তাৰাবন্তি কৌৰ চিন্তাক্লিষ্ট। তেওঁ কয়, "এতিয়া আমি যি অকণ কাম পাওঁ, এই কৃষি আইনকেইখন গৃহীত হোৱাৰ পিছত সেইখিনিও নাথাকিব।"
সেয়েহে তেওঁ পাঞ্জাৱৰ কিল্লিৱানৱালি গাঁৱৰ পৰা পশ্চিম দিল্লীৰ টিক্ৰি প্ৰতিবাদস্থলীলৈ আহিছে। ৰাজ্যখনৰ ভাতিন্দা, ফৰিদকোট, জলন্ধৰ, মোগা, মুক্তচৰ, পাটিয়ালা আৰু চাংৰু, এই সাতখন জিলাৰ পৰা ৭ জানুৱাৰীৰ নিশা ইয়াত উপস্থিত হোৱা ১৫০০ জনীয়া খেতিয়কৰ দলটোৰ প্ৰায় ৩০০ গৰাকীমান মহিলা। তাৰে মাজৰে তাৰাবন্তিও এজন। তেওঁলোক সকলো পাঞ্জাৱ খেত মজদুৰ ইউনিয়নৰ সদস্য। এই ইউনিয়নটোৱে জীৱিকা, দলিতসকলৰ ভূমিৰ অধিকাৰ আৰু জাতিগত বৈষম্যৰ সমস্যাবোৰৰ ওপৰত কাম কৰে।
দেশৰ ১৪ কোটি ৪৩ লাখ কৃষি শ্ৰমিকৰ কমেও ৪২ শতাংশই মহিলা আৰু তাৰাবন্তি কৌৰ সমগ্ৰ ভাৰতৰ লাখ লাখ মহিলা কৃষকৰে মাজৰে এগৰাকী, কৃষিয়ে যাৰ জীৱিকাৰ আধাৰ।
৭০ বছৰীয়া তাৰাবন্তিয়ে মুক্তচৰ জিলাৰ মালৌত তহচিলৰ তেওঁৰ নিজ গাঁৱত ঘেঁহু, ধান আৰু কপাহৰ খেতিপথাৰত হাজিৰা কাম কৰি দিনে ২৫০-৩০০ টকা উপাৰ্জন কৰে। "কিন্তু তাত আগৰ দৰে কাম পোৱা নাযায়। সেউজ বিপ্লৱৰ পিছৰে পৰা শ্ৰমিকসকলৰ অৱস্থা বেয়াৰ দিশে ঢাল খাইছে,” পাঞ্জাৱত খেতিপথাৰত মেচিনৰ ব্যাপক ব্যৱহাৰ আৰম্ভ হোৱা ১৯৬০ৰ দশকৰ প্ৰসংগ টানি তেওঁ কয়।






