বালাভাই ছাৱড়া (৫৭)ৰ হাতত গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত পাঁচ একৰ খেতিমাটি আছে। মাটিখিনি সুফলা, জলসিঞ্চনৰ সুবিধা আছে। যোৱা ২৫ বছৰ ধৰি এইখিনি মাটিৰ মালিকানা স্বত্ত্ব তেওঁৰ হাতত আছে। কিন্তু সমস্যা এটাই, সেই মাটিখিনিৰ আশে-পাশে যোৱাৰো তেওঁৰ অনুমতি নাই।
তেওঁৰ হাতত থকা উৱলি যোৱা হালধীয়া ৰঙৰ মাটিৰ পুৰণি কাগজখন দেখুৱাই কয়, “মোৰ হাতত মাটিৰ কাগজ আছে, কিন্তু উপৰ জাতৰ মানুহে সেইখিনি (মাটিখিনি) দখল কৰি থৈছে।”
বালাভাই চমাৰ সম্প্ৰদায়ৰ শ্ৰমিক। তেওঁ গুজৰাটৰ অনুসূচিত জাতিৰ। সহায় বিচাৰি তেওঁ ক’লৈ যে যোৱা নাই, কিন্তু সকলোৱে নিৰাশ কৰি তেওঁৰ উভতাই পঠিয়াইছে। তেওঁ কয়, “কোনোধৰণৰ আশা নকৰাকৈ মই সদায় মোৰ মাটিখিনি চাবলৈ যাও। দুৰৰ পৰাই চাও আৰু ভাবো যে মোৰ জীৱনটো কিহৰ পৰা কি হ’ব পাৰিলেহেঁতেন।”
গুজৰাটৰ ভূমি বিতৰণ নীতি অনুসৰি ১৯৯৭ত বালাভাইক ধ্ৰাংগধৰা তালুকৰ ভড়ৰ গাঁৱত খেতিমাটি আবণ্টিত কৰা হৈছিল। গুজৰাট এগ্ৰিকালচাৰেল লেণ্ড চিলিং এক্ট, ১৯৬০ (যিটোৰ অধীনত খেতিৰ মাটিত মালিকানা স্বত্ত্বৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল)ৰ অধীনত চৰকাৰে ‘উদ্বৃত্ত মাটি’ ‘সাৰ্বজনীন কল্যাণ’ৰ বাবে চিহ্নিত কৰি অধিগ্ৰহণ কৰিছিল।
চৰকাৰৰ হাতত থকা অনুৰ্বৰ ভূমিৰ লগতে অধিগ্ৰহণ কৰা এই মাটি (যিবোৰ সন্থানী জমিন বুলি কোৱা হয়) এনে ব্যক্তিক দিয়া হয় যাক ‘খেতিৰ মাটিৰ প্ৰয়োজন’ আছিল। ইয়াত কৃষকৰ সমবায়, ভূমিহীন কৃষক, কৃষিশ্ৰমিক আদি লোক অন্তৰ্ভুক্ত য’ত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকক অগ্ৰাধিকাৰ দিয়া হৈছিল।
এই আঁচনি কাগজে-পত্ৰই চালে বহুত ভাল যেনেই লাগে। কিন্তু বাস্তৱিকত ইয়াৰ ৰূপ আনহে।
মাটিৰ মালিকানা স্বত্ত্ব পোৱাৰ পিছত বালাভাইয়ে তাত কপাহ, জোৱাৰ আৰু বাজৰাৰ খেতি কৰাৰ পৰিকল্পনা কৰিলে। তেওঁ মাটিডৰাত সৰু ঘৰ এটা বনোৱৰা কথাও ভাবিছিল, যাতে তেওঁ য’ত কাম কৰে, তাতেই থাকিব পাৰে। সেই সময়ত ৩২ বছৰ বয়সত তেওঁৰ এটা সৰু পৰিয়াল আছিল। এক সুন্দৰ ভৱিষ্যতৰ তেওঁ সপোন দেখিছিল। তেওঁ কয়, “মোৰ তিনিটা সৰু সৰু সন্তান আছিল। দিনহাজিৰা কৰিছিলো। এনে লাগিছিল যে আন কাৰোবাৰ বাবে পৰিশ্ৰম কৰাৰ দিন এতিয়া নাই। ভাবিছিলো নিজৰ মাটি যিহেতু পালো, গতিকে পৰিয়ালটোক এটা ভাল জীৱন দিব পাৰিম।”








