গুলাম মহি-উদ-দিন মীৰৰ ১৩ একৰ জোৰা বাগিচাত ৩০০ৰ পৰা ৪০০ মান আপেলৰ গছ আছে। বাগিচাখনত প্ৰতিবছৰে ২০ কিলোগ্ৰাম ওজনৰ ৩৬০০ টা বাকচ ভৰাব পৰাকৈ আপেল লাগে। ‘বাকচে প্ৰতি ১০০০ টকা পাওঁ। কিন্তু এতিয়া এটা বাকচত ৫০০ৰ পৰা ৭০০মান টকাহে পাইছোঁ,’ তেওঁ কয়।
বুৰগাম জিলাৰ ক্ৰেমচোৰা গাঁৱৰ ৬৫ বৰ্ষীয় মীৰৰ দৰে কাশ্মীৰ উপত্যকাৰ ভালেমান কৃষকে গুৰুতৰ লোকচানৰ সমুখীন হৈ আহিছে। কেন্দ্ৰ চৰকাৰে ধাৰা ৩৭০ কৰ্তন কৰি ৰাজ্যখনক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাৰ দিন ধৰি (৫ আগস্তৰ পৰা) আপেলৰ উদ্যোগটো গুৰুতৰ সংকটৰ গৰাহত পৰিছে।
কাশ্মীৰ উপত্যকাৰ স্থানীয় অৰ্থনীতিত ফলৰ ভূমিকা প্ৰমুখ। জম্মু-কাশ্মীৰৰ ১৬৪,৭৪২ হেক্টৰ মাটিত আপেলৰ খেতি কৰা হয়। ২০১৮-১৯ত তাৰ পৰা মুঠ উৎপাদন প্ৰায় ১৮ লাখ (১৮,৮২,৩১৯) মেট্ৰিক টন আছিল (এয়া কাশ্মীৰৰ উদ্যান শস্য সঞ্চালকালয়ৰ
তথ্য
)। জম্মু-কাশ্মীৰ চৰকাৰৰ উদ্যান শস্য বিভাগে
ধাৰ্য
কৰা মতে উদ্যান শস্য (আপেলকে ধৰি) জম্মু-কাশ্মীৰৰ ৩৩ লাখ লোকৰ জীৱিকাৰ উৎস। উদ্যান শস্য বিভাগৰ সঞ্চালক এজাজ আহমদ ভাটে সংবাদ মাধ্যমক কোৱা মতে এয়া ৮ৰ পৰা ১০ হাজাৰ কোটি টকা মূ্ল্যৰ উদ্যোগ।
অতিৰিক্তভাবে ৰাজ্যখনৰ (বৰ্তমানৰ কেন্দ্ৰীয় শাসিত অঞ্চল) বাহিৰৰ পৰা অহা শ্ৰমিকে কাশ্মীৰ উপত্যকাত বিয়পি থকা বাগিচাবোৰত কৰ্মসংস্থান লাভ কৰি আহিছে। কিন্তু অশান্ত ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আগস্তৰ প্ৰথমাৰ্দ্ধত বৃহৎ সংখ্যক শ্ৰমিকে উপত্যকা এৰি গুছি গৈছে। অক্টোবৰলৈ বহিৰাজ্যৰ পৰা আহি ট্ৰাকচালক, শ্ৰমিক হিচাপে কাম কৰা ১১ গৰাকী লোকক অভিযোগ অনুসৰি সন্দেহযুক্ত উগ্ৰপন্থীয়ে হত্যা কৰিছে। ইয়াৰ ফলত উপত্যকাৰ পৰা দেশৰ অন্য প্ৰান্তলৈ কাশ্মীৰী আপেল সৰবৰাহ কৰাতো অধিক জটিল হৈ পৰিছে।
ইফালে সকলোতে অচলাৱস্থাই বিৰাজ কৰাৰ ফলত কাশ্মীৰৰ ভিতৰতে ইখনৰ পৰা সিখন জিলালৈ যাতায়ত কৰাটো কঠিন হৈ পৰিছে। কোনোধৰণৰ যাতায়তৰ সাধন যেনে ৰাজহুৱা পৰিবহন, বাছ আৰু শ্বেয়াৰ্ড টেক্সি আদি চলা নাই।
বাগিচাৰ মালিকৰ পৰা আপেল ক্ৰয় কৰা ব্যৱসায়ীয়ে সেই আপেল দিল্লীৰ বজাৰলৈ পোনপটীয়াকৈ পঠিয়ায়। এটা বাকচত ১৪০০ৰ পৰা ১৫০০ টকা মালিকক দিয়ে। চৰকাৰী মাধ্যমেৰে বিক্ৰী কৰা সকলে ক্ৰয়ৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছে। ক্ৰেতা কিছুমানে কোৱা মতে ৰাতিৰ ভিতৰতে কোনোবাই (কোনে কৰিছে সেয়া স্পষ্ট হোৱা নাই) প’ষ্টাৰিং কৰি তেওঁলোকক সকিয়াই দিছে যাতে তেওঁলোকে চৰকাৰক আপেল বিক্ৰী নকৰে।
অনুবাদঃ পংকজ দাস