৰতীমা। সিহঁতৰ আক্ৰোশপূৰ্ণ হাতোৰাৰ পৰা কিবা বচোৱাৰ আশাত তাই নাছিল। কিমান কি হেৰুৱালে, তাৰেও হিচাপ তাই ৰাখিব পৰা নাছিল। তেনেকুৱা এটা অৱস্থাতে তাই নাছিল। চকুৰ আগতে তাই যি হেৰুৱালে, তাকে দেখি তাইৰ মনত কত যে ভাৱনাই খেলা ফাঁক। প্ৰথমে তাইৰ বিশ্বাস হোৱা নাছিল, ভয় খাইছিল, খং উঠিছিল, প্ৰতিৰোধৰ ভাৱ জাগিছিল। শেষত গৈ হতাশাৰ গধুৰ বোজাই তাইক বিৱশ কৰি তুলিছিল। এতিয়া ৰাস্তাৰ কাষত ৰৈ থকা আন বহুতৰ দৰে তায়ো সেই ধ্বংসকাৰ্য্য চাই ৰৈছে। চকুৰ পানী গোট মাৰি বৰফ হৈছে, বুকুত শোকে খুন্দা মাৰি ধৰিছে। বুলড’জাৰৰ হাতোৰাই তাইৰ জীৱনটো যেন নেফানেফ কৰি পেলাইছে। কেইদিননো হৈছিল, হিংসাই সিহঁতক ছিৰাছিৰ কৰি পেলোৱা, সেয়া কি কম পৰিছিল।
এতিয়া কিছুদিনৰ বাবে সময়বোৰ সলনি হৈ গৈছে, নাজমাই জানিছে। চুবুৰীয়া ৰশ্মিৰ ঘৰলৈ দৈৰ কাৰণে কিবা অলপ আনিবলৈ যাওঁতে তাই যেনেকৈ নাজমাক চাইছিল, কেৱল সিমানতে এয়া সীমাবদ্ধ নাছিল। শ্বাহিন বাগত প্ৰতিবাদকাৰী মহিলাৰ দলটোত সোমোৱাৰ পিছত সদায়ে ৰাতি টোপনিত তাইৰ পিছ নেৰা সেই দুঃস্বপ্ন য’ত গভীৰ খাৱৈৰে আগুৰা এটুকুৰা মাটিত তাই নিজকে পাইছিল, সিমানতো শেষ হোৱা নাছিল। তাইৰ মনৰ মাজতো আন্ধাৰ খাৱৈয়ে বাহ লৈছিল, কিবা এটা সলনি হৈছিল। তাই নিজকে চোৱাৰ, তাইৰ ছোৱালীকেইজনী, তাইৰ দেশখনৰ প্ৰতি অনুভূতিবোৰ সলনি হৈছিল। তাই মনত ভয় সোমাইছিল।
নিজৰ বুলি ভবাখিনি টানি-আঁজুৰি লৈ যোৱাৰ এই ঘটনা তাইৰ পৰিয়ালত এয়াই প্ৰথম নহয়। সাম্প্ৰদায়িক হিংসাৰ লেলিহান শিখাই এদিন তাইৰ আইতাককো দহিছিল, তাই জানে। এটা সৰু আঙুলিয়ে তাইৰ চুৰ্ণীখন চুইছিল। তাই ঘূৰি চাইছিল, অসহায় এহাল চকুৱে তাইলৈ চাই মিচিকিয়াই হাঁহিছিল। তেতিয়াই তাইৰ চিন্তাবোৰ আকৌ এবাৰ বনৰীয়া হৈ পৰিল…


