সেয়া আছিল প্ৰথম চাৱনিৰে প্ৰেম, যেতিয়া ২০১৬ত চিত্ৰাই বান্ধৱীৰ বিয়াত মুথুৰাজাক দেখিছিল। মুথুৰাজাৰো মনটো ভালপোৱাৰ আভাৰে পোহৰ হৈ পৰিছিল, যদিওবা তেওঁ চিত্ৰাক দেখা নাছিল, তেওঁৰ চকুৰে নেদেখিছিল। চিত্ৰাৰ মা-দেউতাকে এই প্ৰেমক স্বীকৃতি নিদিলে। ক’লে, চকুৰে নেদেখা মানুহ এজনৰ লগত নিজৰ জীৱনটোও অন্ধকাৰময় কৰি তোলাৰ বাদে তাইৰ একো নহয়। বিয়া হ’লেও তাইৰ উপাৰ্জনতে সিহঁতহাল চলিব লাগিব- এনেদৰে কৈ চিত্ৰাৰ মনটো তেওঁলোকে ঘূৰাবলৈ যত্ন কৰিছিল।
কিন্তু বিয়াৰ এমাহ পাৰ হ’ল, চিত্ৰাৰ পৰিয়ালৰ শংকা অমূলক বুলি প্ৰমাণিত হ’ল। কিয়নো হৃদযন্ত্ৰৰ অসুস্থতাত ভূগি থকা চিত্ৰাক মুথুৰাজাই দিনে-ৰাতি শুশ্ৰুষা কৰিবলৈ ল’লে। তেতিয়াৰে পৰা জীৱনটো বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ হৈছে, সময় কেতিয়াবা নিৰ্দয়ো হৈ পৰিছে। কিন্তু তামিলনাডুৰ মাডুৰাই জিলাৰ সেই সোলাংকুৰুণি গাঁৱৰ এম. চিত্ৰা (২৫) আৰু ডি. মুথুৰাজা (২৮)য়ে সাহসেৰে তাৰ মুখামুখি হৈছে, আশা এৰা নাই। এয়া তেওঁলোকৰ প্ৰেমকাহিনী।



















