এই বছৰ জানুৱাৰীত প্ৰথমবাৰৰ বাবে শান্তি মাঝি আইতাক হ’ল, ৩৬ বছৰ বয়সতে। দুটা দশকত নিজ ঘৰৰ চাৰিবেৰৰ মাজতে কোনো ডাক্তৰ কিম্বা নাৰ্ছৰ সহায় অবিহনে সাতোটাকৈ সন্তান জন্ম দিয়া ক্ষীণকায় চেহেৰাৰ মহিলাগৰাকীয়ে সেইদিনা অৱশেষত ৰাতিৰ ভাগত হস্পিতাললৈ যাবলগীয়া হ’ল।
''মোৰ ছোৱালীজনী চাৰিঘণ্টা সময় বিষত ছটফটাই আছিল, কিন্ত প্ৰসৱ হোৱা নাছিল। আমি টেম্প’ এখন ভাড়া কৰিবলগীয় হ’ল,’’ ঘৰত ডাঙৰজনী ছোৱালী মমতাৰ প্ৰসৱ যন্ত্ৰণাৰ কথা মনত পেলাই তেওঁ কয়। টেম্প’ মানে তেওঁ তিনিচকীয়া যাত্ৰাবাহী বাহনখনৰ কথা কৈছে। সেইখন সন্ধ্যাবেলা চেওহাৰ চহৰৰ পৰা চাৰিকিলোমিটাৰমান বাট আহোতে প্ৰায় এঘণ্টা সময় লাগিল। মমতাক দৌৰাদৌৰিকৈ চেওহাৰৰ জিলা চিকিৎসালয়খনলৈ লৈ যোৱা হ’ল, তাতে তেওঁ কেবাঘণ্টা পিছত ল’ৰা এটি জন্ম দিলে।
''টেম্প’খনে ৮০০ টকা ল’লে,’’ শান্তিয়ে টেম্প’ৰ ভাড়াক লৈ খং কৰি ভোৰভোৰাই কথাখিনি ক’লে। ''আমাৰ চুবুৰীৰ কোনেও হস্পিতাললৈ নাযায়, তাত এম্বুলেঞ্চ আছে নে নাই আমি নাজানো।’’
শান্তিয়ে সেই ৰাতিয়ে ঘৰলৈ উভতিছিল, তেওঁৰ সৰুজনী জীয়াৰী চাৰিবছৰীয়া কাজলে শোৱাৰ আগতে কিবা খালে নে নাই সেয়া চাবলৈ। ''মই আইতা হ’লো,’’ তেওঁ কয়। ''কিন্তু মাকৰ দায়িত্বও মোৰ ওপৰত আছে।’’ মমতা আৰু কাজলৰ উপৰিও তেওঁৰ আন তিনিজনী জীয়াৰী আৰু দুই পুত্ৰ আছে।
মাঝি পৰিয়ালটো মুছাহাৰ তোলাত থাকে। উত্তৰ বিহাৰৰ চেওহাৰ ব্লক ও জিলাৰ মাধপুৰ অনন্ত গাঁৱৰ দাঁতিৰ এক কিলোমিটাৰমান বাহিৰত এই চুবুৰীটো আছে। মাটি লেপি দিয়া বাঁহৰ প্ৰায় ৪০ টামান জুপুৰীৰ এই চুবুৰীটোত ৩০০-৪০০ মানৰ জনবসতি। তেওঁলোক আটায়ে মুছাহাৰ জাতিৰ, বিহাৰৰ আটাইতকৈ উপান্ত শ্ৰেণীৰ মাজৰ এইসকল লোক মহাদলিত সম্প্ৰদায়ৰ বুলি চিহ্নিত। জুপুৰীৰ কাষতে ভগা-চিগা বেৰৰ গোহালিত তেওঁলোকৰ দুই-এটা গৰু-ছাগলী আছে।










