তেওঁ দোকানখনৰ মালিক নহয়, মালিকৰ বন্ধুহে। অকণমান কথা-বতৰাৰ পিছত তেওঁ নিজকে “মালিকৰ সম্পৰ্কীয়” বুলি পৰিচয় দাঙি ধৰিলে। তাৰে অলপ পিছত তেওঁ ক’লে যে তেওঁ “দোকানখনত কাম কৰা এগৰাকী সম্পৰ্কীয়”। কিজানি আমি প্ৰশ্ন কৰি গৈ থাকিল তেওঁ শেষত নিজকে মালিক হিচাপে ঘোষণা কৰিলেহেঁতেন।
ফটো উঠিবলৈ তেওঁ অমান্তি হ’ল। দোকানখনৰ ভিতৰত আমি ফটো নোতোলাটোৱে তেওঁ ভাল পালেহেঁতেন। অৱশ্যে বাহিৰৰ চাইনব’ৰ্ডখনৰ ফটো তোলাত তেওঁ বেয়া নাপালে।
বিলাতী সুৰাৰ দোকান বুলি ব’ৰ্ডখনত লিখা আছিল, প্ৰৱেশদ্বাৰৰ পৰা সামান্য দূৰত সেইখন ওলমি আছিল। অনুজ্ঞাপত্ৰঃ ৰমেশ প্ৰসাদ। এতিয়াৰ ছত্তীশগড়ৰ (তেতিয়া মধ্যপ্ৰদেশত আছিল) সুৰগুজা জিলাৰ কাঠগৰা চহৰৰ উপকণ্ঠ অঞ্চলত সেই দোকানখন আছিল। আমাৰ সৈতে কথোপকথনত ভাগ লোৱা ব্যক্তিজন নিশ্চয়কৈ ৰমেশ প্ৰসাদ নাছিল। এই বিলাতী সুৰাৰ দোকানখনৰ তেওঁ বোধকৰো ডাঙৰ গ্ৰাহক, আমি তেনেকৈয়ে ভাবিবলৈ আৰম্ভ কৰিছিলো।
বিলাতী সুৰা? এৰা নিশ্চয়কৈ নহয়। শেষবাৰ কেতিয়া মই আইএমএফএল শব্দটো শুনিছিলো মনত নাই। আইএমএফএল মানে হৈছে ইণ্ডিয়ান মেড ফৰেইন লিকাৰ। ১৯৯৪ত এই ফটোখন লোৱাৰ সময়ত আইএমএফএল বনাম দেশীয় সুৰাৰ এখন তীব্ৰ বিতৰ্ক চলি আছিল।
আইএমএফএলৰ কথা মই ল ইনচাইডাৰৰ ৱেবছাইটৰ পৰা জানিবলৈ পালো। আইএমএফএল হৈছে “বিদেশৰ পৰা আমদানি কৰা জিন, ব্ৰেণ্ডি, হুইস্কি বা ৰামৰ উপাদান আনি ভাৰততে সেইখিনিৰে সুৰা প্ৰস্তুত কৰা, উৎপাদন কৰা বা মিশ্ৰণ কৰা য’ত মিল্ক পাঞ্চ আৰু আন স্পিৰিটযুক্ত সুৰা অন্তৰ্ভূক্ত হৈ থাকিব পাৰে, কিন্তু বিয়েৰ, ৱাইন আৰু বিদেশী সুৰা নাথাকে।” মন কৰিব যে তাত “বিয়েৰ, ৱাইন আৰু বিদেশী সুৰা” অন্তৰ্ভূক্ত কৰা হোৱা নাই।
আইএমএফএলত আমদানি কৰা সুৰা আৰু এবিধ বাধ্যতামূলক ঘৰুৱা উপাদান (বোধকৰো লালি নাইবা স্থানীয় মিশ্ৰণ বা আমদানিকৃত উপাদানৰ বটলিং) দুয়োবিধ থাকে। আমি সঁচাকৈয়ে গম নাপাওঁ।



