দুয়োজনীৰে বয়স ১৭, দুয়োজনীয়ে অন্তঃসত্ত্বা। চঞ্চল নহ’বলৈ মাক-দেউতাকৰ কঢ়া নিৰ্দেশ পাহৰি দুয়ো কেতিয়াবা খিলখিলাই হাঁহি উঠে। দুয়োজনেই আগন্তুক ভৱিষ্যতক লৈ শংকিত।
চালিমা পাৰবিন আৰু আচমা খাতুন (নাম সলনি কৰা হৈছে) দুয়োজনীয়েই যোৱাবছৰ ৭ম শ্ৰেণীত আছিল, যদিওবা ২০২০ৰ গোটেই বিদ্যায়তনিক বছৰটোত চৰকাৰী গাঁৱলীয়া স্কুলখন বন্ধই হৈ আছিল। পাটনা, দিল্লী আৰু মুম্বাইত কাম কৰি থকা সিহঁতৰ পৰিয়ালৰ মতা মানুহবোৰ লকডাউনৰ কাৰণে বিহাৰৰ আৰাৰিয়া জিলাৰ বাংগালী তোলা চুবুৰীটোলৈ উভতি আহিল। তাৰ পিছে পিছে নোওৱা-ধুওৱা কাৰবাৰ আৰম্ভ হ’ল।
“ক’ৰনা মে হুই শ্বাদি,” দুয়োজনীৰে মাজত কথকী আচমাই কয়। “ক’ৰনাৰ সময়ত মোৰ বিয়া হৈছিল।”
চালিমাৰ নিকাহ দুবছৰ আগতেই হৈছিল। তাইৰ বয়স ১৮ বছৰ হোৱাৰ পিছত তাই গিৰীয়েকৰ সৈতে থাকিবলৈ লোৱাৰ কথা আছিল। তাৰপিছতে লকডাউন আৰম্ভ হ’ল। দৰ্জী কাম কৰা একেটা চুবুৰীৰে নিবাসী তাইৰ ২০ বছৰ বয়সীয়া গিৰীয়েক আৰু তেওঁৰ পৰিয়ালটোৱে তাইক লগত থাকিবলৈ জোৰ কৰিলে। সেয়া আছিল ২০২০ৰ জুলাই মাহৰ কথা। তেওঁ কৰ্মহীন হৈ পৰিছিল আৰু ঘৰতে বহি কটাইছিল। আন দুজনেও ঘৰতে সোমাই থাকিবলগীয়া হৈছিল।
আচমাই সময়ে নাপালে। তাইৰ ২৩ বছৰীয়া বায়েক কৰ্কট ৰোগত ২০১৯ত ঢুকোৱাৰ পিছত যোৱা বছৰ জুন মাহৰ শেষৰফালে লকডাউনৰ মাজতে পেছাত প্লাম্বাৰ তাইৰ ভিনদেৱেকে আচমাক বিয়া পাতিবলৈ জোৰ কৰে। ২০২০ৰ জুনত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।
সন্তান কেনেদৰে জন্ম হয় দুয়োজনীয়ে নাজানে। “মাকে এইবোৰ কথা বুজাই নকয়,” আচমাৰ মাক ৰুকছানাই কৈ থকাৰ মাজতে ছোৱালীকেইজনীয়ে আৰু বেছি খিকখিকাই হাঁহিছে। ‘লাজ কি বাত হ্যে [লাজৰ কথা]।’ সকলোৱে ভাৱে যে কইনাৰ বৌৱেক, তাইৰ ভায়েকৰ পত্নীয়ে সেইবোৰ তথ্যৰ সঠিক উৎস কিন্তু চালিমা আৰু আচমা দুয়োজনী ভাতৃৰ ভগ্নী, দুয়োজনীয়ে সন্তান জন্ম বিষয়ত একো কথা নাজানে।









