পাৰুৰ বয়স তেতিয়া মাত্ৰ সাত বছৰ আছিল৷ ২০১৯ চনত তাইৰ দেউতাকে মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ তাইৰ ঘৰৰ পৰা ভেড়া চৰোৱাৰ কাম কৰিবলৈ পঠিয়াইছিল।
তিনি বছৰৰ পিছত অৰ্থাৎ ২০২২ চনৰ আগষ্ট মাহৰ শেষৰ ফালে তাইৰ মাক-দেউতাকে তাইক তেওঁলোকৰ পঁজাৰ বাহিৰত উদ্ধাৰ কৰিছিল। তাইক কম্বল এখনেৰে মেৰিওৱা অৱস্থাত আৰু অচেতন অৱস্থাত পোৱা গৈছিল। তাইৰ ডিঙিত ডিঙি চেপাৰ ক্ষতচিহ্ন আছিল।
"মৃত্যুৰ আগমুহূৰ্তলৈ তাই এটাও শব্দ উচ্চাৰণ কৰা নাছিল। আমি তাইক কি হৈছিল সেয়া সুধিবলৈ চেষ্টা কৰিছিলো, কিন্তু তাই কথা ক'ব নোৱাৰিলে," পাৰুৰ মাক সবিতাবায়ে চকুপানী মচি ক'লে। "আমি ভাবিছিলো কোনোবাই তাইৰ ওপৰত ক'লা যাদু কৰিছে। সেয়েহে আমি তাইক ওচৰৰ মোৰা পাহাৰৰ এটা মন্দিৰলৈ লৈ গৈছিলো [মুম্বাই-নাছিক ঘাইপথৰ ওচৰত]। পুৰোহিতজনে তাইৰ শৰীৰত অংগৰা [পবিত্ৰ ছাই] প্ৰয়োগ কৰিছিল। আমি তাই চেতনা ঘুৰি অহালৈ অপেক্ষা কৰিছিলোঁ, কিন্তু তেনে নহ’ল," সবিতাবায়ে সেই কথা মনত পেলাইছিল। পাৰুক উদ্ধাৰ কৰাৰ পাঁচ দিন পিছত, ২০২২ৰ ছেপ্টেম্বৰৰ দুই তাৰিখে, নাছিক চহৰৰ অসামৰিক চিকিৎসালয়ত আঘাতৰ ফলত তাইৰ মৃত্যু হয়।
পাৰুৱে তিনি বছৰত মাত্ৰ এবাৰহে তাইৰ ঘৰলৈ আহিছিল। তাইক ডেৰ বছৰ পূৰ্বে সেই একেজন মধ্যস্থতাকাৰীয়ে ঘৰলৈ লৈ আহিছিল যিয়ে তাইক কামৰ বাবে লৈ গৈছিল। "তাই আমাৰ সৈতে সাত-আঠ দিন আছিল। আঠ দিনৰ পিছত সেই মানুহজন আহি তাইক পুনৰ লৈ গৈছিল," সবিতাবায়ে পাৰুক অচেতন অৱস্থাত পোৱাৰ পিছদিনা মধ্যস্থতাকাৰীজনৰ বিৰুদ্ধে দাখিল কৰা আৰক্ষীৰ অভিযোগত এই কথা উল্লেখ কৰিছিল।











