মই শোলাপিঠ (একধৰণৰ এছকাইনোমেনে এছপেৰা এল. গছৰ ছাল) ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ শোবা বৰ্ধনকাৰী সামগ্ৰী প্ৰস্তুত কৰো। তেনেই পাতল এই সামগ্ৰীবিধ বৰ ভাল, ইয়াক মনৰ পছন্দ অনুযায়ী আকাৰ আৰু শৈলীৰে বনাব পাৰি।
মই গলপতা, দূৰ্গোৎসৱৰ সূচিশিল্প, ফুল আৰু অন্যান্য ঘৰ সজোৱা বস্তু বনাব পাৰো, কিন্তু মোক মানুহে তাহিয়া বনোৱাৰ বাবে মানুহে জানে। তাহিয়া হৈছে ওড়িশি নৃত্যশিল্পীয়ে মঞ্চত পৰিৱেশনৰ সময়ত পিন্ধা আলংকৰিক মুকুট।
প্লাষ্টিকৰ তাহিয়া কিনিবলৈ পোৱা যায় যদিও সেইবোৰে শিল্পীগৰাকীৰ মূৰৰ ছালত খজুৱতি তোলে, বেছি সময় পিন্ধি থাকিব পৰা নাযায়। তাৰোপৰি প্লাষ্টিকত বেলেগ বেলেগ আকৃতি দিব পৰা নাযায়।
তাহিয়া বনোৱা বহু শিল্পীয়ে আজিকালি এই শিল্পবিধৰ সৈতে জৰিত নহয়, কিন্তু মই তাহিয়া বনোৱা কামটো ভাল পাওঁ।
ধ্ৰুপদী নৃত্যশিল্পীয়ে খোপাত আগতে ফুল পিন্ধিছিল। ওড়িশি নৃত্যশিল্পী কেলুচৰণ মহাপাত্ৰৰ বন্ধু কাশী মহাপাত্ৰই খোপাত ফুল গুজি লোৱাৰ পৰিৱৰ্তে শোলাপিঠৰ পৰা বনোৱা তাহিয়া মূৰত পিন্ধাৰ বুদ্ধি উলিয়ালে। মই ডিজাইনৰ কামখিনি কৰিলো।
তাহিয়া বনাওতে শোলাপিঠৰ উপৰিও বাকৰাম (টান কপাহী) কাপোৰ, গজ ৱায়াৰ, ফেভিকল আঠা, ক’লা সূতা, চূণ, ক’লা কাগজ আৰু বগা কাগজৰ প্ৰয়োজন হয়। এজন মানুহে যদি এই আটাইখিনি কাম অকলে কৰে, তেতিয়া তেওঁ দিনটোত দুটাতকৈ বেছি তাহিয়া বনাব নোৱাৰে। কিন্তু আমি ভালেকেইজনে লগ লাগি কামটো কৰো, কেতিয়াবা ছয়ৰ পৰা সাতজনলৈকে মানুহ থাকে।
তাহিয়া বনোৱাত ব্যৱহৃত আটাইতকৈ গুৰুত্বপূৰ্ণ ফুলদুবিধ হৈছে নাহৰ আৰু ইন্দ্ৰমালতী ফুল। আন ফুলৰ তুলনাত ইন্দ্ৰমালতী আঠ দিন পৰ্য্যন্ত টিকে। নাহৰ ফুল ১৫ দিনলৈকে ভালে থাকে। সেয়ে তাহিয়াত এই দুবিধ ফুল প্ৰথমে ব্যৱহাৰ কৰা হৈছিল।
ফুলৰ কলি, বিশেষকৈ জেচমিনেৰে তাহিয়াৰ স্প’কৰ আৰ্হিটো বনোৱা হয়। কলিবোৰ ফুলাৰ আগেয়ে বগা হৈ থাকে বাবে তাহিয়াটোৰ বৰণো বগা ৰখা হয়।
কিছুমান কলি মুকুটৰ ওপৰৰ অংশত গুজি দি বিশেষ এক ডিজাইন দিয়া হয়, এই সূক্ষ্ম কামটো মহিলাই কৰে।
কোৱা হয় যে শোলাপিঠৰ কাম ভগৱান জগন্নাথৰ উপাসনাৰ উদ্দেশ্যে পুৰীত আৰম্ভ হৈছিল। এতিয়া এয়া হোটেলত আৰু বিভিন্ন অনুষ্ঠান য’ত স্থানীয় শিল্প শৈলী আদি দেখুওৱা হয়, তাত ব্যৱহাৰ কৰা হয়।
কাম কৰাৰ আমাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। কেতিয়াবা পুৱা ৬ বজা, ৭ বজাত; কোনো কোনো সময়ত আকৌ পুৱা ৪ বজাৰ পৰা আমি কাম আৰম্ভ কৰো। দুপৰীয়া ১ৰ পৰা ২ বজালৈ কাম কৰো। এজন কৰ্মীয়ে এটা তাহিয়াৰ বাবদ ১৫০০ৰ পৰা ২০০০ পৰ্য্যন্ত আয় কৰিব পাৰে।
ওড়িশাৰ সম্বলপুৰত শৰৎ মহান্তিৰ আশ্ৰয়ত দীক্ষা লাভৰ সময়ত মই ১৯৯৬ত এটা বঁটা পাইছিলো।
“কালাকাৰ জামা কাহাৰি সম্পতি নুহে। কলা হিন এপাৰি সম্পতি, নিজে নিজ কথা কুহে (শিল্পকাৰ নিজে সম্পদ নহয়। শিল্পই হৈছে সম্পদৰ উৎস আৰু সি নিজেই নিজৰ কথা কয়।)”
“এই ৩৭ বছৰীয়া শিল্পই মোৰ সম্পত্তি। ইয়েই কাৰণ যে মোৰ পৰিয়ালটো অনাহাৰে ৰাতি কটাবলগীয়া নহয়,” উপেন্দ্ৰ কুমাৰ পুৰোহিতে কয়।
অনুবাদ: পংকজ দাস