ৰাধাৰ পোহনীয়া কুকুৰকেইটাই তেওঁৰ সাহসৰ মূল্য দিলে। প্ৰথমটো শিৰশ্চেদ কৰি পেলোৱা হ’ল, দ্বিতীয়টোক বিষ দি মৰা হ’ল, তৃতীয়টো হেৰাই থাকিল। চতুৰ্থটোক তেওঁৰ উপস্থিতিতে মাৰি পেলোৱা হ’ল। “মোৰ সৈতে যি কৰিলে, তাৰ বাবে চাৰিজন প্ৰভাৱশালী লোক এতিয়া জেলত আছে,” তেওঁ কয়। “ধৰ্ষণৰ গোচৰটোত বুজাবুজি নকৰাৰ বাবে সিহঁতে মোক বেয়া পায়।”
ৰাধাৰ ওপৰত (নাম কাল্পনিক) চাৰিজন মানুহে যৌন আতিশায্য চলোৱাৰ আজি ছটা বছৰ পাৰ হৈ গ’ল। তেওঁ গাঁৱৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৰ বীড় চহৰলৈ গৈ আছিল, তেনেতে লিফট্ দিয়াৰ চলেৰে ব্যক্তিগত বাহন এখনৰ চালকে তেওঁক অপহৰণ কৰি লৈ যায়। চালকজনৰ লগতে একেখন গাঁৱৰে তেওঁৰ তিনি বন্ধুই মিলি তেওঁক ধৰ্ষণ কৰে।
“তাৰপাছত তিনি সপ্তাহলৈকে মই খুবেই অস্থিৰ হৈ পৰিছিলো,” ৪০ বছৰ বয়সীয়া ৰাধাই নিজৰ যন্ত্ৰণাৰ কথা বৰ্ণনা কৰি যায়। “তেতিয়াই মই সিদ্ধান্ত ল’লো যে সিহঁতক আইনৰ দ্বাৰা শাস্তি দিয়াম, সেয়ে থানাত এজাহাৰ দিলো।”
তেওঁৰ ওপৰত সেই নাৰকীয় অত্যাচাৰৰ সময়ত ৰাধাই বীড় জিলাত গিৰীয়েক আৰু ল’ৰা-ছোৱালীৰ সৈতে থাকিছিল। “মোৰ স্বামীয়ে বীড়ত ফাইনেন্স এজেন্সী এটাত কাম কৰিছিল। খেতিৰ কাম চাবলৈ এবাৰ মই গাঁৱলৈ গৈছিলো,” তেওঁ কয়।
থানাত অভিযোগ কৰাৰ পাছত ৰাধাক কেচটো উঠাই ল’বলৈ হেঁচা দিয়া হ’ল। অপৰাধী আৰু তেওঁলোকৰ সম্পৰ্কীয় লোকসকল গাওঁ পঞ্চায়তৰ সদস্যৰ সৈতে ভাল আছিল আৰু তেওঁলোক আছিল গাঁৱৰ প্ৰভাৱশালী লোক। “মই হেঁচা পাইছিলো। কিন্তু গাঁৱৰ পৰা আঁতৰি থাকিছিলো। চহৰত মোৰ কাষত বহুতে থিয় দিছিল। তাতে মই কিছু সুৰক্ষিত অনুভৱ কৰিছিলো আৰু আত্মবিশ্বাসো পাইছিলো।”
কিন্তু ২০২০ৰ মাৰ্চত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ঘটাত তেওঁৰ সেই সুৰক্ষাৰ বেষ্টনি খহি পৰিল। গোটেই দেশজুৰি লকডাউন ঘোষণা কৰাত তেওঁ স্বামী মনোজে (তেওঁৰ আচল নাম নহয়) কাম হেৰুৱালে। “আমি ভাড়াঘৰ এটাত থাকিছিলো, কিন্তু মনোজে কাম হেৰুওৱাত তাৰো ভাড়া দিব নোৱাৰা হৈ পৰিলো। চলি থকাই টান হৈ পৰিল।”
কোনো উপায় নথকাত ৰাধা-মনোজে তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটাক লৈ গাঁৱলৈ ঘূৰি আহিবলৈ বাধ্য হ’ল, সেই গাঁৱলৈ য’ত ৰাধা ধৰ্ষিতা হৈছিল। “আমাৰ এই গাঁৱত তিনি একৰ মাটি আছে, সেয়ে আমি ইয়াত থাকিবলৈ আহিলো। আমি বেলেগ উপায় ভাবি নাপালো,” তেওঁ কয়। পৰিয়ালটোৱে এতিয়া সেই মাটিতে জুপুৰি এটাত থাকে, ৰাধাই তাত কপাহ আৰু জোৱাৰৰ খেতি কৰে।
তেওঁ গাঁৱলৈ ঘূৰি অহাৰ পাছৰে পৰা অপৰাধীৰ পৰিয়ালটো ৰাধাৰ ওপৰত একপ্ৰকাৰ জপিয়াই পৰিল। “গোচৰটো চলি আছিল। উঠাই লোৱাৰ বাবে হেঁচা বাঢ়িবলৈ ধৰিলে,” তেওঁ কয়। কিন্তু তেওঁ পিছ হুঁহকিবলৈ মান্তি নহ’ল। লাহে লাহে সেই জোৰ-জবৰদস্তি গুছি ভাবুকিত পৰিণত হ’ল। “মই গাওঁখনত, সিহঁতৰ একেবাৰে সন্মুখতে থকাৰ দৰে হৈছিল। সেয়ে মোক ভাবুকি দিয়া আৰু হাৰাশাস্তি কৰাও তেওঁলোকৰ বাবে সহজ হৈ পৰিল।”
২০২০ৰ মাজভাগত তেওঁৰ গাঁৱৰ পঞ্চায়তে আৰু দুজন চুবুৰীয়াই ৰাধা আৰু তেওঁৰ পৰিয়ালক এঘৰীয়া কৰাৰ বাবে গঞাক আহ্বান জনায়। ৰাধাক “চৰিত্ৰহীন” বুলি কোৱা হয় আৰু গাওঁখনলৈ অপবাদ কঢ়িয়াই অনা বুলি অভিযোগ তোলা হয়। তিনিখন গাঁৱত তেওঁৰ আহ-যাহ “নিষেধ” কৰা হয়। “পানী আনিবলৈ বাহিৰলৈ ওলালেই কোনোবাই নহয় কোনোবাই অশ্লীল মন্তব্য কৰিছিল”, তেওঁ মনত পেলায়। “আমাৰ গাঁৱত থাকি আমাৰ মানুহকে তই জেললৈ পঠিয়াব আহিছ- সিহঁতৰ মনত তেনে এটা ভাব আছিল।”
প্ৰায়েই তেওঁৰ মন ভাগিছিল, হতাশ হৈ পৰিছিল। “মালা স্বাটাহালা সম্ভালনা মহাত্বাচা হোতা (মন নভগাকৈ ৰখাটো অতিকৈ জৰুৰী আছিল),” তেওঁ মাৰাঠী ভাষাতে কয়। “গোচৰটো ৰায়দানৰ দিন চমু চাপি আহিছিল।”
আদালতৰ গোচৰটোৰ সময়ছোৱাত মহিলা অধিকাৰৰ হঁকে যুঁজ দি অহা সমাজকৰ্মী মণীষা টোকলেয়ে ৰাধাৰ খবৰ ৰাখিছিল। থানাত অভিযোগ দাখিল কৰাতো ৰাধাক সহায় কৰিছিল। “আমাৰ উকীলজন ৰায়দানক লৈ আত্মবিশ্বাসী (ইতিবাচক) আছিল,” টোকলেয়ে কয়. “কিন্তু ৰাধাই অলৰ-অচৰ হৈ থাকিব লাগিব। তাই পৰিস্থিতিৰ ওচৰত সেও নামানি আত্মবিশ্বাসী হৈ থিয় দিব লাগিব।” ধৰ্ষণৰ বলি হোৱা মহিলাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে নিৰ্ধাৰণ কৰা মনোধৈৰ্য্য আঁচনিৰ অধীনত ২.৫ লাখ টকা ৰাধাই পোৱাটোও সমাজকৰ্মীগৰাকীয়ে নিশ্চিত কৰিছিল।
আইনী প্ৰক্ৰিয়াটো ইমান দীঘলীয়া হৈ পৰাত মনোজো কোনো কোনো সময়ত অস্থিৰ হৈ পৰিছিল। “তেওঁ আশাহত হৈ পৰা সময়ত মই তেওঁক ধৈৰ্য্য নেহেৰুৱাবলৈ কৈছিলো,” ৰাধাৰ যুঁজখনত সাহসেৰে সংগ দিয়া মনোজৰ কথা টোকলেয়ে কয়।
গোচৰটো ইতিমধ্যেই লেহেমীয়া গতিত চলিছিল, অতিমাৰীৰ সময়ত আদালত অনলাইন হৈ পৰাত কেচটোৰ গতি একেবাৰে শামুকীয়া হৈ পৰিল। “ইতিমধ্যে চাৰিটা বছৰ পাৰ হৈ গৈছিল (তেতিয়ালৈ)। লকডাউনৰ পাছৰ সময়ছোৱাত শুনানি কেইবাৰমান স্থগিত ৰখা হৈছিল। আমি আশা এৰা নাছিলো, কিন্তু ন্যায় যে পাম সেই বিশ্বাস ক্ষীণ হৈ আহিছিল,” ৰাধাই কয়।
তেওঁৰ ধৈৰ্য আৰু দৃঢ়সংকল্প অথলে নগ’ল। যোৱাবছৰ অক্টোবৰত, অপৰাধ সংঘটিত হোৱাৰ প্ৰায় ছবছৰৰ মুৰত বীড়ৰ খণ্ড বিচাৰপীঠে ধৰ্ষণৰ অভিযুক্তসকলক দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰে। অপৰাধীসকলক আজীৱন কাৰাদণ্ড ঘোষণা কৰা হয়। “আমি এই শুনানিৰ কথা ৰাধাক জনোৱাৰ লগে লগে তেওঁ এক মুহূৰ্তৰ বাবে স্তব্ধ হৈ ৰৈছিল, তাৰ পাছত কান্দোনত ভাগি পৰিছিল। তেওঁৰ দীৰ্ঘদিনীয়া সংগ্ৰামে শেষত ফল ধৰিলে,” টোকলেয়ে কয়।
কিন্তু তাতে আতিশায্যৰ অন্ত নপৰিল।
দুমাহ পাছৰ কথা, আনৰ মাটি দখল কৰা বুলি ৰাধালৈ এখন নটিচ আহিল। গ্ৰাম সেৱকে স্বাক্ষৰ কৰা নটিচখনত উল্লেখ থকা মতে ৰাধাই খেতি কৰি থকা মাটিখিনি গাওঁখনৰ আন চাৰিজন লোকৰহে। “সেই মানুহকেইজন মোৰ মাটিখিনিৰ পিছত লাগি আছে,” ৰাধাই কয়। “কি হৈ আছে ইয়াৰ সকলোৱে জানে, কিন্তু কোনেও মোক মুকলিকৈ সমৰ্থন কৰিবলৈ ভয় কৰে। অতিমাৰীৰ সময়ত দেখিছো মহিলা এগৰাকীৰ জীৱন দুৰ্বিষহ কৰি তুলিবলৈ মানুহ কিমান তললৈ নামিব পাৰে।”
অভিযোগ দাখিলৰ পাছত ৰাধাক গোচৰটো উঠাই ল’বলৈ হেঁচা দিয়া হৈছিল। অপৰাধী আৰু তেওঁলোকৰ আত্মীয়সকলৰ গাওঁ পঞ্চায়তৰ সৈতে সু-সম্পৰ্ক আছিল, তেওঁলোক আছিল প্ৰভাৱশালী লোক
টিনৰ চালি দিয়া ৰাধাৰ পৰিয়ালৰ ঘৰটো বাৰিষাৰ দিনত উৰুষে আৰু গ্ৰীষ্মকালত গৰমত থাকিব নোৱাৰি। “বতাহ বৰকৈ বলিলে এনে লাগে যেন চালিখন উৰি যাব। তেনে দিনবোৰত মোৰ ল’ৰা-ছোৱালীকেইটা ভয়তে বিচনাৰ তলত লুকায়,” তেওঁ কয়। “মোৰ এনে দুৰৱস্থা, কিন্তু সিহঁতে তথাপি এৰি নিদিয়ে। সিহঁতে মোৰ পানীৰ চাপ্লাই বন্ধ কৰি দিছিল আৰু সেই ঠাইৰ পৰা উচ্ছেদ কৰি দিয়াৰ ভাবুকি দিছিল। কিন্তু মোৰ হাতত মাটিৰ কাগজ-পত্ৰ আছে। মই ক’লৈকো নাযাও।”
ৰাধাই তেওঁৰ মাটি-সম্পত্তি কাঢ়ি নিব খোজাৰ অপচেষ্টাৰ কথা উল্লেখ কৰি জিলা মহকুমাধিপতিলৈ পত্ৰ লিখিলে। তেওঁৰ জীৱনটো সংকটত পৰিছিল, সেয়ে তেওঁক সুৰক্ষাৰ প্ৰয়োজন আছিল। পাছলৈ গ্ৰাম সেৱকজনে মহকুমাধিপতিলৈ লিখে যে নটিচখনত তেওঁৰ স্বাক্ষৰ নকল কৰা হৈছে। মাটিখিনি ৰাধাৰেই, সেইবুলিও তেওঁ উল্লেখ কৰে।
ৰাধাৰ অৱস্থালৈ চাই ২০২১ৰ আগভাগত মহাৰাষ্ট্ৰৰ বিধান পৰিষদৰ উপাধ্যক্ষ নীলম গ’ৰ্হেয়ে ৰাজ্যিক গ্ৰামোন্নয়ন মন্ত্ৰী হাছান মুশ্ৰিফলৈ পত্ৰ লিখে। ৰাধা আৰু পৰিয়ালটোৰ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তিনিখন গাঁৱে অবৈধভাৱে তেওঁলোকৰ পৰিয়ালটোক কৰা সামাজিক বৰ্জনৰ তদন্তৰ বাবে তেওঁ অনুৰোধ জনায়।
আৰক্ষীৰ কনিষ্টবল এজন এতিয়া সকলো সময়তে ৰাধাৰ ঘৰত উপস্থিত থাকিব লাগে। “এতিয়াও মই সম্পূৰ্ণকৈ নিৰাপদ অনুভৱ নকৰো। পুলিচজন কেতিয়াবা থাকে, কেতিয়াবা নাথাকে। কোনোদিনেই ভালকৈ শুব পৰা নাই,” তেওঁ কয়। “লকডাউনৰ আগলৈকে (২০২০ৰ মাৰ্চ) মই গাঁৱৰ পৰা দূৰত থকা কাৰণে ভালকৈ টোপনি মাৰিব পাৰিছিলো। এতিয়া টোপনি পাতল, বিশেষকৈ কেৱল মই আৰু ল’ৰা-ছোৱালীকেইটা থাকিলে টোপনি নাহে।”
ইফালে মনোজেও পৰিয়ালটোৰ পৰা দূৰত থাকিলে ভালকৈ শুব নোৱাৰে। “সিহঁত কুশলে আছে নে নাই চিন্তা লাগি থাকে,” তেওঁ কয়। চহৰৰ কামটো হেৰুওৱাৰ পাছত দিনহাজিৰা কৰা মনোজে যোৱা ছেপ্টেম্বৰত কাম বিচাৰি পাইছে। তেওঁৰ কামটো গাওঁখনৰ পৰা ৬০ কিলোমিটাৰ দূৰত, সেয়ে তাতে তেওঁ সৰু ভাড়াঘৰ এটা লৈ থাকে। “তেওঁৰ দৰমহা আগতকৈ কম (অতিমাৰীৰ আগৰ সময়তকৈ)। সেয়ে আমাক আটাইকে ৰাখিব পৰাকৈ ঘৰ এটা ভাড়া ল’ব পৰা নাই। সপ্তাহটোত তিনি-চাৰিদিন তেওঁ ইয়াত থাকে,” ৰাধাই কয়।
ৰাধাই তেওঁৰ ৮, ১২ আৰু ১৫ বছৰীয়া তিনিজনীকৈ জীয়াৰীক স্থানীয় স্কুল খুলিলে, কেনেকৈ পঠিয়াব, মানুহে কেনে আচৰণ কৰিব তাকে লৈ চিন্তিত হয়। “সিহঁতকো হাৰাশাস্তি কৰিব নেকি, ভাবুকি দিব নেকি মই নাজানো।”
তেওঁৰ পোহনীয়া কুকুৰকেইটাই তেওঁৰ মনৰ উদ্বিগ্নতা কিছু দূৰ কৰিছিল। “সিহঁত থাকোতে অলপ সুৰক্ষিতও অনুভৱ কৰিছিলো। কোনোবা জুপুৰীটোৰ কাষ চাপিলে সিহঁতে ভুকিছিল,” ৰাধাই কয়। “কিন্তু এটা এটাকৈ সিহঁতক মাৰি পেলোৱা হ’ল। মোৰ চতুৰ্থ কুকুৰটো অলপতে সিহঁতে মাৰিছে।”
এতিয়া আকৌ এটা কুকুৰ পোহাৰ প্ৰশ্নই নুঠে, ৰাধাই কয়। “অন্ততঃ গাওঁখনৰ কুকুৰকেইটা জীয়াই থাকক।”
এই প্ৰতিবেদন সাংবাদিকলৈ সাংবাদিকতা অনুদান আগবঢ়োৱা স্বতন্ত্ৰ পুলিটজাৰ চেণ্টাৰৰ দ্বাৰা সমৰ্থিত এলানি প্ৰতিবেদনৰ অংশ ।
অনুবাদ: পংকজ দাস