“এতিয়া ধুমুহা নাই যিহেতু আমাক যাবলৈ কোৱা হৈছে,” কালিদাসপুৰ গাঁৱৰ আমিনা বিবিয়ে মে’ মাহৰ শেষত লগ পাওঁতে আমাক ক’লে। “কিন্তু আমি ক’লৈ যাম?”
আমফান ঘূৰ্ণিবতাহৰ এদিনৰ আগতে পশ্চিমবংগৰ দক্ষিণ ২৪ পাৰগনাৰ আমিনাহঁতৰ গাঁৱকে ধৰি ১৫০ কিলোমিটাৰ অঞ্চল স্থানীয় কৰ্তৃপক্ষই খালী কৰাই পৰিয়ালবিলাকক বিভিন্ন গাঁৱৰ পৰা আনি সাহায্য শিবিৰত ৰাখিছিল। চলিত বৰ্ষৰ ১৯ মে’ত আমিনা আৰু তেওঁৰ পৰিয়ালে ওচৰৰ এখন গাঁৱত অস্থায়ী কোঠা এটালৈ যায়।
সুন্দৰবন অঞ্চলত অৱস্থিত গোসাবা ব্লকৰ প্ৰায় ৫৮০০ জন লোকৰ বসতিস্থলৰ গাঁওখনত থকা আমিনাহঁতৰ মাটিৰ ঘৰ ধুমুহাই ভাঙি নিশ্চিহ্ন কৰিলে। তেওঁলোকৰ ঘৰৰ যাৱতীয় বস্তুবিলাকো ঘূৰ্ণিবতাহে লৈ গ’ল। ৪৮ বছৰীয়া আমিনা, তেওঁৰ স্বামী মহম্মদ ৰমজান মোল্লা (৫৬ বছৰ), আৰু তেওঁলোকৰ ছয় সন্তানে (সিহঁতৰ বয়স ২ৰ পৰা ১৬ বছৰ) জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ’ল।
ঘূৰ্ণিবতাহে ধ্বংসলীলা চলোৱাৰ মাত্ৰ দুসপ্তাহৰ আগতে মহম্মদ মোল্লা গাঁৱলৈ উভতি আহিছিল। মহাৰাষ্ট্ৰৰ পুণেৰ এখন মলত চাফাই কৰ্মীৰূপে কাম কৰা ৫৬ বছৰীয়া মোল্লাই মাহে ১০,০০০ (দহ হাজাৰ) টকা উপাৰ্জন কৰিছিল। এইবাৰ তেওঁ ভাবিছিল যে উভতি গৈ মোল্লা খালি বজাৰত এখন চাহৰ দোকান দিব। আমিনায়ো ঘৰৰ কাম শেষ কৰি ওচৰৰ গোমোৰ নদীত কেকোঁৰা আৰু মাছ ধৰি পৰিয়ালৰ উপাৰ্জন অলপ বৃদ্ধি কৰে। নদীত ধৰা মাছ-কেকোঁৰা ওচৰৰ বজাৰত বিক্ৰী কৰে। “সেইবিলাক বিক্ৰী কৰি এদিনত ১০০ টকাও পোৱা নাযায়,” তেওঁ মোক কয়।
তেওঁলোকৰ ডাঙৰ ল’ৰা ৰকিব আলীয়ে ১৪ বছৰ বয়সত ২০১৮ত বিদ্যালয়লৈ যোৱা বন্ধ কৰিলে। “দেউতাই ঘৰলৈ পঠোৱা টকাৰে আমি চলিব নোৱাৰো, সেই কাৰণে কাম কৰিবলৈ মই স্কুল এৰিলো,” ৰকিবে কয়। কলকাতাৰ এখন দৰ্জীৰ দোকানত যোগালী হিচাপে কাম কৰি তেওঁ ৫০০০ টকা দৰমহা পায়। ক’ভিড-১৯ তলাবন্ধৰ সময়তে ঘূৰ্ণিবতাহ বতাহ অহাৰ সময়ত ৰকিব ঘৰলৈ আহে।
গোমোৰা নদীৰ পাৰত খেৰৰ মুধচৰ মাটিৰ ঘৰত পৰিয়াটো আছিল। ২০০৭ত ঘূৰ্ণিবতাহ ছিদৰ, ২০০৯ত আইলা আৰু ২০১৯ত বুলবুল ঘূৰ্ণিবতাহে প্ৰতিবাৰে অহাৰ পিছত নদীখন তেওঁলোকৰ ঘৰৰ কাষ চাপি আহিছিল আৰু ইতিমধ্যে তেওঁলোকৰ তিনি বিঘা (১ একৰ) মাটি নদীৰ বুকুত জাহ গৈছিল। সেই মাটিত তেওঁলোকে বছৰত এবাৰ ধান খেতি আৰু আন শাক-পাচলিৰ খেতি কৰিছিল। ইয়াৰ পিছতে তলাবন্ধৰ সময়ত আমফান ঘূৰ্ণিবতাহ আহিল। এতিয়া তেওঁলোকৰ এক ইঞ্চিও মাটি নাই।














