গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল । ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে । বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে ।
আকৌ ঘৰ ঘৰ...
তেওঁ ৰন্ধা-বঢ়া কৰি উঠিছে মাত্ৰ। জীৱিকাৰ বাবে তালৰ ৰসৰ গুড় প্ৰস্তুত কৰা এইগৰাকী তামিলনাডুৰ মহিলা। সেই গুড়েই তেওঁ প্ৰকাণ্ড থালিটোত উতলাইছে। অলপ কিবা ভুল হ’লেই তেওঁৰ পৰিয়ালটোৱে আগন্তুক কেবাটাও দিনৰ আয় হেৰুৱাব।
এই কামটোত তেওঁৰ কিছু সময় লাগিব। একেখিনি সময় ৰন্ধা-বঢ়াতো লাগিব। এনেদৰেই দিনটোত ইটোৰ পিছত সিটো কামত লাগি থাকি তেওঁ ভালেকেইঘণ্টা সময় ধোঁৱা আৰু বিষাক্ত গেছৰ মাজত কটাবলগীয়া হয়। মহিলা হিচাপে আকৌ আন এশ-এবুৰি কাম আছেই। খুব কম বয়সৰ পৰাই এইবোৰ কামত তেওঁলোকৰ ওপৰত জাপি দিয়া কাৰণে তেওঁৰ দৰে কোটি কোটি মহিলাই কম বয়সতে স্কুল এৰে।
ঘৰুৱা কাম-বন বুলিবলৈ বহুত। মূৰত পাচি লৈ গৈ থকা অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰমৰ কম বয়সীয়া মহিলাসকলে (মাজৰখন ফটো) এতিয়াও ৰান্ধিবলৈ বাকী আছে। ৰন্ধা-বঢ়া আৰু আন কামৰ বাবে তেওঁ বাহিৰত কেবাঘণ্টা ঘূৰি-পকি খৰিবোৰ লুৰুকি আনিছে। একেখন গাঁৱৰে তেওঁৰ চুবুৰীয়াই তেওঁৰ ঘৰতকৈ সামান্য মুকলি স্থানত ইতিমধ্যে ৰান্ধিবলৈ আৰম্ভ কৰিছে।
চুবুৰীয়াগৰাকী তুলনামুলকভাৱে ভাগ্যৱান। বহুতেই বৰ সৰু আৰু খিৰিকী নথকা চাৰিওফালৰ পৰা বন্ধ ঘৰত ভাত ৰান্ধিবলগীয়া হয়। খৰি-খেৰৰ পৰা ওলোৱা ডাঠ ধোঁৱা তেওঁলোকে উশাহত লৈ থাকে, সেয়া প্ৰদূষিত কাৰখানাত কাম কাৰ ঔদ্যোগিক শ্ৰমিকে খোৱা ধোঁৱাতকৈও বিপজ্জনক।
উত্তৰ প্ৰদেশৰ গাজীপুৰৰ মহিলাসকলে (ওপৰৰ ফটোত) কৰা নানানটা কামৰ মাজৰ এই শস্য গুড়ি কৰা কামটোত কিমান শক্তি আৰু কঠোৰ শ্ৰমৰ প্ৰয়োজন হয়, সেয়া প্ৰথম দেখি অনুমান কৰিব নোৱাৰি। খাদ্য ৰন্ধা আৰু আন হাজাৰটা কাম-বনৰ মাজৰ এয়া এটা কাম। খাদ্য প্ৰক্ৰিয়াকৰণ কৰা কামটো কেৱল মহিলাৰে কাম। এই সকলোবোৰ কাম-বন আৰু তাৰপাছত ল’ৰা-ছোৱালীকেইটাক খুউৱা-ধুউৱাৰ উপৰিও গৰু-ম’হকো তেওঁলোকে দানা দিব লাগিব।
কাপোৰ ধোৱা, শস্য খুন্দা, পাচলি কটা, বাচন-বৰ্তন ধোৱা আৰু পৰিয়ালৰ সদস্যক তেওঁলোকৰ সময়মতে ভাত বাঢ়ি দিয়া আদি বিভিন্ন কাম তেওঁলোকৰ থাকে। ঘৰৰ কাৰোবাৰ অসুখ হ’লে চোৱাৰ দায়িত্বও তেওঁলোকৰ। এই কামবোৰ ‘মহিলাৰ কাম’ হিচাপে বিবেচনা কৰা হয়, যাৰ বাবদ তেওঁলোকে কোনো মাননি নাপায়। এইক্ষেত্ৰত চহৰাঞ্চলৰ মহিলাও ব্যতিক্ৰম নহয়। কিন্তু পানী আৰু খৰিৰ কাৰণে বহুদূৰ তেওঁলোকে যাবলগীয়া হয়, তাৰোপৰি পথাৰৰ কামবোৰ গ্ৰামীণ মহিলাৰ বাবে উপৰিঞ্চি বোজা হৈ পৰে।
ঝাৰখণ্ডৰ পালামৌ অঞ্চলৰ জনৈক মহিলাই ৰান্ধিবলৈ গেট্টি কন্দ সাজু কৰিছে। খৰাং বতৰত এই কন্দ সংগ্ৰহ কৰা কঠিন কাম। কন্দ বিচাৰোতে তেওঁলোকৰ প্ৰায়ে পুৱাবেলাটো যায়। ইতিমধ্যে ভালেখিনি সময় পানী কঢ়িয়াই আনোতে গৈছে, কিন্তু আকৌ এবাৰ যাবলগীয়া হ’ব পাৰে। এইবোৰ কাম কৰোঁতে তেওঁলোকে গাওঁখনৰ গাতে লাগি থকা বালুমথৰ হাবিৰ মাজেৰে পাৰ হ’বলগীয়া হয়, তাতে বাঘ-ঘোঙৰ যে মুখামুখি হ’ব নালাগিব, তাৰ মানেই নাই।
সকলোৰে খাই শেষ হোৱাৰ পিছত মহিলাই খায় আৰু ভাগত সদায়ে কমকৈ পৰে। সেয়ে ইমান কষ্টকৰ কামৰ মাজত জীৱন অতিবাহিত কৰা মহিলাসকলৰ স্বাস্থ্য ভাগি পৰে।
অনুবাদ: পংকজ দাস