

Jhabua, Madhya Pradesh
|WED, JUL 21, 2021
পানীৰ বাবে ঝাবুৱাত জীৱনৰ চাৰ্কাচ
Author
Translator

P. Sainath
সেয়া চাৰ্কাচৰ টানকৈ বন্ধা ৰচীত খোজ কঢ়াৰ দৰেই জটিল আৰু বিপদসংকুল কাম আছিল। কোনো চেফটি নেট কিম্বা সুৰক্ষাৰ আন কোনো ব্যৱস্থা তাত নাছিল। তাই ভৰি দিয়া মুকলি কুঁৱাটোৰ কোনো বাউণ্ডেৰি ৱালো নাছিল। ঠাইখিনিত পানী পৰি থেপথেপীয়া নহ’বলৈ আৰু ৪৪ ডিগ্ৰী ছেলচিয়াছ উষ্ণতাত ৰুক্ষ হৈ পৰা চৌপাশৰ পৰা কুঁৱাটোৰ ভিতৰলৈ ধূলি-বালি সোমাব নোৱাৰাকৈ কাঠৰ কুণ্ডাৰে সিটো ঢাকি থোৱা আছিল। মাত্ৰ মাজত পানী উলিয়াব পৰা ঠাই অকণ মুকলি কৰি থোৱা আছিল।
কুণ্ডাবোৰৰ একেবাৰে আগমুৰত থিয় দি তাই পানী তুলিবলগাত পৰিছিল। দুটা বিপদক তাই হাতবাউলি দি মাতি আছিল। হয়তো তাই পানী তোলোতে তলত পৰি যাব পাৰে, নাইবা কাঠৰ কুণ্ডাবোৰ তাইৰ ভৰত কুঁৱাটোৰ ভিতৰত পৰিব পাৰে। ইয়াৰে যিটোৱে নহওঁক, অতিকমেও ২০ ফুট গভীৰতাত গৈ পৰিব লাগিব। আকৌ তাই কুঁৱাটোত পৰি যোৱাৰ পিছত যদি কাঠৰ কুণ্ডাবোৰ যদি তাইৰ গাত পৰেগৈ, তেন্তে কথা তাতোকৈ বিষম হৈ পৰিব। আকৌ ভৰি মোচোকা খাই ভঙাৰ সম্ভাৱনাতো আছেই।
কিন্তু সিদিনা তেনে একো ঘটা নাছিল। সেই কম বয়সীয়া মহিলাগৰাকী গাওঁখনৰ কোনো এটা চুবুৰীৰ ভিলালা আদিবাসী সম্প্ৰদায়ৰ। তাই চাই-চিতি কুণ্ডাবোৰত খোজ দিছিল। তাৰপিছত সাৱধানে ৰচী লাগি থকা বাল্টিটো কুঁৱাটোৰ ভিতৰলৈ নমাইছিল আৰু টানি উলিয়াই আনিছিল। আন এটা পাত্ৰত পানীখিনি বাকি থৈছিল। আকৌ বাল্টিটোৰে পানী উলিয়াইছিল। তাই কিম্বা কুণ্ডাবোৰ অকণমানো লৰচৰ হোৱা নাছিল। মধ্য প্ৰদেশৰ ঝাবুৱা জিলাৰ ভাকনেৰ গাঁৱৰ নিজ ঘৰলৈ বুলি তাই আগবাঢ়িছিল। পানীৰ দুটা ডাঙৰ পাত্ৰ তাই কঢ়িয়াই নিছিল। মুৰত লোৱা গধুৰ পাত্ৰটো তাই সোঁহাতেৰে ধৰি আছিল আৰু বাওঁ হাতখনেৰে ৰচীলগা বাল্টিটো কঢ়িয়াইছিল।
তাইৰ ফলিয়া মানে চুবুৰীটোৰ পৰা মই তাইক এই কুঁৱাটোলৈ ভালেখিনি বাট খোজকাঢ়ি অনুসৰণ কৰিছিলো। মই হিচাপ এটা কৰি উলিয়ালো, তাই যদি দুবাৰো এনেকৈ পানী নিবলৈ আহে (কেতিয়াবা দুবাৰতকৈ বেছিও হয়) তেন্তে তাই অতিকমেও ৬ কিলোমিটাৰ বাট খোজকাঢ়ে। তাই যোৱাৰ পিছত মই কিছু সময় ৰৈছিলো। আন কম বয়সীয়া মহিলাই, তাৰে কিছুমান ছোৱালীয়ে সেই কাম অনায়াসে কৰিছিল। সিহঁতে কামটো দেখাত তেনেই উজু কৰি তুলিছিল। সিহঁতৰ মাজৰে এজনীৰ পৰা বাল্টি এটা ধাৰলৈ লৈ ময়ো এবাৰ পানী তুলি চাও বুলি ভাবিলো। প্ৰতিবাৰেই মই কুণ্ডাবোৰত খোজ দিলে সিবোৰ থৰক-বৰক হয়, অলপ বাগৰি যোৱাৰ দৰে হয়। খুপি খুপি কুঁৱাটোৰ মুখখন পাওঁমানে মোৰ ভৰি কঁপিবলৈ ধৰে। প্ৰতিবাৰেই মই বামলৈ উভতি আহো।
এইখিনি সময়তে মোৰ কাণ্ড-কাৰখানা চাবলৈ পানী তুলিবলৈ অহা উৎসুক মহিলাৰ দল এটা গোট খালে। আনফালে সৰু সৰু ল’ৰা-ছোৱালীবোৰে মই কুঁৱাটোত পৰালৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। সেই আবেলিটোৰ বাবে ময়ে হাঁহিৰ খোৰাক যোগাইছিলো। কিন্তু তাৰ যৱনিকা পৰিছিল। কিয়নো মোক অলপ সময়ৰ বাবে বহুৱা যেন অনুভৱ কৰা মহিলাসকলক ঘৰলৈ পানী কঢ়িয়াই নিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটোৱে অধীৰ কৰি তুলিছিল। ১৯৯৪ৰ সেই আবেলিটোত মই কোনোমতে আধা বাল্টি পানী তুলিবলৈ সক্ষম হৈছিলো আৰু নাবালক দৰ্শকৰ পৰা হাতচাপৰি বুটলিবলৈ সক্ষম হৈছিলো।
এই প্ৰতিবেদনৰ এক সংক্ষিপ্ত সংস্কৰণ ১৯৯৬ৰ ১২ জুলাইত দা হিন্দু বিজনেচলাইনত প্ৰকাশিত হৈছিল।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/পানীৰ-বাবে-ঝাবুৱাত-জীৱনৰ-চাৰ্কাচ

