গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
গৰু-গাই আহি পোৱালৈকে
বিহাৰত খৰিৰ ঠাইত গৰুৰ গোবৰৰ লাডু বনাই থকা মহিলাসকলে দেশৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। অৱশ্যে সেয়া জিডিপিত ধৰা নহয়। কোটি কোটি পৰিয়ালে যদি গৰুৰ গোবৰৰ সলনি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিবলৈ লয়, তেতিয়া কি যে এক বিপৰ্য্যয় নামি আহিব। ভাৰতে পেট্ৰ'লিয়াম আৰু পেট্ৰ'লিয়ামজাত পণ্য আমদানিত ভালেখিনি বৈদেশিক মূদ্ৰা ব্যয় কৰে। ১৯৯৯-২০০০ত সেই পৰিমাণ আছিল ৪৭,৪২১ কোটি।
খাদ্য, খোৱা তেল, ঔষধ আৰু আনুষংগিক পণ্য, ৰাসায়নিক দ্ৰব্য, লো আৰু তীখা আমদানি কৰাৰ নামত ভাৰতৰ যিমান পৰিমাণে বৈদেশিক মুদ্ৰা ব্যয় হয়, পেট্ৰোল আৰু পেট্ৰ'লিয়ামজাতীয় পণ্যৰ নামত তাতকৈ তিনিগুণ বেছি ব্যয় হয়। ভাৰতৰ মুঠ আমদানিৰ ব্যয়ৰ এক চতুৰ্থাংশ পেট্ৰ'লিয়াম আৰু পেট্ৰ'লিয়ামজাত পণ্যৰ নামত হয়।
সাৰ আমদানি কৰোঁতে যি ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ খৰছ হয়, তাৰ তুলনাত প্ৰায় আঠগুণ বেছি ব্যয় হয় পেট্ৰ'লিয়াম আৰু পেট্ৰ'লিয়ামজাত পণ্য আমদানিত। লাখ লাখ মানুহে শস্য উৎপাদন কৰিবলৈ জৈৱসাৰ হিচাপে গোবৰ ব্যৱহাৰ কৰে। ফলত সাৰৰ নামত খৰছ হোৱা এটা বৃহৎ অংশ বাচি যায়। কীটনাশক আৰু পতংগৰোধক হিচাপেও গোবৰ ব্যৱহাৰ কৰা হয়। তাৰ উপৰিও গোবৰৰ অনান্য ব্যৱহাৰো আছে। গোবৰ সংগ্ৰহ কৰা কামটোও ‘মহিলাৰ কাম’ বুলি গণ্য কৰা হয়। কিন্তু এই কাম কৰিয়েই গ্ৰামীণ ভাৰতৰ মহিলাই প্ৰতি বছৰে কত বিলিয়ন ডলাৰ ৰাহি কৰে। কিন্তু ষ্টক একচেঞ্জত গৰুৰ গোবৰৰ পঞ্জীয়ন নথকা কাৰণে আৰু সম্ভৱতঃ এই গোবৰ সংগ্ৰহ কৰা মহিলাসকলৰ জীৱনৰ প্ৰতি আমি উদাসীন হোৱা হেতুকে মূলধাৰাৰ অৰ্থনীতিবিদৰ মনলৈ তেওঁলোকৰ কথা নাহে। তেওঁলোকে শ্ৰমৰ এই ধাৰাক সন্মান জনোৱাটো দূৰৰ কথা, তেওঁলোকে সেয়া দেখাই নাপায়।




