বাড়কা ৰাজপুৰৰ উত্তৰে প্ৰায় চাৰি কিলোমিটাৰ দূৰত বক্সাৰ জিলাতে পৰা তিলক ৰায় কা হাট্টা নামে ৩৪০ ঘৰ পৰিয়ালৰ গাওঁখন অৱস্থিত, তাৰে বহুতেই ভূমিহীন পৰিয়াল। তাতো দমকলবোৰৰ পানীৰ ৰং ঘোলা।
২০১৩-১৪ত মহাবীৰ কৰ্কট প্ৰতিষ্ঠানে এইখন গাঁৱত চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছিল যে গাওঁখনৰ ভূঃজলত আৰ্ছেনিকৰ পৰিমাণ অত্যাধিক, তিলক ৰায় কা হাট্টা গাওঁখনৰ পশ্চিম ভাগটোত এই পৰিমাণ আৰু বেছি, মূল গৱেষক ডা. কুমাৰে কয়। আৰ্ছেনিকচিচৰ সাধাৰণ লক্ষণ গাওঁখনত “বহুলভাৱে দেখা গৈছে।” গাওঁখনত ২৮ শতাংশৰে হাত আৰু ভৰিৰ তলুৱাত হাইপাৰকেৰাটচিচ (ঘাঁ) আছে, ৩১ শতাংশৰ মেলান’ছিছ মানে ছালৰ স্বাভাৱিক ৰং নাইকিয়া হোৱা ৰোগ আছে, ৫৭ শতাংশই যকৃতৰ সমস্যাত ভূগিছে, ৮৬ শতাংশৰ গেছট্ৰাইটিছ আছে আৰু ৯ শতাংশ মহিলাৰ মাহেকীয়া ঋতুচক্ৰ অনিয়মীয়া।
কিৰণ দেৱীৰ গিৰীয়েক এইখন গাঁৱতে ইটা আৰু বোকামাটিৰে সজা ঘৰত আছিল, স্থানীয়ভাৱে যাক বিচ্চু কা দেৰা বুলি কোৱা হয়। “ভালেকেইমাহ তলপেটৰ বিষত ভূগি থাকি ২০১৬ত তেওঁৰ মৃত্যু ঘটে,” তেওঁ কয়। চিমৰি আৰু বক্সাৰ চহৰৰ ডাক্তৰৰ ওচৰলৈ তেওঁক পৰিয়ালৰ লোকে লৈ গৈছিল আৰু বিভিন্ন চিকিৎসাও কৰোৱা হৈছিল। “যক্ষ্মা হোৱা বুলি ডাক্তৰে কৈছিল। আকৌ যকৃতৰ কৰ্কটো হ’ব পাৰে বুলি কৈছিল,” ৫০ উৰ্দ্ধ বয়সৰ কিৰণে কয়। তেওঁলোকৰ সৰু এটুকুৰা মাটিও আছিল, কিন্তু গিৰীয়েকে দিনহাজিৰা কৰিহে পেট পুহিছিল।
২০১৮ৰ পৰা কিৰণ দেৱীৰ হাতত ডাঠ দাগ পৰিছে, ছালৰ বৰণ নাইকিয়া হৈছে। এয়া আৰ্ছেনিকৰ বিষক্ৰিয়াৰ চিন। “মই জানো এয়া পানীৰ কাৰণে হৈছে, কিন্তু নিজৰ দমকলটো যদি ব্যৱহাৰ নকৰো, তেন্তে মই যাম ক’লৈ?” তেওঁৰ ঘৰৰ বাহিৰতে দমকলটো আছে, কাষতে ছালি এখনৰ তলত বলদ গৰু এটাই ঘাঁহ পাগুলি আছে।
খৰাং দিনবোৰত পানী খুবেই বেয়া হৈ পৰে (নৱেম্বৰৰ পৰা মে’লৈ), পনীয়া চাহৰ বৰণ ধৰে। “আনকি আমি দুপৰীয়াৰ ভাতসাজৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া এনে অৱস্থাত মই কেনেকৈ পাটনালৈ গৈ ডাক্তৰক দেখুৱাম বা পৰীক্ষা কৰাম?” তেওঁ সোধে। তেওঁৰ হাতৰ তলুৱা দুখন বৰকৈ খজুৱায়, ডিটৰ্জেণ্ট বাৰ চুলে বা গৰুৰ গোবৰ চপালে জ্বলা-পোৰা কৰে।
''মহিলা আৰু পানীৰ একেবাৰে ওচৰ সম্পৰ্ক আছে’’, ৰামুনীয়ে কয়।। ''কিয়নো দুয়ো ঘৰখনৰ প্ৰাণকেন্দ্ৰ। সেয়ে পানী বেয়া হ’লে মহিলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়।’’ তাৰোপৰি সামাজিক কালিমাৰ ভয়ত বহু মহিলাই কৰ্কট ৰোগ হোৱাৰ পিছতো চিকিৎসা কৰাবলৈ সাহ নকৰে, উমাশংকৰে কয়।
ৰামুনীৰ স্তনৰ কৰ্কট হোৱাৰ পিছতে গাঁৱৰ অংগনবাদী কেন্দ্ৰত পানীৰ গুণাগুণক লৈ এক সজাগতা অভিযান চলোৱা হৈছিল। মুখীয়া হিচাপে নিৰ্বাচিত হ’লে তেওঁ এনে আৰু অভিযান চলাব বুলি কয়। ''সকলোৱে আৰ অ’ৰ পানী কিনিবলৈ সক্ষম নহয়। সকলো মহিলাই সহজেই হস্পিতাললৈ যাবও নোৱাৰে। আমি এই সমস্যাৰ সমাধানৰ বাট বিচাৰি উলিয়াবলৈ চেষ্টা চলাই যাম,’’ তেওঁ কয়।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদ: পংকজ দাস