চানুৰ সম্পৰ্কীয় ভায়েক বিশ্বনাথ সেনে প্ৰথমে তেওঁক শামুকৰ খোলাৰ পৰা শংখৰ খাৰু কেনেদৰে খোদিত কৰিব লাগে শিকাইছিল।
"মই খাৰুৰ ওপৰত ডিজাইন খোদিত কৰোঁ, তাৰপাছত সেয়া মহাজনক (ঠিকাদাৰ) দিওঁ, ঠিকাদাৰে সেয়া বিক্ৰী কৰে। মই কেৱল প্ৰচলিত শংখ খাৰু তৈয়াৰ কৰো। আন কিছুমানে আকৌ ইতিমধ্যে খোদিত খাৰু আৰু শংখবোৰত সোণৰ প্ৰলেপ লগাবলৈ পঠিয়ায়," জীৱনৰ অৰ্ধেক সময় এই কামেই কৰি অহা বুলি কোৱা ৩১ বৰ্ষীয় চানু ঘোষে তেওঁৰ কামৰ বৰ্ণনা দিয়ে।
শংখকৰ্মীগৰাকীয়ে পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ বাৰাকপুৰৰ শংখবণিক কলনীৰ কাৰখানাত কাম কৰে। সেই এলেকাটো শংখৰ কামৰ যোগান ধৰা কাৰখানাৰে ভৰি আছে। তেওঁ কয়, "লালকুঠিৰ পৰা ঘোষপাৰালৈকে বহু সংখ্যক শংখ শিল্পী খাৰু উৎপাদনৰ কাম কৰে।"
মহাজনসকলে আন্দামান আৰু চেন্নাইৰ পৰা শংখ আমদানি কৰে। শংখ হৈছে সাগৰীয় শামুকৰ খোলা। খোলাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক হয়তোবা শংখ হিচাপে ব্যৱহাৰ কৰিব পাৰি – বা খাৰু হিচাপে তৈয়াৰ কৰিবলৈ পঠিয়াব পাৰি। ডাঠ আৰু গধুৰ খোলাৰ সৈতে খাৰু বনোৱাটো সহজ, কিয়নো সৰু আৰু পাতল খোলা ড্ৰিল কৰিলেই সহজে ভাঙি যায়। গতিকে শংখবোৰ পাতল খোলাৰে তৈয়াৰ কৰা হয়, আনহাতে খাৰুৰ বাবে গধুৰ খোলা ব্যৱহাৰ কৰা হয়।
শামুকৰ খোলাটো ভিতৰৰ পৰা পৰিষ্কাৰ কৰাৰ পিছত এই প্ৰক্ৰিয়াটো আৰম্ভ হয়। খোলাটো পৰিষ্কাৰ কৰাৰ পিছত ইয়াক গৰম পানীত ছালফিউৰিক এচিডেৰে ধোৱা হয়। সেয়া সম্পূৰ্ণ হোৱাৰ পিছত পলিশ্বিং প্ৰক্ৰিয়া আৰম্ভ হয় আৰু খাৰুৰ পৃষ্ঠৰ যিকোনো ছিদ্ৰ, ফাঁট আৰু অসমান অংশ মসৃণ কৰা হয়।
খাৰুবোৰ পৃথক কৰাৰ পূৰ্বে সেইবোৰ হাতুৰীৰে কোবাই ড্ৰিলৰ সহায়ত কাটি দিয়া হয়। তাৰ পিছত শিল্পীসকলে প্ৰতিটো টুকুৰা পিহি পিহি পলিশ্ব কৰে। "কিছুমানে কেঁচা শামুকৰ খোলা ভঙা কাম কৰে আনহাতে আন কিছুমানে খাৰু বনোৱাৰ কাম কৰে। আমি সকলোৱে বিভিন্ন মহাজনৰ অধীনত কাম কৰোঁ," চানুৱে কয়।
শংখবণিক কলনীটো শংখ কাৰখানাৰে ভৰি আছে৷ ইয়াৰ অধিকাংশই হ’ল সৰু শোৱনি কোঠা বা গেৰেজৰ আকাৰৰ। চানুৰ কাৰখানাত এখন খিৰিকী আছে আৰু শংখ কাটি থাকোতে ওলোৱা বগা ধুলিৰে বেৰবোৰ ঢাক খাই পৰিছে। এটা কোণত দুটা গ্ৰাইণ্ডিং মেচিন বহোৱা হৈছে। আনহাতে কোঠাটোৰ আনটো ফাল প্ৰক্ৰিয়াকৰণৰ অপেক্ষাত থকা শামুকৰ কেঁচা খোলাৰে ভৰি আছে।
অধিকাংশ মহাজনে তেওঁলোকৰ দোকানৰ পৰা কাম শেষ হোৱা সামগ্ৰী বিক্ৰী কৰে৷ প্ৰতি বুধবাৰে শংখ খাৰুৰ এখন পাইকাৰী বজাৰো বহে।
কেতিয়াবা, বিশেষকৈ সোণৰ প্ৰলেপযুক্ত খাৰুবোৰ মহাজনসকলে অৰ্ডাৰ দিয়া গ্ৰাহকক পোনপটীয়াকৈ বিক্ৰী কৰে।
চানুৱে কয় যে শেহতীয়া বছৰবোৰত শংখৰ বিক্ৰী হ্ৰাস পাইছে আৰু ইয়াৰ কাৰণ হ’ল শামুকৰ খোলাৰ অভাৱ। "আমি বিচাৰো যে কেঁচা সামগ্ৰীৰ মূল্য অলপ কম হওক, সুলভ হওক। চৰকাৰে কেঁচা মালৰ ক'লা বজাৰৰ প্ৰতিও লক্ষ্য কৰা উচিত," চানুৱে কয়।
শামুকৰ খোলাৰ পৰা খাৰু আৰু অন্যান্য আলংকাৰিক সামগ্ৰী তৈয়াৰ কৰাৰ সময়ত স্বাস্থ্যৰ চিন্তাও কৰিবলগীয়া হয়। অভিষেক সেন এই শংখবণিক কলনীত কাম কৰা এজন ২৩ বৰ্ষীয় শিল্পী। তেওঁ কয়, "খোলাটো পিহি থাকোঁতে ইয়াৰ গুৰি আমাৰ নাক আৰু মুখত প্ৰৱেশ কৰে। আমি বিপদজনক ৰাসায়নিক পদাৰ্থও ব্যৱহাৰ কৰো," অভিষেকে শংখ খাৰু আৰু শংখ ডিজাইন কৰে।
"কামৰ মানদণ্ড আৰু প্ৰকাৰৰ ওপৰত মোৰ উপাৰ্জন নিৰ্ভৰ কৰে। শংখ খাৰু যিমানে বহল আৰু গধুৰ হয়, মজুৰি সিমানে বেছি হয়। কেতিয়াবা মই ১,০০০ টকালৈকে উপাৰ্জন কৰো, কিন্তু কেতিয়াবা কোনোমতে ৩৫০ টকাহে উপাৰ্জন কৰিব পাৰো। মই ৰাতিপুৱা ৯:৩০ বজাত কাম কৰা আৰম্ভ কৰো আৰু আবেলি ৩ বজালৈকে কাম কৰো৷ তাৰপিছত মই পুনৰ ৬ বজা মানত কাম আৰম্ভ কৰো আৰু প্ৰায়েই নিশা ৯ বজালৈ কাম কৰো," অভিষেকে কয়।
৩২ বছৰীয়া সজলে যোৱা ১২ বছৰ ধৰি খোলাবোৰ পিহি পিহি পলিশ্ব কৰি আহিছে। তেওঁ কয়, "যেতিয়া মই প্ৰথম এই কাম আৰম্ভ কৰিছিলো তেতিয়া মোক এযোৰৰ [খাৰু] বাবে আঢ়ৈ টকা দিয়া হৈছিল। এতিয়া মই চাৰি টকাকৈ উপাৰ্জন কৰোঁ।" তেওঁ খোলাৰ চূড়ান্ত সমাপনৰ কাম কৰে। তেওঁ আঠা আৰু জিংক অক্সাইড একেলগে ব্যৱহাৰ কৰি এটা পেষ্ট প্ৰস্তুত কৰে৷ এই পেষ্ট তেওঁ খাৰুবোৰত থকা যিকোনো ছিদ্ৰ আৰু ফাঁটবোৰ পূৰণ কৰে। সজলে কয় যে তেওঁ দিনে ৩০০-৪০০ টকাকৈ উপাৰ্জন কৰে।
সুশান্ত ধৰে কয়, "আমি তৈয়াৰ কৰা শংখ আৰু খাৰু অসম, ত্ৰিপুৰা, কন্যাকুমাৰী আৰু বাংলাদেশলৈ যায় আৰু উত্তৰ প্ৰদেশৰ পাইকাৰী বিক্ৰেতাসকলেও ইয়ালৈ ক্ৰয় কৰিবলৈ আহে।" ৪২ বৰ্ষীয় কাৰিকৰজনে কয় যে তেওঁ শংখৰ খোলাত ফুল, পাত, দেৱতাৰ ছবি আৰু অন্যান্য ডিজাইন কৰে। "আমি মাহে প্ৰায় ৫,০০০ৰ পৰা ৬,০০০ টকা উপাৰ্জন কৰো। বৰ্তমান বজাৰৰ অৱনতি ঘটিছে আৰু সামগ্ৰীবোৰ ব্যয়বহুল হৈ পৰিছে। বৰষুণৰ বতৰত অধিক দুৰৱস্থা হয় কিয়নো পাইকাৰী গ্ৰাহকসকল বৰষুণৰ বতৰত নাহে," সুশান্তই কয়।
"যদি মই দিনে ৫০ যোৰ শংখ খাৰু তৈয়াৰ কৰো, তেন্তে মই ৫০০ টকাকৈ উপাৰ্জন কৰিম। কিন্তু এদিনতে ৫০ যোৰ শংখ খাৰু খোদিত কৰাটো প্ৰায় অসম্ভৱ," চানুৱে কয়।
নিম্নমুখী হোৱা বজাৰ, বিত্তীয় অনিশ্চয়তা আৰু চৰকাৰী সমৰ্থনৰ অভাৱৰ পৰিপ্ৰেক্ষিতত তেওঁ আৰু শংখবণিক কলনীৰ আন শিল্পীসকলৰ এই ব্যৱসায় এক উন্নত ভৱিষ্যতৰ বাবে আশাবাদী নহয়।
অনুবাদক: মনোৰঞ্জন মজুমদাৰ