গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
জীৱনটোলৈ বুলি পাতবোৰ যতনে তুলি
পুৱা চাৰে চাৰি বজাৰ আগতেই তেওঁ শোৱাপাটি এৰে। তাৰে এঘণ্টা পিছত তেওঁক দেখা যায় চত্তিশগড়ৰ সৰগুজা হাবিত তেন্দুপাত তুলি থকা অৱস্থাত। এইখিনি সময়ত সমগ্ৰ ৰাজ্যখনত তেওঁৰ দৰে হাজাৰ হাজাৰ মহিলাই এনেদৰে তেন্দু পাত তুলি থাকে। গোটেই পৰিয়ালটোৱে এটা টিম হৈ পাত তোলে, এই পাত বিড়ি বনাবলৈ ব্যৱহাৰ কৰা হয়।
দিন ভাল হ’লে তেওঁৰ ছজনীয়া পৰিয়ালটোৱে ৯০ টকা পৰ্যন্ত উপাৰ্জন কৰে। তেন্দুৰ বতৰ পৰিলে তেওঁলোকৰ প্ৰথম দুটা সপ্তাহত ভাল আয় হয়, কিন্তু তাৰে পিছৰ তিনি মাহত ইমান নহয়। সেয়ে তেওঁলোকে বতৰ থকালৈকে যিমান পাৰে সিমান পাত গোটায়। ছটা সপ্তাহ পাছত তেওঁলোকে জীয়াই থকাৰ নতুন এটা কৌশল আঁকোৱালি ল’ব লাগিব। এই অঞ্চলটোৰ প্ৰায় প্ৰতিটো পৰিয়ালেই কামৰ বাবে হাবিখনত সোমাইছে। আদিবাসী অৰ্থনীতিত তেন্দুপাতৰ গুৰুত্ব অপৰিসীম।






