এই লেখাটো প্ৰকৃতিবিদ, ফটোগ্ৰাফাৰ ৰাধেশ্যম বিষ্ণয়ৰ নামত উৎসৰ্গা কৰা হৈছে। ২০২৫ চনৰ ২৩ মে'ত জয়ছালমেৰত এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লয় ৰাধেশ্যমে।
সেইদিনা নিশাৰ ভাগত তেওঁ আইইউচিএনৰ ৰেড লিষ্টত অন্তৰ্ভুক্ত ভদাৰিয়া মাতা ওৰান (ছেক্ৰেড গ্ৰ'ভ)ৰ চোৰাং চিকাৰীৰ খবৰ পাই উক্ত স্থানলৈ ৰাওনা হৈছিল। ৰাধেশ্যমৰ সৈতে বন বিভাগৰ বিষয়াও আছিল আৰু তেওঁলোকেও কৰুণ মৃত্যুক সাবতি লয়।ৰাজস্থানৰ পোখৰান অঞ্চলৰ ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ আৰু প্ৰকৃতিবিদ ৰাধেশ্যম প্ৰকৃতি বুলিলেই বলীয়াৰ দৰে আছিল আৰু অঞ্চলটোত পোৱা গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড তথা আন চৰাই আৰু অন্যান্য বন্যপ্ৰাণীক চোৰাং চিকাৰীৰ পৰা বচাই ৰাখি সংৰক্ষণৰ ব্যৱস্থা কৰা কামতেই আত্মনিয়োগ কৰিছিল। তেঁও সকলোৰে সৈতে ফটোগ্ৰাফ আৰু বন্যপ্ৰাণী সম্পৰ্কীয় নিজে জনা কথাবোৰ আলচ কৰিছিল আৰু কিবা জানিব খুজিলে আগ্ৰহেৰে জনাইছিল। তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি। ধলিয়া গাঁৱত পত্নী আৰু দুই কণমানি সন্তান তথা মাতৃৰ সৈতে বাস কৰা ৰাধেশ্যমৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩০ বছৰ। ৰাধেশ্যমৰ সান্নিধ্যলৈ অহা প্ৰতিজন লোকেই তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিব।

















