গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
ইটা, কয়লা আৰু পাথৰ
উদং ভৰি, মূৰত তপত ইটাৰ বোজা কঢ়িয়াই তেওঁলোক শাৰী পাতি আগবাঢ়ে। তেওঁলোক হ’ল অন্ধ্ৰ প্ৰদেশৰ এটা ইটাভাতীত কাম কৰি থকা ওড়িশাৰ শ্ৰমিক। বাহিৰত তাপমান বৰ্তমান ৪৯ ডিগ্ৰী চেলছিয়াছ। কিন্তু মহিলাসকলে অধিক সময় কাম কৰা ভাটিটোৰ পাগশালৰ চৌপাশৰ উষ্ণতা তাতোকৈ বহুবেছি।
গোটেই দিনটো কাম কৰাৰ পিছত, প্ৰতিগৰাকী মহিলাই ১০-১২ টকাৰ মজুৰি লাভ কৰে, যি পুৰুষে লাভ কৰা প্ৰতিদিনৰ মজুৰিতকৈও ১৫-২০ টকা কম। ঠিকাদাৰসকলে 'আগতীয়াকৈ' পৰিশোধ কৰি এনে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ গোটেই পৰিয়ালটো ইয়ালৈ লৈ আনে। এনে ঋণৰ বাবে, এই প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ঠিকাদাৰৰ সৈতে বান্ধ খাই থাকে আৰু প্ৰায়ে তেওঁলোক বন্ধক শ্ৰমিক হৈ পৰে। ইয়ালৈ অহা লোকসকলৰ নব্বৈ শতাংশই ভূমিহীন বা উপান্ত কৃষক।







