ছাতিনাৰ মাজেৰে যোৱা পথটোৰ দাঁতিকাষৰীয়া ঘৰবোৰৰ দেৱালৰ দৰেই এই সংগীত মাটিৰ গোন্ধ থকা। পশ্চিমবংগৰ বীৰভূম জিলাৰ এই আদিবাসী গাঁওখনৰ আলিবাটবোৰ এসময়ত চাওঁতাল আদিবাসীসকলে বজোৱা বানাম আৰু গাবগুবিৰ স্বতন্ত্ৰ আৰু মধুৰ সুৰেৰে মুখৰিত হৈ আছিল।
সেই সুৰ আৰু ৰাগ এতিয়া ম্লান পৰিছে।
“এই বাদ্যযন্ত্ৰসমূহ প্ৰধানকৈ আমি আমাৰ পৰৱ বা উৎসৱত বজাওঁ”, ৰাজনগৰ উন্নয়ন খণ্ডৰ গুলালগাছিৰ চাওঁতাল গাঁৱৰ বাসিন্দা ৪২ বছৰীয়া গণেশ ছোৰেনে কয়। এগৰাকী কৃষি শ্ৰমিক আৰু বানাম বাদক গণেশে আচলতে তেওঁ বজোৱা দুডাল তাঁৰযুক্ত এই বিশেষ ধৰণৰ গাবগুবিটো নিজেই তৈয়াৰ কৰিছিল। এডাল তাঁৰযুক্ত বানামটো হৈছে চাওঁতাল আৰু অন্যান্য আদিবাসী গোটসমূহৰ বাবে ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য বহন কৰা অতি প্ৰাচীন বাদ্যযন্ত্ৰ।
তেওঁৰ মতে, তেওঁ সৃষ্টি কৰা এই ধ্বনিৰ মাজত নিহিত হৈ আছে চাওঁতালসকলৰ স্বাধীনতা তথা জল, জংগল, জমিৰ (পানী, অৰণ্য, ভূমি) সংগ্ৰামৰ গাঁথা, যি এতিয়াও অব্যাহত আছে
ছাতিনাত কৃষি শ্ৰমিক হিচাপে কাম কৰা ৪৬ বছৰীয়া হপন ছোৰেনে কয়, “আমি সিধু-কানহু উছৱত বানাম বজাইছিলোঁ।” এই উৎসৱক ১৮৫৫ চনত ব্ৰিটিছৰ বিৰুদ্ধে বিখ্যাত হুল (বিদ্ৰোহ)ৰ নেতৃত্ব দিয়া চাওঁতাল নেতা সিধু মুৰ্মু আৰু কানহু মুৰ্মুৰ নামেৰে নামকৰণ কৰা হৈছে। সেই সময়ত ব্ৰিটিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ বাবে ১০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। সেই সময়ত সেয়া এক বৃহৎ পৰিমাণ আছিল যিটোৰ পৰা অনুমান কৰিব পাৰি তেওঁলোকৰ প্ৰত্যাহ্বান কিমান গভীৰ আছিল। এই ৰক্তাক্ত বিদ্ৰোহত ৬০,০০০ ধনু আৰু কাঁড়ধাৰী চাওঁতালৰ কমেও ১৫,০০০ জনক ব্ৰিটিছে গুলিয়াই হত্যা কৰিছিল। তেওঁলোকৰ প্ৰতি সন্মান জনোৱা এই উছৱত বানামে তেওঁলোকৰ স্মৃতিক সজীৱ কৰি তোলে।
হপন ছোৰেনে কয়, “আমাৰ সৰুকালত, আমি ৰেডিঅ’ত বিখ্যাত বানাম বাদকসকলৰ বানাম বাদন শুনিবলৈ পাইছিলোঁ। তেওঁলোকৰ ধ্বনি আৰু সুৰ শুনিয়েই আমি এই বাদ্য প্ৰস্তুত কৰিবলৈ আৰু বজাবলৈ শিকিছিলোঁ।”
গণেশ ছোৰেনৰ গাবগুবি খনেও পুনৰ ইতিহাসৰ বুকুলৈ লৈ যায়। তেওঁৰ মতে, তেওঁ সৃষ্টি কৰা এই ধ্বনিৰ মাজত নিহিত হৈ আছে চাওঁতালসকলৰ স্বাধীনতা তথা জল, জংগল, জমিৰ (পানী, অৰণ্য, ভূমি) সংগ্ৰামৰ গাঁথা, যি এতিয়াও অব্যাহত আছে। গণেশ আৰু হপন দুয়োজনেই স্থানীয় মহাজন (ধন ধাৰে দিওঁতা ভূ-স্বামী)ৰ খেতি পথাৰত কাম কৰে। যদিও অঞ্চলটোত চৰকাৰীভাৱে দৈনিক মজুৰিৰ হাৰ ২৪০ টকা, এয়া কাগজে-পত্ৰইহে আছে, মাহ মাহ ধৰি তেওঁলোকে দিনে প্ৰায় ১০০-২০০ টকাকৈহে পাই আহিছে। কাম নথকা দিনত ৰাজমিস্ত্ৰীৰ কাম কৰি তেওঁলোকে ২৬০ টকালৈকে পায়। পশ্চিমবংগত এমএনৰেগাৰ মজুৰি হৈছে ২৪০ টকা, কিন্তু প্ৰকৃততে তেওঁলোকে ১৮২-২০২ টকাহে পায়, আৰু বছৰত তেওঁলোকে খুব বেছি ২৫ দিনহে এই কাম পায়।
এজন স্থানীয় লোকৰ মতে, অঞ্চলটোত মজুৰিৰ হাৰ (এমএনৰেগাৰ অন্তৰ্গত নোহোৱা কাম) আগতে বেছি আছিল, কিন্তু বছৰৰ পিছত বছৰ ধৰি এয়া কমি আহিছে। ২০১১ চনৰ আশে-পাশে বা তাৰ পাছত এই মজুৰি ২৪০ টকা নিৰ্ধাৰণ কৰা হৈছিল। আৰু ইতিমধ্যে কমি অহা এই মজুৰিৰ হাৰ অতিমাৰী আৰু লকডাউনৰ ফলত প্ৰচণ্ডভাৱে প্ৰভাৱিত হৈছিল। অৱশ্যে বৰষুণ ভাল হোৱা আৰু খেতিৰ বতৰ চলি থকাৰ বাবে তেওঁলোকে কেইটামান দিন বা সপ্তাহৰ বাবে পুনৰ দৈনিক ২৪০ টকাকৈ পাব পৰা হৈছিল।
প্ৰতিটো বানাম আৰু গাবগুবিয়েই নিজস্ব গুণেৰে স্বতন্ত্ৰ আৰু ই শিল্পী গৰাকীৰ স্বকীয় সৃষ্টিশীলতাক ফুটাই তোলে। সেয়েহে এই বাদ্যযন্ত্ৰ প্ৰস্তুত কৰোঁতা বা বজাওঁতাজনৰ চৰিত্ৰ অনুসৰি বাদ্যবিধৰ ধৰণ আৰু গাঁথনি বেলেগ বেলেগ হয়। হপন ছোৰেনৰ বানামখন বাছলি (ধাৰ থকা চেপেটা অংশযুক্ত চাঁচ বা কুঠাৰৰ দৰে) আৰু ৰুকা(বটালি)ৰ দৰে সঁজুলিৰে কাঠত অতি সূক্ষ্মভাৱে খোদাই কৰি তৈয়াৰ কৰা হৈছে।
গণেশ ছোৰেনৰ বানামখনৰ এক অভিনৱ সৌন্দৰ্য আছে। এইখন তৈয়াৰ কৰোঁতে নাৰিকলৰ কোৰোকা, জন্তুৰ ছাল আৰু আনকি ছাতিৰ নালো ব্যৱহাৰ কৰা হৈছে।
কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ আদিবাসী সংগীতবিদ ড. নিবেদিতা লাহিড়ীৰ মতে, “ বানাম হৈছে এবিধ এক-তাঁৰবিশিষ্ট বাদ্যযন্ত্ৰ, আৰু ই সম্ভৱ বেহেলা বা ভায়’লিনৰ পৰিয়ালৰ অন্তৰ্গত। ইয়াক ৰেপনীৰে বজোৱা হয় আৰু ইয়াৰ এটা ঘাতজনিত শব্দ আছে। ই হ’ল এক কৰ্ডোফোন আৰু ইয়াক আন তাঁৰযুক্ত বাদ্যসমূহৰ দৰে আঙুলিৰে পোনে পোনে বজাব নোৱাৰি। ইয়াক কেৱল তাঁৰ বা কিছুমান নিৰ্দিষ্ট জন্তুৰ নোমেৰে তৈয়াৰী ছাৰ(ৰেপনী)ৰ সহায়তহে বজাব পাৰি। সমগ্ৰ বংগজুৰি আপুনি ফেণ্টোৰ বানাম , বেলে বানাম আৰু বিভিন্ন ধৰণৰ বানাম বিচাৰি পাব। এইসমূহ প্ৰস্তুতকৰ্তাসকলে তেওঁলোকৰ নিজস্ব আৰু অনন্য শৈলীৰে তৈয়াৰ কৰে।”
গণেশ ছোৰেনৰ গাবগুবিখন হৈছে বাংলা লোকসংগীতৰ এক জনপ্ৰিয় বাদ্যযন্ত্ৰ খমকৰ আদিবাসী ৰূপ আৰু পূৰ্বৰ সংস্কৰণ। মজাৰ কথাটো হ’ল যে তেওঁ এইখন তৈয়াৰ কৰিবলৈ তেওঁৰ পুত্ৰৰ খেলনা ঢোলটো ব্যৱহাৰ কৰিছিল। তেওঁ কয়, ইয়াৰ সুৰ শুনিলে তেওঁৰ পুত্ৰই আনন্দত হঁহা নিষ্পাপ খিলখিল হাঁহি আৰু ইয়াৰ তালত অৰণ্যখনৰ কথা মনত পৰে। “মনটো সজীৱ কৰি ৰাখিবলৈ মই ১৫ বছৰ ধৰি এই দুয়োটা বাদ্যযন্ত্ৰ বজাই আহিছোঁ”, তেওঁ কয়। “এটা সময় আছিল যেতিয়া মই গোটেই দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত সদায় সন্ধ্যাজুৰি এই বাদ্য বজাইছিলোঁ আৰু মানুহে শুনিবলৈ আহিছিল। কিন্তু এতিয়া তেওঁলোকৰ হাতত বহুত বিকল্প আছে আৰু কোনেও এই বৃদ্ধৰ সংগীত শুনিবলৈ নাহে।”
তেওঁলোকৰ গাঁৱৰ বহুতেই বিভিন্ন চহৰত মিস্ত্ৰী বা দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰে, আৰু তেওঁলোকৰ কিছুসংখ্যকে এতিয়াও বানামখন লগত লৈ যায়। কিন্তু বহুতৰে এই সাংগীতিক পৰম্পৰা শিকাৰ আগ্ৰহ নাই বুলি জনায় গণেশ আৰু হপনে। হপনে কয়, “আমাৰ গাঁও আৰু সম্প্ৰদায়ৰ মাজত এই অনন্য সুৰ সৃষ্টি কৰিব পৰা জ্ঞান আৰু শিল্পনৈপুণ্য থকা খুব কম মানুহহে এতিয়া আছেগৈ।”
গণেশে কয়, “এয়া শিকাবৰ বাবে আমাৰ স্থানীয় স্কুলত এই বাদ্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন।” কিন্তু তেওঁ কয় যে, এতিয়াৰ প্ৰজন্মৰ এটা বাটনৰ ক্লিকতে উপলব্ধ ষ্ট্ৰীমিং সংগীত আৰু ম’বাইল এপৰ প্ৰতিহে আকৰ্ষণ বেছি। গতিকে, তেওঁলোকক কেনেকৈনো বানাম ৰ প্ৰতি আগ্ৰহী কৰি তুলিব পৰা যাব?
গণেশ আৰু হপনৰ কোনোজনৰেই ম’বাইল ফোন নাই আৰু তেওঁলোকৰ কিনাৰো সামৰ্থ্য নাই
গণেশ আৰু হপন দুয়োজনেই তেওঁলোকৰ প্ৰিয় বানামখন লুপ্তপ্ৰায় হ’বলৈ ধৰাৰ কাৰণ নিজৰ আৰ্থিক অৱস্থা বুলি কয়। তেওঁলোক হৈছে সামান্য মজুৰিত বেছি সময় ধৰি কাম কৰা দৰিদ্ৰ কৃষি শ্ৰমিক। গণেশে কয়, “যদি মই বানাম বজাই থাকিব বিচাৰোঁ, মোৰ গোটেই পৰিয়ালটো দিনৰ পাছত দিন ধৰি ভোকত থাকিব লাগিব।”
“ বানামৰ সুৰে আমাৰ ভোক গুচাব নোৱাৰে,” হপনে কয়।
অনুবাদ: বন্যা বৰুৱা