চাবোনৰ ফেন উঠি থকা পানীখিনি এক ছন্দত ফেনেকিছে তালাব হুছেইনে। মুখত উজ্জ্বল হাঁহি এটাৰে তেওঁ যেন নাচিহে আছে। “পানী শুহি লোৱা কম্বলৰ ওপৰত ভাৰসাম্য ৰক্ষা কৰি আপুনি থিয় হ’ব পাৰিব লাগিব,” গছ এডালত ধৰি গামলাটোৰ কম্বলখন গছকি থকা তালাবে কয়। তেনেতে আন এজনে গামলাটোত আৰু অলপ গৰম চাবোন-পানী ঢালি দিছে।
জম্বুৰ সাম্বা জিলাৰ এই বকৰৱাল বসতিস্থলত তেতিয়া শীতৰ নিশা। চাৰিওফালে ঘিটমিটিয়া আন্ধাৰ। পোহৰৰ একমাত্ৰ উৎস হৈ পৰিছে এখন লৈ ফুৰিব পৰা কাঠৰ ষ্ট’ভ এটা। পাত্ৰ ওপৰত পানী উতলিছে। সেই পানীখিনিৰে কম্বলবোৰ ধোৱা হ’ব। এই বৈ উলিওৱা পছমী কম্বলৰ পৰা মল, বিয়পি পৰা ৰং আৰু ওলাই অহা সূতাবোৰ আঁতৰাই পেলোৱা হ’ব।
এই ধৰণৰ কম্বলবোৰ মেঘ আৰু মিহনঘ নামে দুই জনজাতীয় সম্প্ৰদায়ৰ লোকে বোৱে। পছম শিল্পৰ বাবে তেওঁলোকৰ সুখ্যাতি আছে। কম্বলখন বোৱা হ’লে সেয়া ধোৱা আৰু শুকোৱা কাম কৰে বকৰৱাল পুৰুষে। কম্বলৰ তন্তু আৰু সূতা বনোৱা কাম সাধাৰণতে বকৰৱাল মহিলাই কৰে আৰু তন্তুবোৰ বকৰৱাল পৰিয়ালে ঘৰতে শুকুৱায়।












