গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
আকৌ ঘৰ ঘৰ...
তেওঁ ৰন্ধা-বঢ়া কৰি উঠিছে মাত্ৰ। জীৱিকাৰ বাবে তালৰ ৰসৰ গুড় প্ৰস্তুত কৰা এইগৰাকী তামিলনাডুৰ মহিলা। সেই গুড়েই তেওঁ প্ৰকাণ্ড থালিটোত উতলাইছে। অলপ কিবা ভুল হ’লেই তেওঁৰ পৰিয়ালটোৱে আগন্তুক কেবাটাও দিনৰ আয় হেৰুৱাব।
এই কামটোত তেওঁৰ কিছু সময় লাগিব। একেখিনি সময় ৰন্ধা-বঢ়াতো লাগিব। এনেদৰেই দিনটোত ইটোৰ পিছত সিটো কামত লাগি থাকি তেওঁ ভালেকেইঘণ্টা সময় ধোঁৱা আৰু বিষাক্ত গেছৰ মাজত কটাবলগীয়া হয়। মহিলা হিচাপে আকৌ আন এশ-এবুৰি কাম আছেই। খুব কম বয়সৰ পৰাই এইবোৰ কামত তেওঁলোকৰ ওপৰত জাপি দিয়া কাৰণে তেওঁৰ দৰে কোটি কোটি মহিলাই কম বয়সতে স্কুল এৰে।









