পানীমাৰাৰ মুক্তিযুঁজাৰুসকলে আন কিছুমান শক্তিৰ বিৰুদ্ধেও যুঁজ দিবলগা হৈছিল। ইয়াৰে কিছুমান তেওঁলোকৰ ঠিক ঘৰৰপৰাই আৰম্ভ হৈছিল।
গান্ধীজীৰ অস্পৃশ্যতা বিৰোধী আন্দোলনৰ আহ্বানত উদ্বুদ্ধ হৈ তেওঁলোক আগবাঢ়িছিল।
"এদিনাখন আমি প্ৰায় ৪০০ জন দলিত সম্প্ৰদায়ৰ লোকৰ সৈতে জগন্নাথ মন্দিৰলৈ মিচিল উলিয়াইছিলো," চমাৰুৱে ক'বলৈ ধৰিলে। ব্ৰাহ্মণসকলে এয়া মুঠেই ভাল পোৱা নাছিল। কিন্তু তাৰে মাজৰে কিছুমানে আমাক সমৰ্থনো কৰিছিল। বোধহয় তেওঁলোক বাধ্য হৈ পৰিছিল। সেই সময়ত পৰিস্থিতিয়ে তেনেকুৱা আছিল। মন্দিৰৰ ন্যাসৰ পৰিচালনৰ দায়িত্বত আছিল গৌৱন্তীয়া (গাওঁবুঢ়া)। তেওঁ খঙত একোনাই হৈ গাওঁ এৰি গুছি গৈছিল। কিন্তু তেওঁৰ নিজ পুত্ৰই আমাৰ সৈতে আছিল আৰু পিতৃৰ এনে কাৰ্য্যক গৰিহণা দিছিল।
"ব্ৰিটিছ সামগ্ৰীৰ বিৰুদ্ধে চলা অভিযান দকৈ জনমানসত শিপাইছিল। আমি কেৱল খদ্দৰৰ কাপোৰহে পিন্ধিছিলো। আদৰ্শও ইয়াৰে এটা অংশ আছিল। আমি আচলতে বহুত দুখীয়া আছিলো, সেয়ে তেনে কাপোৰ পিন্ধাটো আমাৰ বাবে ভালেই হৈছিল।"
মুক্তিযুঁজাৰুসকলে খদ্দৰৰ কাপোৰ পিন্ধা অভ্যাস বহুদশকলৈ এৰা নাছিল, যেতিয়ালৈ তেওঁলোকৰ আঙুলিবোৰ অচল হৈ কাপোৰ বব নোৱাৰা হৈ পৰিছিল। "৯০ বছৰ বয়সত হোৱাত মই ভাবিলো যে এই অভ্যাস এৰিবৰ হ’ল," চমাৰুৱে কয়।
ইয়াৰে সূত্ৰপাত ঘটিছিল কংগ্ৰেছৰ দ্বাৰা পৰিচালিত এটা "প্ৰশিক্ষণ" শিবিৰত। শিবিৰটো চম্বলপুৰত ১৯৩০ত আৰম্ভ হৈছিল। "এই শিবিৰবোৰক সেৱা নাম দিয়া হৈছিল। কিন্তু তাতে সেৱাৰ পৰিৱৰ্তে জেলত কটোৱা জীৱনৰ বিষয়ে শিকোৱা হৈছিল। কোৱা হৈছিল তাতে শৌচাগাৰ চাফা কৰা আৰু পুতৌলগা খাদ্যৰ কথা। আমি সকলোৱে জানিছিলো সেই প্ৰশিক্ষণ কি উদ্দেশ্যত দিয়া হৈছিল। আমাৰ গাঁৱৰ নজনক সেই শিবিৰলৈ পঠিওৱা হৈছিল।
"আমাক বিদায় দিয়াৰ বাবে গোটেই গাওঁখন উঠি আহিছিল। ফুলৰ মালা, সেন্দুৰ আৰু ফল-মূলেৰে আমাক বিদায় দিয়া হৈছিল। সেয়া আছিল গাওঁবাসীৰ আমাৰ প্ৰতি থকা উৎসাহ আৰু ৰোমাঞ্চকৰ অনুভূতি।"
ইয়াৰে আঁৰত মহাত্মাৰ যাদুকৰী প্ৰভাৱো নথকা নহয়। "সাধাৰণজনক সত্যাগ্ৰহত যোগদানৰ বাবে তেওঁ জনোৱা আহ্বান জুইৰ দৰে বিয়পি পৰিছিল। আমাক শিকোৱা হৈছিল যে আমাৰ দৰে দৰিদ্ৰ আৰু নিৰক্ষৰ লোকে প্ৰকাশ্যে অবাধ্য হৈ পৃথিৱী সলনি কৰিব পাৰে। অৱশ্যে আমাক নিয়ম হিচাপে অহিংসাৰ আলম লোৱাৰ বাবে অনুৰোধ জনোৱা হৈছিল।" এই নিয়মেৰেই পানীমাৰাৰ বহু মুক্তিযুঁজাৰুয়ে তেওঁলোকৰ জীৱনৰ বাকীচোৱা সময় কটাই দিছিল।
তেওঁলোকে গান্ধীজীক সোঁশৰীৰে দেখা নাছিল। কিন্তু অইন লাখ লাখ লোকৰ দৰে তেওঁৰ আহ্বানত মাৰ বান্ধি থিয় দিছিল। "আমি মনমোহন চৌধুৰী আৰু দয়ানন্দ সতপাঠিৰ দৰে কংগ্ৰেছ নেতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলো।" পানীমাৰাৰ মুক্তিযুঁজাৰুসকলে ১৯৪২ চনৰ আগষ্ট মাহৰ আগতেই প্ৰথমবাৰ কাৰাগাৰলৈ গৈছিল। "আমি পণ লৈছিলো। যুদ্ধৰ বাবে (দ্বিতীয় বিশ্বযুদ্ধৰ কথা কোৱা হৈছে) জন অথবা ধনেৰে কৰা সহযোগিতাক একপ্ৰকাৰ বিশ্বাসঘাটকতা বুলি বিবেচনা কৰা হৈছিল। এয়া আছিল পাপ। সকলো ধৰণৰ অহিংস উপায়েৰে যুদ্ধৰ প্ৰতিবাদ কৰা হৈছিল। গাঁৱৰ প্ৰতিজন লোকেই তেওঁক সমৰ্থন কৰিছিল।
"আমি কটকৰ জেললৈ ছমাহৰ বাবে গৈছিলো। ব্ৰিটিছসকলে বেছিদিনৰ বাবে কাকো জেলত ভৰাই থোৱা নাছিল। কিয়নো হাজাৰ হাজাৰ লোকেৰে জেল ভৰি পৰিছিল। বহুতে স্বইচ্ছাই জেললৈ যাব বিচাৰিছিল।"




