গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
চাফাইকৰ্ম!
অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমৰ এইগৰাকী বৃদ্ধাই তেওঁৰ ঘৰৰ চৌপাশ চিকুণাই ৰাখে। সেয়া ঘৰৰ কাম - ‘মহিলাৰ কাম।’ কিন্তু ঘৰতে হওঁক বা ৰাজহুৱা স্থানতে হওঁক, চাফাইৰ কামৰ সৰহভাগ মহিলাই কৰিব লাগে। কিন্তু এই কাম কৰি তেওঁলোকে পাৰিশ্ৰামিকতকৈ অমানৱীয় আচৰণহে বেছি পায়। ৰাজস্থানৰ এই মহিলাগৰাকীৰ কথাই ধৰকচোন, তেওঁৰ অৱস্থা খুবেই শোচনীয়। তেওঁ এগৰাকী দলিত। মানুহৰ ঘৰে ঘৰে শৌচালয়ৰ শুকান মল চাফা কৰা এগৰাকী মেনুৱেল স্কেভেঞ্জাৰ (হাতেৰে মানুহৰ মল-মূত্ৰ চাফা কৰা কৰ্মী)। তেওঁ ৰাজস্থানৰ চিকৰ এলেকাৰ ২৫ ঘৰ মানুহৰ তাত এই কাম কৰে।
এই কাম কৰি তেওঁ প্ৰতিঘৰ মানুহৰ পৰা পাৰিশ্ৰামিক হিচাপে এখনকৈ ৰুটি পায়। কোনোবাই দয়া কৰি কেতিয়াবা মাহত কেইটকামান দিয়ে। সেয়া দহ টকা হ’ব পাৰে। তেওঁৰ চৰকাৰী পৰিচয় হৈছে ‘ভাংগি’ যদিও তেওঁ নিজকে মেটৰ বুলি পৰিচয় দিয়ে। এতিয়া এনে ভালেমান গোষ্ঠীৰ লোকে নিজকে ‘বাল্মিকী’ বুলি পৰিচয় দিবলৈ লৈছে।
মূৰত লৈ থকা খদাটোত তেওঁ মানুহৰ মল কঢ়িয়াইছে। ভদ্ৰ সমাজত ইয়াক বৰ্জ্য পদাৰ্থ, ‘নাইট চইল’ আদি নাম দিয়া আছে। তেওঁ দেশৰ আটাইতকৈ অসহায় আৰু নিপীড়িত লোক। কেৱল ৰাজস্থানৰ চিকৰতে তেওঁৰ দৰে শ শ মহিলা আছে।
ভাৰতত মেনুৱেল স্কেভেঞ্জাৰৰ সংখ্যা কিমান? আমি সঁচাকৈয়ে নাজানো। ১৯৭১ৰ লোকপিয়লত আনকি সেয়া জীৱিকা হিচাপেও অন্তৰ্ভূক্ত নাছিল। কেইখনমান ৰাজ্য চৰকাৰে ‘নাইট চইল’ চাফা কৰা কৰ্মী থকাৰ কথা নস্যাৎ কৰিছে। কিন্তু আঁসোৱাহপূৰ্ণ এই তথ্যৰ পৰাই জানিব পাৰি যে ভাৰতত প্ৰায় ১০ লাখ মেনুৱেল স্কেভেঞ্জাৰ আছে। আচল পৰিসংখ্যা ইয়াতকৈও বেছি হ’ব পাৰে। এই কৰ্মত নিয়োজিত বেছিভাগেই মহিলা।




