মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ হাতকানাংলে তালুকৰ খোচি গাঁৱৰ খেতিয়কে কোনে এক একৰ মাটিত বেছিকৈ কুঁহিয়াৰ খেতি কৰিব পাৰিব, তাকে লৈ বাজি লগোৱাৰ বেছি বছৰ হোৱা নাই। এই পৰম্পৰা ছটাৰো বেছি দশক পুৰণি। এয়া এক মৈত্ৰীপূৰ্ণ আৰু সুস্থ প্ৰতিযোগিতা আছিল য’ত খেতিত লাগি পৰা সকলোৱে লাভান্বিত হৈছিল। কিছুমানে প্ৰতি একৰত ৮০ হাজাৰৰ পৰা ১ লাখ পৰ্য্যন্ত কুঁহিয়াৰ লগাইছিল। এয়া সাধাৰণতে চপোৱাতকৈ ডেৰ গুণ বেছি আছিল।
কিন্তু এই পৰম্পৰা ২০১৯ৰ আগষ্টত হঠাতে নাইকিয়া হৈ পৰিল। সেই বছৰ গাওঁখনৰ কুঁহিয়াৰ খেতি দহদিনীয়া বানপানীয়ে তচনচ কৰি গ’ল। দুবছৰ পাছত, ২০২১ৰ জুলাইত ধাৰাসাৰ বৰষুণ আৰু তাৰপাছত অহা বানপানীয়ে পুনৰাই খোচিৰ কুঁহিয়াৰ আৰু ছয়াবিনৰ খেতিৰ লোকচান কৰিলে।
ভাৰাতীয় খেতিয়ক আৰু খোছি নিবাসী গীতা পাটিল (৪২)য়ে কয়, “এতিয়া কৃষকে নিজৰ মাজত ফচল ভাল কৰাৰ বাজি নলগায়, তেওঁলোকে ইয়াকে বিচাৰে যে তেওঁলোকৰ আধাখিনি হ’লেও কুঁহিয়াৰ বাচক।” গীতাৰ মনলৈ কেতিয়াবা ভাব আহে যে তেওঁ কুঁহিয়াৰ খেতিৰ ফচল বঢ়োৱাৰ সকলো কৌশল জানি লৈছে। কিন্তু দুবাৰকৈ বাঢ়নি পানীয়ে তেওঁৰ ৪ লাখ কিলোগ্ৰাম কুঁহিয়াৰ নষ্ট কৰিল পেলোৱাত তেওঁ কয়, “ক’ৰবাত কিবা ক্ৰুটি থাকি গৈছে।” কিন্তু তেওঁৰ মনলৈ চাগে জলবায়ু পৰিৱৰ্তনৰ কথা নাহে।
তেওঁ কয়, “২০১৯ৰ বানপানীৰ পিছত বৰষুণৰ প্ৰকৃতি সম্পূৰ্ণৰূপে সলনি হৈ গ’ল।” ২০১৯ লৈকে তেওঁলোকৰ দিনলিপি নিশ্চিত আছিল। অক্টোবৰ-নৱেম্বৰত কুঁহিয়াৰ চপোৱাৰ পিছত তেওঁলোকে ছয়াবিন, বাদাম, ধানৰ বিভিন্ন প্ৰজাতি, সংকৰ জাতৰ জোঁৱাৰ বা বাজৰা আদি শস্য লগাইছিল। যাতে মাটিয়ে উচিত পুষ্টি পায়। তেওঁলোকৰ জীৱন আৰু কাম সকলোবোৰ পূৰ্বনিৰ্ধাৰিত আৰু চিনাকি আছিল, এতিয়া আৰু তেনে হৈ থকা নাই।
“এইবছৰ ২০২২ত বাৰিষা দুমাহ পিছত আহিল। কিন্তু যেতিয়া বৰষুণ আহিল, তেতিয়া মাহটোৰ ভিতৰতে গোটেই খেতিপথাৰ ডুবি গ’ল।” আগস্তৰ ধাৰাসাৰ বৰষুণৰ কাৰণে খেতিৰ মাটিৰ গুৰুত্বপূৰ্ণ অংশ দুসপ্তাহলৈকে পানীৰ তলতে থাকিল। কুঁহিয়াৰ খেতি কৰা খেতিয়কে তাৰ কাৰণে যথেষ্ট লোকচান ভৰিবলগীয়া হ’ল, কিয়নো পানী বেছি থাকিলে কুঁহিয়াৰ নাবাঢ়ে আৰু গছৰ ক্ষতিও হয়। জলস্তৰ বাঢ়ি আহি থকাত পঞ্চায়তৰ মানুহে গাঁৱৰ মানুহবোৰক ঘৰবোৰ খালি কৰি আঁতৰি অহাৰ বাবে সতৰ্ক কৰি দিলে।
ভাগ্য ভাল যে গীতাই এক একৰ মাটিত ধানখেতি কৰিছিল, বানত সেয়া বাচি গ’ল আৰু অক্টোবৰত সেয়া চপাবৰ হ’লহেঁতেন। ফচল ভাল হ’ব বুলি তেওঁ আশা কৰি আছিল। কিন্তু অক্টোবৰৰ আবতৰীয়া বৰষুণ (যিটোক স্থানীয় লোকে ধাগফুটি বা মেঘ বিস্ফোৰণ বুলি কয়) আহিল। টাইমচ্ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি কেৱল ক’লহাপুৰ জিলাৰ ৭৮ খন গাঁৱৰ প্ৰায় এক হাজাৰ হেক্টৰ খেতি এই বৰষুণে তচনচ কৰি পেলালে।
“আমাৰ আধাখিনি ধান নষ্ট হৈ গ’ল,” গীতাই কয় আৰু লগতে যোগ দিয়ে যে বাৰিষা স্বত্ত্বেও অলপমান কুঁহিয়াৰৰ গছ পৰি নোযোৱাকৈ ৰৈ গৈছিল, তাৰ পৰা তেনেই কম উৎপাদনৰ সম্ভাৱনা আছিল। তেওঁৰ সমস্যা ইয়াতেই শেষ নহয়। তেওঁ কয়, “ভাৰাতীয় খেতিয়ক হিচাপে আমি আমাৰ উৎপাদনৰ ৮০ শতাংশ খেতিৰ মালিকক দিব লাগে।”
গীতা আৰু তেওঁৰ পৰিয়ালটোৱে চাৰি একৰ মাটিত কুঁহিয়াৰৰ খেতি কৰে। স্বাভাৱিক বতৰত তেওঁলোকে ৩২০ টন উৎপাদন কৰে। তেওঁলোকে তাৰে নিজলৈ বুলি কেৱল ৬৪ টন ৰাখে, বাকীখিনি মাটিৰ মালিকৰ ভাগত পৰে। তেওঁ কয় যে ৬৪ টন কুঁহিয়াৰৰ মূল্য ১৭৯,২০০ টকা আৰু এইখিনি টকাৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ সদস্যবৰ্গৰ চাৰিজনে ১৫ মাহৰ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। খেতিৰ মালিকে কেৱল খেতিৰ ব্যয় বহন কৰে, লাভৰ ৰূপত ৭১৬,৮০০ টকাৰ মোটা অংক লাভ কৰে।
২০১৯ আৰু ২০২২ৰ বানপানীত যেতিয়া কুঁহিয়াৰৰ খেতি সোপাকে নষ্ট হৈ গ’ল, গীতাৰ পৰিয়ালৰ হাতলৈ এটা টকাও নাহিল। আনকি কুঁহিয়াৰ খেতিৰ কাম কৰা শ্ৰমৰ পইচাও তেওঁলোকে নাপালে।
কুঁহিয়াৰৰ খেতিত ব্যয় কৰা ধনৰ লোকচানৰ উপৰিও তেওঁলোকে আন এক সংকটৰ সন্মুখীন হ’ল যেতিয়া ২০১৯ৰ বানপানীত তেওঁলোকৰ ঘৰটো আংশিকভাবে ক্ষতিগ্ৰস্ত হ’ল। গীতাৰ স্বামী তানাজীয়ে কয়, “ঘৰটো মেৰামতি কৰোতে আমাৰ কমেও ২৫ হাজাৰ টকা খৰছ হ’ল। য’ত নেকি চৰকাৰৰ পৰা আমি কেৱল ৬,০০০ টকাহে ক্ষতিপূৰণ পালো।” বানপানীৰ পিছত তানাজী উচ্চ ৰক্তচাপজনিত ৰোগত ভুগিব ধৰিলে।
২০২১ত পুনৰাই বানপানী আহিলত, তেওঁলোকৰ ঘৰটো আকৌ ক্ষতিগ্ৰস্ত হ’ল। গোটেই পৰিয়ালটো আন এখন গাঁৱত আশ্ৰয় লৈ থাকিবলগীয়া হ’ল। এইবাৰ তেওঁলোকে ঘৰটো মেৰামতি কৰিব পৰা হৈ নাথাকিল। গীতাই কয়, “এতিয়াও বেৰবোৰ সেমেকি আছে, চুই চালে গম পাব।”
বানৰ সেই দুৰ্বিসহ স্মৃতি এতিয়াও তেওঁলোকৰ মনত বাহ লৈ আছে। তেওঁ কয়, “যেতিয়াই বৰষুণ হয় আৰু পানী ছাল উৰুষে, প্ৰতিটো টোপালে মোক বানৰ বিভীষিকাৰ কথা মনত পেলাই দিয়ে। এইবছৰ অক্টোবৰত যেতিয়া মুষলধাৰ বৰষুণ হৈছিল, তেতিয়া মই এসপ্তাহ ভালকৈ শুব পৰা নাছিলো।”
গীতাৰ পৰিয়ালে দুটা মেহচানা ম’হ ২০২১ৰ বানপানীত হেৰুৱাইছিল। সেই দুটাৰ মূল্য ১ লাখ ৬০ হাজাৰমান আছিল। তেওঁ কয়, “ম’হৰ গাখীৰ বিক্ৰী কৰি যি নিয়মীয়া আয় পাইছিলো, সেইটোও আমাৰ হাতৰ পৰা গ’ল।” এতিয়া পৰিয়ালটোৱে ৮০ হাজাৰ টকা দি আন এটা ম’হ কিনি আনিছে। ম’হ কিয় কিনিছে, তাকে স্পষ্ট কৰি দি গীতাই কয়, “যেতিয়া মুষলধাৰে হোৱা বৰষুণ আৰু দুৰ্গম ৰাস্তাৰ কাৰণে খেতিত আমাৰ একো কাম নোহোৱা হয়, তেতিয়া মানুহে নিজৰ একমাত্ৰ আয়ৰ বাট হিচাপে ম’হৰ গাখীৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।” পৰিয়ালৰ লোকে যাতে দুসাজ ভাত খাব পায়, তাৰবাবে তেওঁ খেতিপথাৰত দিনহাজিৰাও কৰে। কিন্তু তাত আশে-পাশে কাম সিমান পাবলৈ নাই।
গীতা আৰু তানাজীয়ে আত্মসহায়ক গোট আৰু সুতত পইচা দিয়া মহাজন আদি মিলাই বিভিন্ন স্ৰোতৰ পৰা ২ লাখ টকা ধাৰ লৈ থৈছে। বানপানীৰ কাৰণে শস্য নষ্ট হোৱাৰ সম্ভাৱনা দেখি তেওঁ এই কথাক লৈ আশংকা কৰিছে যে সময়ত ধাৰ মাৰিব নোৱাৰিলে তেওঁলোকৰ সুতৰ বোজা বাঢ়ি যাব।
বৰষুণৰ ৰেহৰূপ, শস্যৰ সুৰক্ষা আৰু আমদানিৰ স্থায়িত্বৰ অনিশ্চয়তাই গীতাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাবলৈ ধৰিছে।
তেওঁ কয়, “২০২১ৰ জুলাইৰ বৰষুণৰ পিছত মই অনুভৱ কৰিছিলো যে মোৰ মাংসপেশীবোৰ দুৰ্বল গৈছে। জোৰাবোৰ শিথিল হৈছে আৰু মই উশাহ লোৱাত কষ্ট অনুভৱ কৰিছিলো।” তেওঁ এই ভাবি চাৰিমাহলৈ এই লক্ষণবোৰ উপেক্ষা কৰি চলিল যে কিছুদিন পিছত সেয়া নিজে নিজে ঠিক হৈ যাব।
“এদিন মোৰ এই শাৰীৰিক সমস্যাবোৰ ইমানেই বাঢ়ি গ’ল যে মই ডাক্তৰক দেখুৱাবলগীয়াত পৰিল,” তেওঁ কয়। পৰীক্ষা কৰি গম পোৱা গ’ল যে গীতাৰ হাইপাৰথাৰ্ম’ডাৰ্মিয়া হৈছে। ডাক্তৰে ক’লে যে অত্যধিক মানসকি চাপৰ বাবে তেওঁৰ স্বাস্থ্যৰ তীব্ৰ অৱনতি ঘটিছে। প্ৰায় এটা বছৰ গীতাই মাহে ১৫০০ টকা খৰছ দৰৱৰ নামত খৰছ কৰিবলগীয়া হ’ল। তেওঁৰ চিকিৎসা আগন্তুক ১৫ মাহলৈ চলি থাকিব।
ক’লহাপুৰৰ বানাক্ৰান্ত ছিখলী গাঁৱৰ সামুহিক স্বাস্থ্য সেৱা বিষয়া ডা. মাধুৰী পন্হালকৰে কয় যে এই অঞ্চলত বানপানীৰ পিছত স্বাস্থ্যজনিত সমস্যাৰ কথা পতা মানুহৰ সংখ্যা বৰকৈ বাঢ়িছে। নিজৰ আৰ্থিক সমস্যা আৰু মানসিক অশান্তিৰ পৰা মুক্তি পাবলৈ অক্ষম হৈ পৰাটো তেওঁলোকৰ এক ডাঙৰ দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে। কৰবীৰ তালুকৰ এই গাওঁখন তেনে কেইখনমান গাঁৱত পৰে, যিকেইখন বানপানীত প্ৰথমে ক্ষতিগ্ৰস্ত হয়।
কেৰালাত ২০১৯ৰ বানপানীৰ চাৰিমাহ পিছত ৰাজ্যখনৰ বানাক্ৰান্ত পাঁচখন জিলাৰ ৩৭৪ টা পৰিয়ালৰ মুৰব্বীক লৈ কৰা গৱেষণাৰ এক সমীক্ষাত পোৱা গ’ল যে যিসকলে দুটাকৈ বানৰ বিভীষিকা দেখিছে, তেওঁলোকে এবাৰ বানপানী দেখাসকলতকৈ ভিতৰি ভিতৰি বেছি অসহায় অনুভৱ কৰে (প্ৰথম বানপানীৰ পৰা উদ্ভৱ হোৱা শংকাৰ ভাৱ পুনৰ্বাৰ পোৱাত তেওঁলোকৰ মনত নেতিবাচক পৰিস্থিতিক হতাশাৰে মানি লোৱা)।
গৱেষণাটোত এই কথা স্পষ্টকৈ লিখা আছে যে “নিয়মিত প্ৰাকৃতিক দুৰ্যোগৰ চিকাৰ হোৱা লোকৰ ওপৰত পৰা নেতিবাচক মানসিক প্ৰভাৱৰ পৰা তেওঁলোকক সুৰক্ষা দিয়াৰ কাৰণে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।”
ক’লহাপুৰৰ গাওঁবোৰতেই নহয়, গ্ৰামীণ ভাৰতত থকা প্ৰায় ৮৩.৩ কোটি (২০১১ৰ লোকপিয়ল অনুসৰি) লোকে মানসিক স্বাস্থ্যসেৱা লাভ কৰাটো এতিয়াও বহুত টান কাম। ডা. পনহালকৰে কয়, “আমি মানসিক স্বাস্থ্যৰ সমস্যাৰ সৈতে যুঁজি থকা মানুহৰ চিকিৎসাৰ কাৰণে জিলা হস্পিতাললৈ ৰেফাৰ কৰিব লগা হয়। কিন্তু সকলোৱে ইমান দূৰলৈ যাতায়তৰ খৰছ বহন কৰিব নোৱাৰে।”
গ্ৰামীণ স্বাস্থ্য পৰিসংখ্যা ২০২০-২১ অনুসৰি সম্প্ৰতি গ্ৰামীণ ভাৰতত কেৱল ৭৬৪ খন জিলা হস্পিতাল আৰু ১,২২৪ খন উপ-জিলা হস্পিতাল আছে য’ত মনোৰোগ চিকিৎসক আৰু নিদানিক মনস্তত্ত্ববিদ নিযুক্ত কৰা হৈছে। ডাক্তৰ পনহালকৰে কয়, “আমি উপ স্বাস্থ্যকেন্দ্ৰত নহ’লেও অন্ততঃ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মানসিক স্বাস্থ্য সেৱাৰ বিশেষজ্ঞ ৰখাৰ আৱশ্যকতা আছে।” বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ২০১৭ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি এক লাখ ব্যক্তিৰ বিপৰীতে এজনৰো কম (০.০৭) মনোৰোগ চিকিৎসক আছে।
*****
শিৱবাঈ কাম্বলেক (৬২) অৰ্জুনৱাড়ত তেওঁৰ ধেমেলীয়া স্বভাৱৰ কাৰণে মানুহে জানে। ক’লহাপুৰৰ এইখন গাঁৱৰে স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশাকৰ্মী) শুভাংগী কাম্বলেয়ে কয়, “তেঁৱেই একমাত্ৰ কৃষিশ্ৰমিক যিয়ে হাঁহি-ধেমালীৰ মাজেৰে কাম কৰি যায়।”
ততস্বত্ত্বেও ২০১৯ৰ বানপানীৰ তিনিমাহ পিছত শিৱবাঈৰ উচ্চ ৰক্তচাপজনিত ৰোগ আৰম্ভ হ’ল। “গাঁৱৰ প্ৰতিজন মানুহেই আচৰিত হৈছিল, কিয়নো তেওঁলোকে তেওঁক এনে এগৰাকী মহিলা বুলি জানিছিল যিয়ে কোনো মানসিক চাপৰ স্বীকাৰ হ’ব নোৱাৰে,” শুভাংগীয়ে কয়, যিয়ে সুখী হৈ থাকিবলৈ তেওঁৰ দৰে থকাৰ চেষ্টা কৰিছিল। এনেকৈয়ে ২০২০ৰ আৰম্ভণিৰ ভাগত তেওঁ শিৱবাঈৰ সম্পৰ্কলৈ আহিছিল আৰু পিছৰ কেইমাহমানতে তেওঁলোক দুজন অন্তৰংগ বান্ধৱী হৈ উঠিছিল।
শুভাংগীয়ে মনত পেলায়, “তেওঁ সহজে নিজৰ সমস্যাবোৰো নকৈছিল আৰু সদায় হাঁহি থাকিছিল।” কিন্তু এতিয়া শিৱবাঈৰ নিৰন্তৰ অৱনতি ঘটা স্বাস্থ্য আৰু তাৰ লগতে মুৰ ঘুৰোৱা আৰু জ্বৰ উঠি থকাই এই কথা স্পষ্ট কৰে যে কিবা এটা পৰিৱৰ্তন ঘটিছে। বহুকেইমাহৰ কথা-বতৰাৰ পিছত আশাকৰ্মীগৰাকীয়ে এই সিদ্ধান্তলৈ আহিল যে শিৱবাঈৰ এই স্থিতিৰ কাৰণ হৈছে বাৰে বাৰে অহা বানপানী।
২০১৯ৰ বানপানীয়ে শিৱবাঈৰ কেঁচা ঘৰটো তচনচ কৰি পেলাইছিল। ঘৰৰ এটা সৰু অংশ ইটা আৰু বাকীখিনি কুঁহিয়াৰৰ শুকোৱা পাত, জোৱাৰৰ ঠাৰি আৰু খেৰেৰে বনোৱা আছিল। তেতিয়া তেওঁলোকৰ পৰিয়ালে এই ভাবিয়েই টিনপাত লগোৱা কোঠা এটা সজাবলৈ ১ লাখ টকা খৰছ কৰিলে যে দ্বিতীয়বাৰ বানপানী আহিলে ঘৰটো বাচি যাব।
ইফালে দিনহাজিৰা কৰিবলৈ নোপোৱাত পৰিয়ালটোৰ আয় কমি আহিছিল। যিয়ে পৰিস্থিতি অধিক কষ্টসাধ্য কৰি তুলিছিল। ২০২২ৰ ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ শেষলৈকে খেতিপথাৰ পানীত ডুবি থকাত আৰু তালৈকে যোৱা ৰাস্তাবোৰ দুৰ্গম হৈ পৰা কাৰণে শিৱবাঈয়ে খেতিপথাৰৰ হাজিৰা কাম পোৱা নাছিল। নিজৰ ফচল নষ্ট হৈ যোৱাৰ পিছত খেতিয়কে হাজিৰা মানুহ লগাই খেতি কৰাটো উচিত নহ’ব বুলি ভাবি লৈছিল।
তেওঁ পুনৰাই কয়, “দেৱালীৰ আগেয়ে মই খেতিপথাৰত তিনিদিনৰ কাম পালো, কিন্তু পুনৰাই বৰষুণ হ’বলৈ আৰম্ভ কৰাত সেই কামো হেৰুৱালো।”
আয়ৰ কোনো নিশ্চিতি নোহোৱাৰ ফলত শিৱবাঈয়ে ভালদৰে নিজৰ চিকিৎসা কৰাব পৰা নাছিল। তেওঁ কয়, “বহুবাৰ পইচাৰ অভাৱত মোৰ দৰৱ কিনা নহৈছিল।”
অৰ্জুনৱাড়ৰ সামূহিক স্বাস্থ্যবিষয়া (চি.এছ.অ’) ডা. এঞ্জেলিনা বেকৰে কয় যে যোৱা তিনিটা বছৰত উচ্চ ৰক্তচাপ আৰু মধুমেহৰ দৰে অসংক্ৰামক ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৰ তীব্ৰতাৰে বাঢ়িছে। তেওঁৰ মতে কেৱল ২০২২ত মধুমেহ আৰু উচ্চ ৰক্তচাপৰ ২২৫ টাৰো অধিক কে’চ তেওঁ পাইছে, য’তনেকি অৰ্জুনৱাড়ৰ মুঠ জনসংখ্যা ৫,৬৪১ (২০১১ৰ লোকপিয়ল)।
“বাস্তৱিক পৰিসংখ্যা ইয়াতকৈ আৰু বেছি হ’ব, কিন্তু বহুলোকে চিকিৎসা কৰাব নাহে,” তেওঁ কয়। তেওঁ কয় যে প্ৰতিবাৰেই বানপানী অহা, আয় টুটি অহা আৰু অপুষ্টিৰ কাৰণে অসংক্ৰামক ৰোগ বাঢ়িছে। (এইটো পঢ়কঃ ক’লহাপুৰত আশাকৰ্মীৰ মানসিক স্বাস্থ্যৰ অৱনতি) ।
ডা. বেকৰে কয়, “অনেক বানাক্ৰান্ত গ্ৰামীণ বয়োজ্যেষ্ঠ লোকৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বাঢ়িছে। এনে ঘটনাও তীব্ৰ হাৰত বাঢ়িছে।” তেওঁ ইয়াকো কয় যে অনিদ্ৰাৰ ঘটনা অপ্ৰত্যাশিতভাবে বৃদ্ধি পাইছে।
অৰ্জুনৱাড়ৰ সাংবাদিক আৰু গৱেষক ছাত্ৰ চেতন্য কাম্বলেৰ মাক-দেউতাক ভাৰাতীয় খেতিয়ক আৰু কৃষিশ্ৰমিক, তেওঁ কয়, “দুৰ্বল নীতিৰ কাৰণে বানপানীৰ পৰা আটাইতকৈ বেছি লোকচান ভাৰাতীয় কৃষক আৰু কষিশ্ৰমিকে ভূগিবলগীয়া হৈছে। এজন ভাৰাতীয় খেতিয়কে নিজৰ উৎপাদনৰ ৭৫-৮০ শতাংশ খেতিৰ মালিকক দিবলগীয়া হয়। যেতিয়া ফচল নষ্ট হৈ যায়, তেতিয়া খেতিৰ ক্ষতিপূৰণ মাটিৰ মালিকে পায়।”
অৰ্জুনৱাড়ৰ প্ৰায়ভাগ কৃষকেই বানপানীৰ কাৰণে নিজৰ ফচল হেৰুৱালে। চেতন্যই কয়, “ফচল হেৰুওৱাৰ দুখ তেতিয়ালৈকে নাযায়, যেতিয়ালৈকে সেইখন খেতিপথাৰত খেতি লহপহাই বাঢ়ি উঠা দেখা নাযায়। কিন্তু বানপানীৰ কাৰণে আমাৰ খেতিবোৰ প্ৰতিবাৰেই নষ্ট হয়। ধাৰে লোৱা টকা শুজিব নোৱাৰাৰ কাৰণে এই দুশ্চিন্তা দুগুণ হৈ পৰে।”
মহাৰাষ্ট্ৰ চৰকাৰৰ কৃষি বিভাগৰ তথ্য অনুসৰি প্ৰাকৃতিক দুৰ্য্যোগৰ কাৰণে ২০২২ৰ জুলাই আৰু অক্টোবৰৰ মাজভাগত ৰাজ্যখনত ২৪.৬৮ লাখ হেক্টৰ কৃষিযোগ্য ভূমি গুৰুতৰ হাৰত ক্ষতিগ্ৰস্ত হৈছে। কেৱল অক্টোবৰ মাহতে এই পৰিমাণ ৭.৫ হেক্টৰ হৈছিল আৰু ৰাজ্যখনৰ ২২ খন জিলাত কৃষিযোগ্য ভূমি ইয়াৰ কবলত পৰিল। মহাৰাষ্ট্ৰত ২৮ অক্টোবৰ, ২০২২ লৈকে ১,২৮৮ মি.মি. বৃষ্টিপাত হৈছিল, যিটো গড় বৰষুণতকৈ ১২০.৫ গুণ বেছি আছিল। জুন আৰু অক্টোবৰ মাহত বৃষ্টিপাত হৈছিল ১,০৬৮ মি.মি. (পঢ়ি চাবঃ বৰষুণ অকলে নাহে, লগত আনে দুৰ্য্যোগ )।
ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, মুম্বাইৰ অধ্যাপক সুবিমল ঘোষ, যিয়ে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰতিবেদনৰ বাবে গঠিন আন্তঃচৰকাৰী পেনেলত অৰিহণা যোগাইছে, তেওঁ কয়, “আমি জলবায়ু বিজ্ঞানীয়ে সদায় পুৰ্বানুমানৰ প্ৰণালী বিকাশ কৰাৰ কথা পাতো, কিন্তু পুৰ্বানুমানৰ সৈতে মিলাকৈ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত আমি সদায় বিফল হৈ আছো।”
ভাৰতীয় বতৰবিজ্ঞান বিভাগে সঠিক পূৰ্বানুমানৰ ক্ষেত্ৰত বহুত ভাল অগ্ৰগতি লাভ কৰিছে। কিন্তু তেওঁৰ মত অনুসৰি, “কৃষকে ইয়াৰ পৰা লাভান্বিত হ’ব পৰা নাই, কিয়নো তেওঁলোকে ইয়াক নীতি-নিৰ্ধাৰণলৈ ভালদৰে নিব পৰা নাই। ইয়াৰ অবিহনে ফচল বচোৱাটো সম্ভৱ নহয়।”
অধ্যাপক ঘোষ এনে এক আৰ্হিৰ পক্ষপাতি যিটোৱে সমস্যাবোৰ বুজাৰ কাৰণে যুটীয়া ব্যৱস্থা লয় আৰু বতৰৰ অনিশ্চয়তাক সঠিক ধৰণে নিয়ন্ত্ৰিত কৰাৰ বাবে নীতি নিৰ্ধাৰণৰ ওপৰত সেয়া আধাৰিত হ’ব। তেওঁ কয়, “কেৱল সঠিক মানচিত্ৰ (বানপানীৰ) প্ৰস্তুতিতেই সমস্যা সমাধান হৈ নাযায়।”
তেওঁ কয়, “আমাৰ দেশৰ বাবে অভিযোজন অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আমি জলবায়ুৰ প্ৰভাৱ দেখিছো। কিন্তু আমাৰ জনসংখ্যাৰ বহুলাংশে অভিযোজনৰ ক্ষমতা নাই। আমি আমাৰ অভিযোজন ক্ষমতা আৰু বঢ়োৱাৰ আৱশ্যকতা আছে।”
*****
যেতিয়া ৪৫ বৰ্ষীয় ভাৰতী কাম্বলেৰ ওজন কমি প্ৰায় আধা হৈ গ’ল, তেতিয়াহে তেওঁৰ ধ্যান এই কথালৈ গ’ল যে তেওঁৰ সমস্যা গম্ভীৰ হৈ পৰিছে। আশাকৰ্মী শুভাংগীয়ে অৰ্জুনৱাড় নিবাসী এই কৃষিশ্ৰমিকজনক ডাক্তৰক দেখা কৰাৰ পৰামৰ্শ দিলে। ২০২০ৰ মাৰ্চত ডাক্তৰক দেখুওৱাত এই কথা গম পোৱা গ’ল যে তেওঁৰ হাইপাৰথাৰ্ম’ডাৰ্মিয়া হৈছে।
গীতা আৰু শিৱবাঈৰ দৰে ভাৰতীয়ে এই কথা স্বীকাৰ কৰে যে তেওঁ প্ৰাৰম্ভিক লক্ষণবোৰ উপেক্ষা কৰিছিল যে এয়া বানপানী অহাৰ কাৰণে তেওঁৰ মনত সৃষ্টি হোৱা চাপৰ কাৰণে হৈছে। তেওঁ কয়, “২০১৯ আৰু ২০২১ৰ বানপানীত আমি আমাৰ সকলো হেৰুৱালো। যেতিয়া মই কাষৰ গাঁৱত বোৱা বন্যাৰ্তৰ শিবিৰৰ পৰা উভতি আহিলো, দেখিলো যে মোৰ ঘৰত শস্যৰ এটাও দানা নাছিল। বানে সকলো উটুৱাই নিছিল।”
২০১৯ত অহা বানপানীৰ পিছত তেওঁ আত্মসহায়ক গোট আৰু মহাজনৰ পৰা নিজৰ ঘৰটো পুনৰাই সাজিবলৈ ৩ লাখ টকা ধাৰে ল’লে। তেওঁ ভাবিছিল যে দুটা চিফটত কাম কৰি তেওঁ সেই ধাৰ শুজিব আৰু এনেদৰে সুদৰ হাৰত পোত যোৱাৰ পৰা নিজকে বচাই ল’ব। কিন্তু শিৰোল তালুকৰ গাওঁভোৰত ২০২২ৰ মাৰ্চ-এপ্ৰিলত হোৱা ভয়ানক লু বতাহৰ কাৰণে পৰিস্থিতি আৰু সংকটজনক হৈ পৰিল।
তেওঁ কয়, “গৰম বতাহ আৰু ৰ’দৰ পৰা বাচিবলৈ মোৰ হাতত এখন কপাহী গামোচাৰ বাদে আন একো নাছিল।” সিখনে বিশেষ একো সুৰক্ষা দিয়া নাছিল। তেওঁৰ মুৰ ঘুৰোৱা আৰম্ভ হ’ল। ঘৰত বহি থাকিলে কাম নচলিব কাৰণে তেওঁ বিশনাশক দৰৱ খাবলৈ আৰম্ভ কৰিলে, যাতে তেওঁৰ খেতিৰ কাম বন্ধ নহয়।
তেওঁ ভাবিছিল যে বাৰিষা অহাৰ পিছত ফচল ভাল হ’ব আৰু তেওঁৰ কাৰণে কামৰ অভাৱ নহ’ব। “কিন্তু তিনিটা মাহত (জুলাই ২০২২ৰ পৰা) মই মুঠ ৩০ দিনৰো কাম নাপালো,” তেওঁ কয়।
আবতৰীয়া বৰষুণৰ কাৰণে শস্য নষ্ট হোৱাৰ পিছত ক’লহাপুৰত বানাক্ৰান্ত গাওঁবোৰত কৃষকে ব্যয় কমোৱাৰ উপায় বিচাৰিলে। চেতন্যই কয়, “মানুহে কৃষিশ্ৰমিকক লগোৱাৰ পৰিৱৰ্তে অপতৃণনাশক ব্যৱহাৰ কৰিবলৈ ল’লে। শ্ৰমিক লগালে গড়ে ১৫০০ টকা দিব লাগে, য’তনেকি কীটনাশকৰে ৫০০ টকাতে কাম সমাধা হয়।”
ইয়াৰ পৰিণতি ভয়াৱহ। ব্যক্তিগত পৰ্য্যায়ত ভাৰতীৰ দৰে লোকে কামৰ সুবিধা নোপোৱা হৈছে যিসকলে ইতিমধ্যে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। তাৰোপৰি তাৰ পৰা সৃষ্ট মানসিক চাপৰ বাবে ভাৰতীৰ দৰে লোকৰ গাত হাইপাৰথাৰ্ম’ডাৰ্মিয়াৰ দৰে ৰোগে দেখা দিয়াত সমস্যা অধিক গম্ভীৰ হৈ পৰিছে।
খেতিৰ ওপৰতো ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে। শিৰোলৰ কৃষি বিষয়া স্বপ্নিতা পড়লকাৰে কয় যে ২০২১ত তালুকৰ ৯,৪০২ হেক্টৰ (২৩.২৩২ একৰ) খেতিমাটি লুণীয়া হৈ পৰিছিল। ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অবাধ ব্যৱহাৰ, জলসিঞ্চনৰ অনিয়মিত ব্যৱস্থা আৰু এবিধেই শস্য উৎপাদনৰ কাৰণে মাটিৰ উৰ্বৰতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে।
২০১৯ৰ বানপানীৰ পিছত ক’লহাপুৰৰ শিৰোল আৰু হাটকানাংলে তালুকৰ বহু কৃষকে ৰাসায়নিক সাৰ আৰু কীটনাশকৰ নিৰ্বিচাৰ প্ৰয়োগ কৰিব লৈছে। চেতন্যই কয়, “বানপানী অহাৰ আগেয়ে যাতে খেতি চপাব পাৰি, তাৰবাবে তেওঁলোকে এয়া কৰিবলৈ লৈছে।”
ডা. বেকৰৰ মতে, বিগত কিছু বছৰত অৰ্জুনৱাড়ৰ মাটিত আৰ্ছেনিকৰ পৰিমাণ বহুত বেছি বাঢ়িছে। তেওঁ ইয়াকো কয় যে “ইয়াৰ মুখ্য কাৰণ হৈছে ৰাসায়নিক সাৰ আৰু বিষাক্ত কীটনাশকৰ প্ৰয়োগ বৃদ্ধি।”
মাটি যেতিয়া বিষাক্ত হৈ যায়, তেতিয়া ইয়াৰ কু-প্ৰভাৱৰ পৰা মানুহে কেনেকৈ বাচিব পাৰে? ডা. বেকৰে কয়, “এই বিষাক্ত মাটিৰ কাৰণে কেৱল অৰ্জুনৱাড়তে কৰ্কটৰ ১৭ জন ৰোগী ধৰা পৰিছে। ইয়াত তেনে ৰোগী নাই যি কৰ্কটৰ অন্তিম পৰ্য্যায়ত আছে।” ইয়াত স্তন কৰ্কট, লিউকেমিয়া, গৰ্ভাশয় কৰ্কট আৰু পেটৰ কৰ্কট ৰোগী আছে। তাৰে লগতে যোগ দি কয়, “দুৰাৰোগ্য ৰোগ তীব্ৰতাৰে বাঢ়িছে যদিও প্ৰাৰম্ভিক লক্ষণ দেখা দিয়াৰ পিছতো স্থানীয় লোকে ডাক্তৰৰ ওচৰলৈ আহিব নোখোজে।”
দুকুৰিৰ দেওনা পাৰ কৰা কৃষিশ্ৰমিক সুনীতা পাটিলে ২০১৯ৰ পৰাই মাংশপেশী আৰু আঠুৰ বিষত ভুগি আছিল, অৱসাদগ্ৰস্ত হৈছিল আৰু মূৰ ঘুৰাই থাকিছিল। “এয়া কি কাৰণত হৈ আছে মই নাজানো,” তেওঁ কয়। কিন্তু তেওঁ এই কথা জানে যে এয়া চিন্তাৰ সৈতে সম্পৰ্কিত। তেওঁ কয়, “মুষলধাৰ বৰষুণ দিলে মোৰ টোপনি নহা হয়।” আকৌ এবাৰ বানপানী অহাৰ আশংকাত মই সদায় ভীতিগ্ৰস্ত হৈ থাকো।
চিকিৎসাত ব্যয় হ’ব বুলি ভাবি সুনীতা আৰু আন কৃষিশ্ৰমিক মহিলাই বেদনানাশক দৰৱৰ আশ্ৰয় লয়। তেওঁ কয়, “আৰুনো আমি কি কৰিব পাৰো? ডাক্তৰৰ ওচৰলৈ গ’লে যি খৰছ হ’ব সেয়া বহন কৰা অসম্ভৱ। সেয়ে আমি বেদনানাশক দৰৱৰ ওপৰতে নিৰ্ভৰ কৰি থাকিবলগীয়া হয়। দামো কম, দহ টকাতে পাওঁ।”
বেদনানাশক দৰৱে অস্থায়ীভাবে কাম কৰে যদিও গীতা, শিৱবাঈ, ভাৰতী, সুনীতা আৰু তেওঁৰ দৰে হাজাৰ হাজাৰ মহিলাই নিৰন্তৰ এক অনিশ্চয়তা আৰু শংকাৰে ভৰা মন এটাৰ জীয়াই যাবলগীয়া হৈছে।
গীতাই কয়, “আমি এতিয়াও বানৰ পানীত বুৰি মৰা নাই, কিন্তু বানৰ আশংকাত সদায় ডুবি মৰিছো।”
এই ষ্ট’ৰিটো ইণ্টাৰনিউজৰ আৰ্থ জাৰ্নেলিজিম নেটৱৰ্কৰ পৰা প্ৰতিবেদকে লাভ কৰা অনুদানৰ দ্বাৰা সমৰ্থিত এক শৃংখলৰ এটা।
অনুবাদ: পংকজ দাস