গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
বোকা, মা আৰু ‘মজুৰি’
অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰমত ভূমিহীন শ্ৰমিকৰ সৈতে বৈঠকখন পুৱা ৭ বজাৰ সামান্য পূৰ্বে নিৰ্ধাৰণ কৰা হৈছিল। উদ্দেশ্য আছিল তেওঁলোকৰ দৈনন্দিন কামবোৰ প্ৰত্যক্ষ কৰা। অৱশ্যে, আমি পলমকৈ উপস্থিত হৈছিলোঁ। সেই সময়লৈকে মহিলাসকলে প্ৰায় তিনি ঘণ্টা কাম কৰিছিল। এই মহিলাসকলৰ দৰে যিসকলে খেজুৰ গছৰ মাজে মাজে পথাৰলৈ আহি আছে। বা তেওঁলোকৰ সহকৰ্মী মহিলাসকল যি ইতিমধ্যেই তাত উপস্থিত হৈছে আৰু গাঁতত জমা হোৱা বোকাবোৰ আঁতৰ কৰিছে।
এই মহিলাসকলৰ অধিকাংশই ৰন্ধা-বঢ়া, বাচন-বৰ্তন আৰু কাপোৰ ধোৱা আৰু ঘৰুৱা আন কিছুমান কাম শেষ কৰি উঠিছিল। তেওঁলোকে সন্তানবোৰকো স্কুললৈ সাজু কৰিছিল। পৰিয়ালৰ সকলো সদস্যক খুওৱা শেষ হৈছিল। অৱশ্যেই মহিলাসকলে সকলোৰে শেষত খাইছিল। চৰকাৰৰ কৰ্ম সংস্থাপনৰ নিশ্চিতিৰ চাইটত এয়া স্পষ্ট যে মহিলাসকলক পুৰুষতকৈ কম বেতন দিয়া হয়।
এইটোও স্পষ্ট যে ইয়াত পুৰুষ আৰু মহিলা দুয়োৰে বাবে ন্যূনতম মজুৰি আইন উলংঘা কৰা হৈছে। কেৰালা আৰু পশ্চিমবংগৰ দৰে ৰাজ্যৰ বাহিৰে সমগ্ৰ দেশতে এনেকুৱা হৈ আহিছে। তথাপিও সকলো ঠাইতে মহিলা শ্ৰমিকসকলে পুৰুষৰ মাত্ৰ আধা বা দুই-তৃতীয়াংশ মজুৰি লাভ কৰে।







