ডাঁৱৰৰ দৰে অকণমান ধূলি আৰু ইঞ্জিনৰ ফট্ ফট্ শব্দ। নীলা শাড়ী, ডাঙৰ এটা নাকফুলি আৰু তাতোকৈ ডাঙৰ হাঁহি এটা গালে-মুখে বিয়পাই বাইক এখন চলাই আৰাইকালাচেলভি আহিছে। কেইমিনিটমান আগতে তেওঁ আমাক তেওঁৰ জলকীয়াৰ খেতিপথাৰৰ পৰা ইয়াতে তেওঁৰ তলা লগাই থোৱা ঘৰটোৰ সন্মুখত অপেক্ষা কৰিবলৈ কৈছিল। মাৰ্চ মাহহে পৰিছে যদিও ভৰ দুপৰীয়াটোৱে ৰামনাথপুৰমখন যেন খাইহে পেলাব, তেনে এক মূৰ্তি ধৰিছে। আমাৰ ছাঁবোৰ সৰু হৈ পৰিছে, পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছে। মধুৰিয়াম গছ এডালৰ শীতল ছাঁত আৰাইকালাচেলভিয়ে বাইকখন থিয় কৰি থৈ আৰাইকালাচেলভিয়ে চেকেণ্ডতে সন্মুখৰ দুৱাৰখন খুলি আমাক ভিতৰলৈ মাতিছে। দূৰৈত গীৰ্জাৰ ঘণ্টা বাজিছে, তেনেতে তেওঁ আমালৈ পানী আনিছে। আমি বহি লৈছো। লাহে লাহে কথোপকথন আৰম্ভ হৈছে।
আমি তেওঁৰ বাইকখনৰ কথাৰেই আৰম্ভ কৰিলো। সৰু গাওঁ এখনৰ তেওঁৰ বয়সৰ মহিলা এগৰাকীয়ে বাইক চলোৱা সচৰাচৰ দেখা নাযায়। “কিন্তু এইখন বৰ কামত আহে,” পঞ্চাশৰ দেওনা পাৰ কৰা তেওঁ হাঁহি কয়। বৰ কম বয়সতে তেওঁ চলোৱা শিকিছিল। “অষ্টম মানত পঢ়ি থাকোতে মোৰ ভাইটিয়ে মোক চলোৱা শিকাইছিল। চাইকেল চলাব জানিছিলোৱেই, সেয়ে ইমান টান লগা নাছিল।”
দুচকীয়াখন থকাই জীৱনটোৰ কষ্ট লাঘৱ হৈছে, তেওঁ কয়। “মোৰ স্বামী বহুদিন ধৰি বিদেশতে আছিল। প্লাম্বাৰ হিচাপে কাম কৰা মানুহটো প্ৰথমে ছিংগাপুৰ, তাৰপিছত ডুবাই আৰু কাটাৰত আছিল। মই ছোৱালীকেইজনীক ডাঙৰ-দীঘল কৰিছো, খেতিও চম্ভালিছো।” অকলে।
জে. আৰাইকালাচেলভি সৰুৰে পৰাই খেতিত ৰাপ থকা মানুহ। মজিয়াত তেওঁ লেপেটা কাঢ়ি বহি ভৰি কোঁচাই লৈছে, কঁকাল পোন কৰি হাতদুখন আঠুৰ ওপৰত ৰাখিছে। তেওঁৰ জন্ম শিৱাগাঞ্জাই জিলাৰ কালায়াৰকইলৰ এটা কৃষক পৰিয়ালত। মুদুকুলাথুৰ খণ্ডৰ পি. মুথুবিজয়াপুৰম নামে যিখন ক্ষুদ্ৰ গাঁৱত তেওঁ থাকে, তাৰ পৰা তেওঁৰ পুৰণি ঘৰলৈ ডেৰঘণ্টাৰ বাট। “মোৰ ভাইকেইটা শিৱাগাঞ্জাইত থাকে। তাত তেওঁলোকৰ কেবাটাও ব’ৰৱেল আছে। আৰু ইয়াত মই এঘণ্টাৰ জলসিঞ্চনৰ বাবে ৫০ টকা দিব লাগে।” ৰামানাথপুৰমত পানীৰ ব্যৱসায় বৰ ডাঙৰ ব্যৱসায়।




























