৪ মে’ৰ দিনা হৰিন্দৰ সিঙে তেওঁৰ সহকৰ্মী পাপ্পুক অন্তিম দুটা শৱ সৎকাৰৰ বাবে সাজু কৰিবলৈ কৈছিল, তেওঁ সহকৰ্মী পাপ্পুক নিজৰ অস্বাভাৱিক কথাৰে চক খুৱাব চাইছিল।
হৰিন্দৰে কৈছিল, ‘‘দুই ডেকাল’ৰা তাতে পৰি আছে।’’ প্ৰথমে তেওঁৰ সহকৰ্মীকেইজন আচৰিত হৈছিল যদিও কথাটো কওঁতে হৰিন্দৰ গহীন হৈয়ে আছিল। পিছলৈ কথাটো বুজিব পাৰি আটাইকেইজনৰ মুখত হাঁহি বিৰিঙিল। ব্যস্ততাৰে ভৰা নতুন দিল্লীৰ নিগম বোধ ঘাটৰ গেবাৰি খটা কামৰ মাজত সেয়া আছিল এক সুখৰ ক্ষণ।
কিন্তু হৰিন্দৰে ভাবিলে যে মইও কথাটো বুজি পেৱা উচিত। শ্মশানগৃহৰ কাষতে ঠেক কোঠালী এটাত তেওঁ সহকৰ্মীসকলৰ সৈতে ৰাতিৰ আহাৰ খোৱাত ব্যস্ত আছিল। তেওঁ খোৱাৰ মাজতে এবাৰ ভালকৈ উশাহ ল’লে, নাৰকীয় ক’ভিড অতিমাৰীৰ সময়ত উশাহ লৈ থাকিব পৰাটোও সৌভাগ্যৰে কথা। তাৰপিছত মোলৈ চাই ক’লে, ‘‘আপোনালোকে সেইবোৰ শৱ বুলি কয়, আমি ডেকাল’ৰা বুলি কওঁ।
‘‘ইয়ালৈ অহা সকলোৱে কাৰোবাৰ নহয় কাৰোবাৰ সন্তান, ঠিক আমিবোৰৰ দৰেই,’’ পাপ্পুৱে কয়। ‘‘এনেকৈ জুইত জাপি দিয়াটো হৃদয়বিদাৰক। কিন্তু তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে আমি এয়া কৰিব লাগে। নহয়নে?” এমাহ ধৰি নিগম বোধত প্ৰতিদিনে প্ৰায় ২০০ৰো অধিক শৱ চিএনজি অগ্নিশাল আৰু মুকলি চিতাত দাহ কৰা হয়।
সেইদিনা আছিল ৪ মে’। নিগম বোধ ঘাটত চিএনজি অগ্নিশালত ৩৫ টা শৱ দাহ কৰা হৈছিল। দিল্লীত ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত, এপ্ৰিলৰ প্ৰথমটো সপ্তাহত সেই সংখ্যা আছিল গঢ় দৈনিক শৱদাহতকৈ কম, সাধাৰণতে তাত দিনে ৪৫-৫০ টা শৱদাহ কৰা হয়। কিন্তু অতিমাৰীৰ আগতে শ্মশানখনৰ চিএনজি অগ্নিশালত অতিবেছি ১০০ টামান শৱ দাহ কৰা হৈছিল।
দিল্লীৰ কাশ্মীৰী গেটৰ কাষতে যমুনা নদীৰ পাৰৰ সেই ঘাটটোৰ প্ৰৱেশদ্বাৰৰ দেৱালখনত লিখা আছেঃ “মোক ইয়ালৈ অনাৰ বাবে ধন্যবাদ। ইয়াৰপৰা মই অকলে আগবাঢ়িম।” কিন্তু এই বছৰ এপ্ৰিল-মে’ত ক’ভিড-১৯য়ে ৰাজধানী চহৰখন গ্ৰাস কৰিলত, আত্মাবোৰেও অশৰীৰি যাত্ৰাৰ সংগী বিচাৰি পালে।














