নহকুল পাণ্ড’ৰ ঘৰৰ চালিখন সাজি দিবলৈ বমডাভাইছা চুবুৰীৰ সকলো ওলাই আহিছে। সেয়া আছিল এক সৌহাৰ্দ্যৰ চিন। আপুনি দেখিব যে গঞাৰ সামূহিক প্ৰচেষ্টাক উদগনি যোগাই চালি বনোৱা মানুহখিনিক মাজে মাজে নহকুলে অকণ অকণ গ্ৰাটি যাঁচিছে, মন কৰা নাই যদি চকুত নপৰিব।
কিন্তু সিহঁতে কিয় তেওঁৰ ঘৰটোৰ চালি বনোৱা কামত লাগি দিছে? আৰু আগতে যিখন চালি আছিল, সেইখন ক’ৰবালৈ উৰি গ’ল নেকি? তেওঁৰ ঘৰটোৰ সোমাই ভুমুকি মাৰি চালে দেখিব যে চাৰিওফালে ভোলোঙা হৈ আছে, চালিখনৰ বেছিভাগেই নাই।
“চৰকাৰী ঋণ লৈছিলো,” তেওঁ কথাত সামান্যতমো উচাহ নাই। “৪,৮০০ টকা ঋণ লৈ দুটা গৰু কিনিছিলো।” সেয়া আছিল আঁচনিৰ ধন- ‘চফ্ট লোণ’ বুলি যাক কয়। তাতে অকণমান চৰকাৰী সাহায্য থাকে, গৰু কিনিলে আকৌ সুতৰ হাৰো কম থাকে। ১৯৯৪ত সুৰগুজাৰ সেই ঠাইত আপুনি সেইখিনি টকাৰে দুটা গৰু সঁচাকৈয়ে কিনিব পাৰিলেহেঁতেন। (জিলাখন তেতিয়া মধ্য প্ৰদেশত আছিল, এতিয়া চত্তীশগড়ত পৰে)।
নহকুলে আচলতে ঋণ লোৱাৰ কথা নাছিল, একেবাৰেই নাছিল। তেওঁ পাণ্ড’ আদিবাসী সম্প্ৰদায়ৰ, সেই সম্প্ৰদায়টোৰ মুষ্টিমেয় কেইজনমানে ঋণ কি বস্তু ভালকৈ বুজি পায়। অভিজ্ঞতা এনে যে তেওঁলোকে ঋণ শুজিবলৈ গৈ নিজৰ মাটিখিনিও হেৰুৱাবলগীয়া হৈছে। কিন্তু এই ঋণ পিছে সুদখোৰৰ পৰা লোৱা ঋণ নহয়, চৰকাৰী ঋণ। একমাত্ৰ আদিবাসীসকলৰ হিতৰ বাবে চৰকাৰে স্থানীয় বেংকৰ দ্বাৰা দিয়া বিশেষ ঋণ। মানে সেই ঋণ ল’লে ইমান বেছি ক্ষতি নহয়। এৰা, কেতিয়াবা কিছুমান চিন্তা-পৰিকল্পনা এটা সময়ত ভাল যেনেই লাগে।
“কিন্তু মই সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলো,” নহকুলে কয়। পাণ্ড’সকল অতি দৰিদ্ৰ শ্ৰেণীৰ লোক, ‘বিশেষভাৱে প্ৰতিৰোধহীন জনগোষ্ঠী’ত তেওঁলোকক অন্তৰ্ভূক্ত কৰা হৈছে। নহকুলো তাৰে ব্যতিক্ৰম নহয়।



