প্ৰবীণ কুমাৰে এহাতে ৰং তুলিকা লৈ চাৰিওপিনৰ মানুহৰ সৈতে কথা পাতিছে, পেংডাল আউজাই তেওঁ বহি থকা স্কুটাৰখনৰ কাষতে ১৮ ফুট দীঘল এখন বিশাল কেনভাছ, তাতে তেওঁ সিংঘূত কৃষকসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ ছবিবোৰ আঁকিছে।
প্ৰবীণ কুমাৰে ৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি লুধিয়ানাৰ পৰা সিংঘূলৈ আহিছে, য’ত তেওঁ চিত্ৰকলাৰ শিকোৱাৰ লগতে চিত্ৰশিল্পৰ সাধনাও কৰে। তেওঁৰ ভাষাত, নিজা সমৰ্থন আগবঢ়োৱাৰ বাধকতা অনুভৱ কৰি জানুৱাৰী মাহৰ ১০ তাৰিখেই হাৰিয়ানা-দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীত তেওঁ উপস্থিত হৈছিলহি।
“এইটো নহয় যে মই প্ৰচাৰ বিচাৰিছোঁ, ভগৱানে মোক যথেষ্টখিনি দিছে, সেইফালৰ পৰা মোৰ কোনো চিন্তা নাই। মোক এই মুহূৰ্তত সুখী কৰি ৰখা কথাটো হ’ল যে মই এতিয়া এই আন্দোলনৰ এক অংশ।”
নিজৰ ভৰি দুখনৰ পিনে দেখুৱাই তেওঁ লগতে যোগ দিলে, “মই ৭০% বিকলাংগ।” তেওঁৰ তিনি বছৰ বয়সতে পলিঅ’ ৰোগ হৈ ভৰি দুখনৰ পক্ষাঘাত হৈছিল। তেওঁৰ পক্ষাঘাত হোৱা ভৰি দুখনে কিম্বা প্ৰথমাৱস্থাত তেওঁৰ পৰিয়ালৰ অসন্তুষ্টি কোনোটোৱেই তেওঁৰ সিংঘূ যাত্ৰাত বাধা দিব নোৱাৰিলে।
৪৩ বছৰ বয়সীয়া প্ৰবীণে সেই বৃহৎ কেনভাছখনত পেইণ্টিং কৰিবলৈ লুধিয়ানাতে আৰম্ভ কৰিছিল আৰু সিংঘূ সীমান্তৰ প্ৰতিবাদস্থলীলৈ লগত কঢ়িয়াই আনিছিল। তাতে তেওঁ পথৰ ওপৰত প্ৰতিবাদকাৰীসকলৰ মাজত বহি সম্পূৰ্ণ হৈ নুঠালৈকে সেইখন অংকন কৰি গৈছিল।




