গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
হাটে-বজাৰে...
নিজতকৈ তিনিগুণ দীঘল বাঁহবোৰ মহিলাসকলেই ইয়ালৈ লৈ আহিছে। ঝাৰখণ্ডৰ গড্ডাৰ এই সাপ্তাহিক গাঁৱলীয়া বজাৰখনলৈ প্ৰতিগৰাকী মহিলাই এডাল বা ততোধিক বাঁহ লৈ আহিছে। কিছুমানে কান্ধত অথবা মূৰত বাঁহবোৰৰ ভাৰসাম্য ৰাখি ১২ কিলোমিটাৰ পৰ্য্যন্ত বাট বাই আহিছে। ইয়ালৈ অনাৰ আগতে তেওঁলোকে সেই বাঁহবোৰ হাবিৰ পৰা কাটি মোকলাই আনোতেও কেবাঘণ্টা সময় পৰিশ্ৰম কৰিছে।
এই সকলোখিনি কৰাৰ পিছত দিনটোৰ শেষত ২০ টকা উপাৰ্জন কৰিব পাৰিলে ভাগ্য ভাল বুলিয়ে ক’ব লাগিব। গড্ডাৰ বাদে আন বজাৰলৈ গ’লে হয়তো ইয়াতকৈও কম টকা পোৱা যাব। কিছুমান মহিলাই মূৰৰ ওপৰত হাবিৰ পৰা সংগ্ৰহ কৰা পাতৰ ওখ ওখ দম কঢ়িয়াই আনিছে। সেয়া তেওঁলোকে কেৱল সংগ্ৰহেই নহয়, পাতবোৰ একেলগে সীয়া কামো কৰিছে। তেওঁলোকে তাৰ পৰাই খাই পেলাই দিব পৰা বৰ বঢ়িয়া খোৱাপাত সী উলিয়াইছে। “চাহৰ দোকান, হোটেল আৰু কেণ্টিনবোৰে সেয়া এশ কৰি পাত সংগ্ৰহ কৰে। মহিলাসকলে হয়তো ১৫-২০ টকা পাব। পিছলৈ ৰেলৱে ষ্টেশ্যনত আপুনি এনে পাতত কিবা খালে এয়া ক’ৰপৰা কেনেকৈ আহিল সেয়া জানিব।”









