"দুই যোগ দুই – কিমান? প্ৰতীক, তোমাৰ মনত আছেনে যোগ কেনেদৰে কৰে?"
প্ৰতীক ৰাউটৰ শিক্ষক মোহন তালেকাৰে শ্লেট এখনত লিখা সংখ্যাবোৰ দেখুৱাই ১৪ বছৰীয়া কিশোৰজনক সোধে যে সি সেই সংখ্যাবোৰ চিনি পাইছে নে নাই? পিছত বহাজনে একেথৰে ফলিখনলৈ চাই থাকে; তাৰ মুখত সেই সংখ্যাবোৰ চিনি পোৱাৰ কোনো ভাৱ-লেশ নাই।
এয়া ২০২২ চনৰ ১৫ জুন, আৰু আমি মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাৰ কৰমালা তালুকৰ প্ৰতীকৰ বিদ্যালয়, জ্ঞানপ্ৰবোধন মতিমন্দ নিৱাসী বিদ্যালয়ত উপস্থিত আছোঁ, বিদ্যালয়খনলৈ কিশোৰজনে দুবছৰৰ ব্যৱধানৰ পিছত উভতি আহিছে। সুদীৰ্ঘ দুটা বছৰ।
"প্ৰতীকে সংখ্যাবোৰ মনত পেলাব পৰা নাই। মহামাৰীৰ পূৰ্বে সি যোগ অংক কৰিব পাৰিছিল আৰু মাৰাঠী আৰু ইংৰাজী বৰ্ণমালাখন লিখিব পাৰিছিল," তাৰ শিক্ষকে এইদৰে কয়। "আমি এতিয়া আৰম্ভণিৰ পৰাই তাক সকলো শিকাব লাগিব।"
২০২০ চনৰ অক্টোবৰ মাহত, যেতিয়া এই প্ৰতিবেদকজনে আহমদনগৰ জিলাৰ ৰাশিন গাঁওনিবাসী প্ৰতীকক সাক্ষাৎ কৰিছিল, তেতিয়াৰ ১৪ বছৰীয়া প্ৰতীকে বৰ্ণমালাৰ কেইটামান আখৰ লিখিবলৈ সক্ষম হৈছিল। অৱশ্যে ২০২০ চনৰ ডিচেম্বৰ মাহলৈ তেওঁ লিখা বন্ধ কৰি দিছিল।
প্ৰতীকে ২০১৮ চনত বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছিল। পৰৱৰ্তী দুবছৰত, ধাৰাবাহিক অনুশীলনৰ সৈতে সি সংখ্যা আৰু শব্দ পঢ়িবলৈ লিখিবলৈ শিকিছিল। ২০২০ চনৰ মাৰ্চ মাহলৈ তাৰ পঢ়া-শুনা কিছু উন্নত হোৱাৰ সময়তে ক’ভিড-১৯ মহামাৰীয়ে দেখা দিছিল ৷ প্ৰতীক আছিল ২৫ জন বৌদ্ধিকভাৱে অক্ষম শিক্ষাৰ্থীৰ ভিতৰত এজন- আটাইকেইজনৰ বয়স আছিল ৬ ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰত। সিহঁতৰ আৱাসিক বিদ্যালয় দুবছৰৰ বাবে বন্ধ থকাৰ বাবে প্ৰত্যেককে ঘৰলৈ ঘূৰাই পঠিওৱা হৈছিল।












