আপুনি দোকানত সকলো বস্তুৱেই পাব। কিন্তু আমাৰ জনজাতীয় সম্প্ৰদায়ৰ ধৰ্মীয় ৰীতি মতে মাটিৰ পাত্ৰ কেৱল ক’টা জনজাতিৰ মহিলাইহে সাজিব পাৰে, ছুগি ৰাধাকৃষ্ণনে কয়। তাইৰ বয়স ৬৩। তিৰুচিগাড়ি জনজাতীয় চুবুৰী নিবাসী ছুগিয়ে ঠাইখনক তিৰচাকাড় বুলি কয়। তাৎপৰ্যৰ কথা যে ক’টা জনজাতিৰ লোকৰ চুবুৰীবোৰৰ নাম ভিন্ন। ছুগিৰ চুবুৰীটো তামিলনাডুৰ নিলগিৰি জিলাৰ ক’টাগিৰি নগৰৰ উধাগমণ্ডলম তালুক অৱস্থিত।
ছুগিয়ে ঘৰত সাধাৰণতে ডাঠ বগা ৰঙৰ টগা (এখন কান্ধেৰে মেৰিয়াই পিন্ধা এপদ বস্ত্ৰ ), যাক ক’টা ভাষাত দুপিত বোলা হয়, আৰু বগা ৰঙৰ ৱাৰাদ বোলা আলোৱান পিন্ধে। এয়া ক’টা জনজাতিৰ পৰম্পৰাগত পোচাক। তিৰুচিগাড়িৰ পুৰুষ-মহিলাই সাধাৰণতে ঘৰত পিন্ধা পাৰম্পৰিক পোচাক ক’টাগিৰি আৰু অইন চহৰত খুব কমেইহে পিন্ধে। ছুগিয়ে তেলসনা চুলিখিনি জনজাতীয় শৈলীত খোপা গাঠিছে। তাই আমাক তাইৰ ঘৰৰ গাতে লাগি থকা কুমাৰশালিখন দেখুৱালে।
‘মাটিৰ পাত্ৰ গঢ়াৰ কোনো আনুষ্ঠানিক ‘শিক্ষা’ ল’বলগীয়া হোৱা নাই। আইতাৰ হাতখন চাকত কেনেকৈ চলে সেয়া চাই থাকিছিলো। বেলনাকাৰ পাত্ৰ এটাক গোলাকাৰ ৰূপ দিবলৈ কাঠৰ সঁজুলি এবিধেৰে পাত্ৰৰ বাহিৰৰ ফালটো মিহি কৰিব লাগে। তাৰ সমানে সমানে ভিতৰৰ ফালে মিহি শিল এটাৰে ঘঁহি থাকিব লাগে। এনে কৰিলে পাত্ৰটোৰ বেৰৰ সৰন্ধ্ৰতা কমে। কামটো কৰাৰ সময়ত শিল আৰু কাঠৰ সঁজুলিবিধৰ সঞ্চালন সুষম হ’ব লাগে যাতে পাত্ৰটো হেঁচা পৰি ফাঁটি নাযায়। এনে পাত্ৰত ৰন্ধা ভাতৰ সোৱাদেই সুকীয়া। চাম্ভাৰ ৰান্ধিবলৈ আমি সৰু মুখৰ পাত্ৰ ব্যৱহাৰ কৰোঁ। বৰ সোৱাদ হয়, আপুনিও চেষ্টা কৰি চাব পাৰে।’









