অশীতিপৰ চেৰিং দৰ্জী ভুটিয়াই পাঁচটা দশক ধৰি হাতেৰে ধনু সাজি আহিছে। পেচাত এগৰাকী বাঢ়ৈ দৰ্জীয়ে কাঠৰ আচবাব মেৰামতি কৰি জীৱিকা নিৰ্বাহ কৰে যদিও তেওঁৰ মাতৃভূমি চিক্কিমৰ সংস্কৃতিৰ অভিন্ন অংগ ধনুৰ্বিদ্যাৰ পৰাহে তেওঁ প্ৰেৰণা লাভ কৰে।
স্থানীয় লোকে কয় যে চিক্কিমৰ পাকয়ং জিলাত এসময়ত বহুত ধনু-কাঁড় নিৰ্মাতা আছিল, কিন্তু এতিয়া চেৰিঙেই ৰৈছেগৈ। তেওঁ বাঁহেৰে ধনু সাজে আৰু বৌদ্ধ ধৰ্মালম্বীসকলৰ লচুং উৎসৱত সেয়া বিক্ৰী কৰে।
তেওঁ বিষয়ে এইটো ষ্ট’ৰি পঢ়িব পাৰে: পাকয়ঙৰ ধনু আৰু অশীতিপৰ চেৰিঙৰ চেনেহৰ শ্ৰম
অনুবাদ: পংকজ দাস